• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তৃষা শর্মাৰ মৃত্যুৰ নতুন মোৰ, দিল্লী এইমচত আকৌ হ’ব মৰণোত্তৰ পৰীক্ষা : হাইকৰ্টৰ ডাঙৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 4:19 pm
151
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মডেল তথা অভিনেত্ৰী তৃষা শর্মাৰ ৰহস্যজনক মৃত্যুৰ গোচৰত এইবাৰ এক ডাঙৰ নিৰ্দেশ দিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। আদালতৰ শেহতীয়া ৰায় অনুসৰি, তৃষাৰ মৃতদেহৰ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। এই গুৰুত্বপূৰ্ণ অটোপসি প্ৰক্ৰিয়াটো সম্পন্ন কৰিব দিল্লী এইমচৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা এই মৃত্যু ৰহস্যই এতিয়া এক নতুন মোৰ লৈছে।

তৃষাৰ পৰিয়ালৰ লোকসকলে অভিযোগ উত্থাপন কৰিছিল যে প্ৰথমবাৰ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত বহুতো অমিল আৰু অসংগতি আছিল। প্ৰথম প্ৰতিবেদনৰ ওপৰত সন্তুষ্ট হ’ব নোৱাৰি ন্যায় বিচাৰি তেওঁলোকে পুনৰ অটোপসি কৰাৰ দাবীৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশ্যে ইয়াৰ পূৰ্বে এখন নিম্ন আদালতে পৰিয়ালটোৰ এই আৱেদন খাৰিজ কৰি দিছিল। আনকি মৃতদেহটো পচিবলৈ আৰম্ভ কৰাৰ ইংগিত পোৱাৰ পিছতো পৰিয়ালৰ লোকসকল নিজৰ দাবীত অটল আছিল আৰু অৱশেষত হাইকৰ্টে তেওঁলোকৰ এই দাবীত সন্মতি জনায়।

Apply Now

আদালতৰ এই শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাও উপস্থিত আছিল। তেওঁ আদালতক জনায় যে দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ অৰ্থ এইটো নহয় যে প্ৰথমটো প্ৰতিবেদন বা পূৰ্বৰ চিকিৎসকসকলৰ দক্ষতাৰ ওপৰত কিবা প্ৰশ্ন উত্থাপন কৰা হৈছে। বৰঞ্চ এই নতুন তদন্তই গোচৰটোৰ সৈতে জড়িত সকলো পক্ষৰ মাজতে বিশ্বাস আৰু আস্থা বৃদ্ধি কৰিব। আনহাতে তৃষাৰ অধিবক্তাসকলে দাবী কৰিছে যে প্ৰথম পোষ্টমৰ্টেম ৰিপৰ্টত বহুতো গুৰুত্বপূৰ্ণ তথ্য এৰা পৰি গৈছিল। বিশেষকৈ তৃষাৰ শৰীৰত থকা আঘাতৰ চিনবোৰৰ কোনো বিতং বৰ্ণনা সেই প্ৰতিবেদনত নাছিল। ইয়াৰ উপৰিও আৰক্ষীৰ ডায়েৰীত উল্লেখ থকা তৃষাৰ উচ্চতা আৰু ময়নাতদন্তৰ প্ৰতিবেদনৰ উচ্চতাৰ মাজতো যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, যিডাল ৰছী বা বস্তুৰে ডিঙিত ফাঁচ লাগি তৃষাৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল, সেই বস্তুটো প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ                                                                                                                                                                                                                                            সময়ত পৰীক্ষাৰ বাবেই পঠোৱা হোৱা নাছিল।

এই সমগ্ৰ ঘটনাৰ মাজতে আন এক ডাঙৰ কাণ্ড সংঘটিত হৈছে। গোচৰটোৰ মূল অভিযুক্ত তথা তৃষাৰ স্বামী সমৰ্থ সিংহই উচ্চ ন্যায়ালয়ৰ পৰা নিজৰ জামিনৰ আৱেদন প্ৰত্যাহাৰ কৰি লৈছে। তেওঁ আদালতক জনাইছে যে তেওঁ পলাই থকাৰ পৰিৱৰ্তে ট্ৰায়েল কৰ্টত সশৰীৰে আত্মসমৰ্পণ কৰিব আৰু তাৰ পৰাই জামিনৰ বাবে চেষ্টা কৰিব। উল্লেখ্য যে তৃষাৰ মৃত্যুৰ পিছৰে পৰা সমৰ্থ পলাতক আছিল আৰু আৰক্ষীয়ে তেওঁক বিচাৰি তীব্ৰ তালাচী চলাই আছিল।

মাত্ৰ পাঁচ মাহৰ বৈবাহিক জীৱনৰ পিছতে তৃষা শৰ্মাৰ এই কৰুণ অন্ত পৰে। যোৱা ১২ মে’ত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ডিচেম্বৰ মাহত তেওঁ বৃত্তিত অধিবক্তা সমৰ্থ সিংহৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০২৪ চনত এটা ডেটিং এপৰ জৰিয়তে দুয়োৰে মাজত চিনাকি হৈছিল আৰু পৰৱৰ্তী সময়ত সেয়া বিয়াহলৈ ৰূপান্তৰিত হৈছিল। কিন্তু তৃষাৰ পিতৃ-মাতৃৰ অভিযোগ যে বিয়াৰ পিছৰে পৰা তেওঁলোকৰ ছোৱালীজনীৰ ওপৰত চৰম শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছিল। আনকি স্বামী আৰু শহুৰেকৰ ঘৰৰ মানুহে যৌতুকৰ বাবেও তেওঁক অনবৰতে হেঁচা দি আহিছিল।

তৃষাই তেওঁৰ মাকৰ সৈতে কৰা হোৱাটছএপ চেটিঙৰ পৰাও এই গোটেই নিৰ্যাতনৰ কথা পোহৰলৈ আহিছে। মেচেজবোৰত তেওঁৰ মানসিক যন্ত্ৰণাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে, য’ত তেওঁ নিজকে এটা ফান্দত আৱদ্ধ হৈ পৰা বুলি উল্লেখ কৰিছিল। পৰিয়ালে জনোৱা মতে, এই বিয়াখনক লৈ তৃষা অলপো সুখী নাছিল আৰু তেওঁ ক্ৰমাগতভাৱে মানসিক নিৰ্যাতনৰ বলি হৈ আহিছিল। এতিয়া উচ্চ ন্যায়ালয়ৰ এই দ্বিতীয় ময়নাতদন্তৰ নিৰ্দেশৰ পিছত সকলোৰে চকু দিল্লী এইমচৰ প্ৰতিবেদনৰ ওপৰত থাকিব। এই নতুন প্ৰতিবেদনেহে অনাগত দিনত স্পষ্ট কৰিব যে তৃষাৰ মৃত্যু সঁচাকৈয়ে এক আত্মহত্যা আছিল নে ইয়াৰ আঁৰত কোনো গভীৰ ষড়যন্ত্ৰ আৰু অন্য কোনো সত্য লুকাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd