• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃণমূলৰ শান্তনু সেনক দলীয় পদৰ পৰা অপসাৰণ ! কলকাতাৰ চিকিৎসালয়ৰ বিৰুদ্ধে মাত মতাৰ বাবে এই ব্যৱ্স্থা মমতা বেনাৰ্জীৰ

নৰ্থ ইষ্ট নাও,গুৱাহাটী by নৰ্থ ইষ্ট নাও,গুৱাহাটী
August 16, 2024 9:37 am
176
VIEWS
Share on FacebookShare on Twitter

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ অধ্যক্ষ আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিষয়ক সমালোচনা কৰা বাবে তৃণমূল কংগ্ৰেছৰ নেতা শান্তনু সেনক দলৰ মুখপাত্ৰৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে।

অপসাৰণ কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সেনে প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ ধৰ্ষণ-হত্যাৰ গোচৰৰ লগতে বৃহস্পতিবাৰে চিকিৎসালয়খনত সংঘটিত হোৱা কাণ্ডৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী পুনৰবাৰ উল্লেখ কৰে।

যোৱা ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত এগৰাকী ৩১ বছৰীয়া মহিলা কণিষ্ঠ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। ইয়াক লৈ প্ৰতিবাদৰ মাজতে ১৪ আৰু ১৫ আগষ্টৰ মাজৰ নিশাই চিকিৎসালয়খন ভাঙি লণ্ডভণ্ড কৰে।

পেছাত এগৰাকী প্ৰাক্তন সাংসদ তথা চিকিৎসক শান্তনু সেনে উল্লেখ কৰিছিল যে বিগত তিনি বছৰ ধৰি আৰ জি কাৰ মেডিকেল কলেজৰ অধ্যক্ষক লৈ অভিযোগ উত্থাপন হৈছিল। তেওঁ মন্তব্য কৰিছিল যে “স্বাস্থ্য বিভাগত কি হৈ আছে সেই বিষয়ে কিছুমান মানুহে মুখ্যমন্ত্ৰীক সঠিক খবৰ নিদিয়ে”।

শুকুৰবাৰে ভিডিঅ’ বাৰ্তাযোগে সেনে কয় যে তেওঁ সংবাদ মাধ্যমৰ বাতৰিৰ পৰা জানিব পাৰিছিল যে তেওঁক টিএমচিৰ মুখপাত্ৰৰ পদৰ পৰা অপসাৰণ কৰা হৈছে।

তেওঁ আৰু কয় যে, “যেতিয়া আন দলৰ নেতাই আমাৰ দলত যোগদান কৰে বা আন দলৰ বিজয়ী প্ৰাৰ্থীয়ে আমাৰ লগত যোগদান কৰে আৰু সন্মান দিয়া হয়, তেতিয়া বেয়া লাগে, আনহাতে দলৰ এজন নিষ্ঠাৱান আৰু প্ৰকৃত সৈনিকে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়”।

ইফালে, বুধবাৰে আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা উদ্ভণ্ডালি যোৱাৰ পাছত চিকিৎসক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী, ৰাজনৈতিক দলৰ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে, যেতিয়া একাংশই চিকিৎসা মহাবিদ্যালয়খনত আক্ৰমণ চলাই সম্পত্তি আৰু যন্ত্ৰপাতি ধ্বংস কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd