সমগ্ৰ বিশ্বজুৰি আজিৰ এই বিশেষ দিনটো বিশ্ব পৰিবেশ দিৱস ৰূপে পালন কৰি আহিছে ৷
এই দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰৰ পৰা গোলাঘাট জিলাৰ মুৰফুলনী খণ্ড বন কাৰ্য্যালয়ৰ এলেকাত বন বিভাগে বিজুলী আৰু নামবৰ বনাঞ্চলৰ এক বৃহৎ এলেকাৰ ভূমিত গছপুলি ৰোপণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
বনাঞ্চলিক বিষয়া পুষ্পধৰ বৰগোহাঁইৰ তদাৰকত আৰম্ভ কৰা এই কাৰ্য্যসূচীত অন্যান্য বনকৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷
এই বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পৰিবেশ বিষয়ক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷
গোলাঘাটৰ বনাঞ্চলিক বিষয়া পুষ্পধৰ বৰগোহাঁই আৰু সাংবাদিক প্ৰকাশ শৰ্মাই উক্ত কাৰ্যসূচীত চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী সকলক বঁটা প্ৰদান কৰে।