যোৱা ২৩ এ্প্ৰিলত ক’ৰ’না ভাইৰাছৰ পৰা মুক্ত বুলি ঘোষণা হোৱা ত্রিপুৰাত পুনৰ নতুনকৈ দুজন লোক কভিড-১৯ত আক্ৰান্ত হৈছে।
আজি ৰাজ্যখনৰ ধলাই জিলাৰ আমবাসাত থকা বি এছ এফ য়ুনিটৰ দুজন জোৱানৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰে।
ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লব দেবে টুইটাৰ যোগে এই কথা সদৰী কৰে।
Alert!
In Tripura two persons from Ambassa #BSF unit found #COVID19 positive.
Total #COVID19 positive cases in Tripura stands at 4. (Two already discharged, so active hospital cases : 2)
Update at 02:30 pm / 2nd May#TripuraCOVID19Count
— Biplab Kumar Deb (@BjpBiplab) May 2, 2020
আজিৰ এই দুটা কেছৰ সৈতে ত্ৰিপুৰাত এতিয়ালৈকে মুঠ ৪টা কভিড-১৯ পজিটিভ কেছ পোৱা গৈছে। অৱশ্যে পূৰ্বৰ দুজন ব্যক্তি ইতিমধ্যে সুস্থ হৈ উঠাত বৰ্তমান ৰাজ্যখনত দুটা এক্টিভ কেছ আছে।
৬ এপ্ৰিলত ত্ৰিপুৰাত প্ৰথম গৰাকী আৰু ১০ এপ্ৰিলত দ্বিতীয় গৰাকী ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছিল।