• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘তৃতীয় বিশ্বৰ অনুপ্ৰৱেশকাৰীক আৰু আমেৰিকাত প্ৰৱেশ কৰিব নিদিও’, কঠোৰ ড’নাল্ড ট্ৰাম্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2025 12:21 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰব্ৰজন সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে। কেইবাটাও নিয়ম সলনি কৰি পেলাইছে। কিন্তু হোৱাইট হাউছৰ সন্মুখত হোৱা গুলীচালনাৰ ঘটনাৰ পিছত তেওঁ আৰু কোনো ধৰণৰ ৰেহাই দিব নিবিচাৰে।

ড’নাল্ড ট্ৰাম্পে তৃতীয় বিশ্বৰ কোনো দেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক আমেৰিকাত প্ৰৱেশ কৰিবলৈ নিদিয়ে। শুকুৰবাৰে পুৱা (ভাৰতীয় সময় অনুসৰি) ট্ৰুথ ছ’চিয়েলত এটা দীঘলীয়া পোষ্টত এই কথা ঘোষণা কৰে ট্ৰাম্পে। তেওঁৰ মতে অনুপ্ৰৱেশকাৰীৰ বাবেই দেশখনে ক্ষতিগ্ৰস্ত হৈছে।

Apply Now

বুধবাৰে মাজনিশা নেশ্যনেল গাৰ্ডৰ সদস্য চাৰা আৰু এণ্ড্ৰুৱে হোৱাইট হাউছৰ পৰা কেইটামান ব্লক দূৰৈত ডাউনটাউনত টহল দি আছিল। হঠাৎ ৰহমানুল্লাহ লাকানৱালা নামৰ এজন আফগান যুৱকে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। নেচনেল গাৰ্ডৰ সদস্যসকলেও প্ৰত্যুত্তৰ দিয়ে। সংঘৰ্ষ সংঘটিত হয়।

কিন্তু শেষত নেচনেল গাৰ্ডৰ দুজন সদস্য গুৰুতৰভাৱে আহত হৈ ৰাজপথত লুটি খাই পৰে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে এজনৰ পুৱা মৃত্যু হয়। এই ঘটনাক লৈ ট্ৰাম্প অতিশয় ক্ষুব্ধ।

গুলীচালনাৰ ঘটনাৰ লগে লগে ট্ৰাম্প প্ৰশাসনে আফগান নাগৰিকৰ অনুপ্ৰৱেশৰ আবেদন অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়ে। আজি তৃতীয় বিশ্বৰ সকলো দেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক আমেৰিকাত প্ৰৱেশ কৰাত কাৰ্যতঃ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আজি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, ‘তৃতীয় বিশ্বৰ সকলো দেশৰ পৰা অনুপ্ৰৱেশ স্থগিত ৰখা হৈছে।’

তেওঁ লিখিছে, ‘ আমি প্ৰযুক্তিগতভাৱে যিমানেই আগবাঢ়ি নাযাও কিয়, অনুপ্ৰৱেশৰ কাৰণে সেই অগ্ৰগতি থমকি ৰৈছে।  বহু লোকৰ জীৱনৰ মানদণ্ড ধ্বংস হৈছে।’

বৰ্তমান আমেৰিকাত থকা অনুপ্ৰৱেশকাৰীসকলৰ কি হ’ব? এক কথাত ক’বলৈ গ’লে তেওঁলোকৰ নিশাৰ টোপনি হৰিছে। ট্ৰাম্পে কৈছে, ‘যিসকলে দেশখনক ভাল নাপায় তেওঁলোকে থাকিব নোৱাৰিব।’ তেওঁ লগতে সকীয়াই দিছে যে যিসকল আমেৰিকাৰ নাগৰিক নহয় তেওঁলোকৰ বাবে সকলো সুবিধা আৰু ৰাজসাহায্য বন্ধ কৰা হ’ব। ট্ৰাম্পে কয় যে যিসকল অনুপ্ৰৱেশকাৰী চৰকাৰৰ ওপৰত বোজা, যিয়ে দেশৰ নিৰাপত্তাত ব্যাঘাত জন্মাব পাৰে, তেওঁলোকৰ নাগৰিকত্ব বাতিল কৰা হ’ব বা বিতাড়িত কৰা হ’ব।

ট্ৰাম্পে লগতে কয় যে তেওঁ বাইডেনৰ সময়ৰ “লাখ লাখ অবৈধ অনুপ্ৰৱেশকাৰীৰ অন্ত পেলাবলৈ” দৃঢ়প্ৰতিজ্ঞ। তেওঁ কয় যে আমাৰ লক্ষ্য হৈছে অবৈধ আৰু বিশৃংখল লোকৰ সংখ্যা হ্ৰাস কৰা। পোষ্টটোৰ শেষত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে থেংকচগিভিং বাৰ্তাও দিছে। কিন্তু অলপ বেলেগ ধৰণেৰে। ট্ৰাম্পে লিখিছে, “সকলোকে ধন্যবাদ। কিন্তু যিসকলে ঘৃণা কৰে, চুৰি কৰে, হত্যা কৰে তেওঁলোকে ইয়াত বেছি দিন থাকিব নোৱাৰিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm
প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ

প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ

August 1, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd