ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে ভাৰতৰ সৈতে সমন্বিতভাৱে কাম কৰি যাবলৈ বাংলাদেশ চৰকাৰক আহ্বান জনাইছে। এইদৰে দুয়োদেশেই লাভান্বিত তথা শক্তিশালী হ’ব বুলি মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে আশা প্ৰকাশ কৰে।
১৬ ডিচেম্বৰ দেওবাৰে ১৯৭১ৰ বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰ চহিদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে আগৰতলাত অনুষ্ঠিত ‘বিজয় দিৱস’ উপলক্ষে অনুষ্ঠিত মাল্যাৰ্পণ অনুষ্ঠানত উপস্থিত থাকি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এইদৰে চুবুৰীয়া ৰাষ্ট্ৰখনলৈ আহ্বান জনায়।
নিজৰ ভাষণত বিপ্লব কুমাৰ দেবে আৰু কয় যে বাংলাদেশৰ সৈতে ত্ৰিপুৰাৰ সুদীৰ্ঘ সময়ৰ পৰা এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সময়চোৱাত ত্ৰিপুৰাই এটা অতি নিৰ্ণায়ক ভূমিকা পালন কৰিছিল বুলিও তেওঁ প্ৰকাশ কৰে।
‘‘ত্ৰিপুৰাৰ জনসাধাৰণে সৰ্বান্তঃকৰণেৰে যুদ্ধলৈ সমৰ্থন জনাইছিল। বালাংদেশৰ নিকটতম বন্ধু। মই আশা কৰোঁ যে এই ঐতিহাসিক সম্পৰ্কই দুয়োদেশকেই ভৱিষ্যতে শক্তিশালী কৰিব।’’ বিপ্লব কুমাৰ দেবে কয়।
ত্ৰিপুৰাত নিয়োজিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত কিৰীতি চাকমাই কৈছে যে তেওঁৰ কাৰ্যালয়ত পালিত হোৱা বিজয় দিবস উপলক্ষে বাংলাদেশৰ স্বাধীনতাৰ ওপৰত এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰা হয়।





