• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰৰ পৰা আগৰতলালৈ পশুখাদ্য কঢ়িয়াই অনা ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অপহৰণ: এজনক গ্ৰেপ্তাৰ

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
October 8, 2021 1:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও আৰক্ষীয়ে ধুবুৰী জিলাৰ চাপৰৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পশুখাদ্যসহ হাইজেক হোৱা ট্ৰাক এখন যোৱা নিশা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা আগৰতলা অভিমুখী হাইজেক হোৱা ট্ৰাকখনত প্ৰায় ১৩ লাখ টকাৰ ব্ৰইলাৰ মূৰ্গীৰ খাদ্য আছিল৷

Apply Now

আৰক্ষীয়ে ট্ৰাক হাইজেক কাণ্ডৰ সৈতে জড়িত এজন ব্যক্তিকো কৰায়ত্ত কৰিছে ৷ ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালে জানিবলৈ দিয়া মতে বিহাৰৰ হাজিপুৰ বৈশালীৰ পৰা গুৱাহাটী হৈ আগৰতলালৈ বুলি এন এল ০১ এল ৫৪৮২ নম্বৰৰ ট্ৰাকখনে ব্ৰইলাৰ মূৰ্গীৰ খাদ্য কঢ়িয়াই লৈ আহি থকা অৱস্থাত অসমত প্ৰৱেশ কৰাৰ পিছত দুৰ্বৃত্তই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাইজেক কৰে ৷

ইপিনে পশুখাদ্যসহ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ট্ৰাক এখন হাইজেক কৰা বুলি বঙাইগাঁও আৰক্ষীয়ে খবৰ লাভ কৰে ৷ লগতে পশুখাদ্যসহ হাইজেক কৰা ট্ৰাকখন পিচত দুৰ্বৃত্তই আন পথেৰে নিব বুলি গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে আৰু ঠাইয়ে ঠাইয়ে আৰক্ষীৰ লোকক মোতায়েন কৰে ৷

একেদৰে ট্ৰাকখন উদ্ধাৰৰ বাবে লাগি পৰে বঙাইগাওঁ আৰক্ষী ৷ পিচত পশুখাদ্যসহ দুৰ্বৃত্তই হাইজেক কৰা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ট্ৰাকখনৰ সৈতে এজন ব্যক্তিকো কৰায়ত্ত কৰে ৷

আৰক্ষীয়ে কৰায়ত্ত কৰা লোকজন ৰাচেন্দ্ৰ পাল ৷

ব্যক্তিজনৰ ঘৰ শ্বিলঙত যদিও অস্থায়ীভাৱে গুৱাহাটীত থাকে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে সোধ – পোছ অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে ৷ আনহাতে বঙাইগাঁও আৰক্ষীয়ে হাইজেক হোৱা ট্ৰাকখন উদ্ধাৰ কৰাৰ পিচত সকলো জিলাৰ আৰক্ষী থানাসমূহলৈ বাৰ্তা প্ৰেৰণ কৰে ৷

এই বাৰ্তা প্ৰেৰণৰ পিচত বঙাইগাঁও আৰক্ষীয়ে জানিব পাৰে যে ধুবুৰী জিলাৰ চাপৰ থানা তথা শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত এক অঞ্চলত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজনক মাৰধৰ কৰি সংজ্ঞানহীন কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গৈছিল ৷

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তাত এক গোচৰ পঞ্জীয়ন হৈছে ৷ সেই গোচৰ অনুসৰি বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰা পশুখাদ্যসহ ট্ৰাকখনৰ সম্পৰ্ক আছে ৷

শালকোচাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্বাৰ হোৱা চালক আৰু হেণ্ডিমেনজন এই ট্ৰাকখনৰ আছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে এই ট্ৰাক হাইজেক কাণ্ডৰ সৈতে এটা দল জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰি দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি কয় ৷ ট্ৰাকখন হাইজেকাৰে ধুবুৰী জিলাৰ চাপৰৰ ওচৰৰ পৰা হাইজেক কৰি আন পথেৰে লৈ আহিছিল ৷

উল্লেখ্য যে আৰক্ষীয়ে উদ্ধাৰ কৰা নথিত ব্ৰইলাৰ মূৰ্গীৰ খাদ্যখিনি বিহাৰৰ হাজিপুৰ বৈশালীৰ হাইটেক নিউট্ৰেচন প্ৰাইভেট লিমিটেডৰ পৰা ত্ৰিপুৰা আগৰতলাৰ বনমালিপুৰৰ চৌধুৰী ফিড এণ্ড চিকচ এজেন্সি  লৈ বুলি অনা হৈছিল ৷

কিন্তু আদবাটতে দুৰ্বৃত্তই পশুখাদ্যসহ ট্ৰাকখন হাইজেক কৰে ৷ ট্ৰাকখনত ৫০০ বস্তা ব্ৰইলাৰ মূৰ্গীৰ খাদ্য আছিল আৰু ইয়াৰ মূল্য ১২,৭৮,৫০০ টকা বুলি উল্লেখ কৰা আছে ৷

আনহাতে সামগ্ৰীৰ কঢ়িয়াই নিয়াৰ বাবে ট্ৰাকৰ ভাড়া হিচাপে ১,৩২,৫০০ টকা উল্লেখ আছে যদিও ইয়াৰে ৮০,০০০ টকা ইতিমধ্যে দিছে ৷ বাকী আছে ৫২,৫০০ টকা ৷

বঙাইগাঁও আৰক্ষীয়ে হাইজেক হোৱা ট্ৰাকখনৰ সৈতে কৰায়ত্ত কৰা ব্যক্তিজনক বঙাইগাঁও থানাত জেৰা অব্যাহত ৰাখিছে ৷
লগতে ট্ৰাকৰ গৰাকীৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰিছে ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd