• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মই মূৰ্খ নহয়, এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন একনায়কত্ববাদী হে!’ নিউয়ৰ্কৰ সভাত সমালোচকক উভতি ধৰিলে ৰাষ্ট্ৰপতি ট্ৰাম্পে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 7:04 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ মানসিক স্বাস্থ্য আৰু বৌদ্ধিক ক্ষমতাক লৈ সঘনাই উত্থাপিত প্ৰশ্নৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুকুৰবাৰে নিউয়ৰ্কত অনুষ্ঠিত এখন সভাত সমৰ্থকসকলক সম্বোধন কৰি ৭৯ বছৰীয়া ট্ৰাম্পে কয় যে সমালোচকসকলে তেওঁক ‘মূৰ্খ’ বুলি অভিহিত কৰাটো তেওঁ আটাইতকৈ বেছি ঘৃণা কৰে, তাৰ পৰিৱৰ্তে তেওঁক ‘তীক্ষ্ণ বুদ্ধিসম্পন্ন স্বেচ্ছাচাৰী একনায়কত্ববাদী’ বুলি ক’লে তেওঁৰ কোনো আপত্তি নাই। ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পিছতেই দেশখনৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

দৰাচলতে সভাখনৰ মূল বিষয়বস্তু জীৱনধাৰণৰ ব্যয় আৰু অৰ্থনীতিৰ ওপৰত আছিল যদিও, ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰসংগক্ৰমে নিজৰ মানসিক সুস্থতাৰ বিষয়টো উত্থাপন কৰে। নিজকে “সকলোতকৈ চতুৰ ব্যক্তি” বুলি দাবী কৰি তেওঁ সমৰ্থকসকলক প্ৰশ্ন কৰে যে তেওঁলোকে দেশৰ ৰাষ্ট্ৰপতি হিচাপে এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন লোক নিবিচাৰে নেকি? নিজৰ চিকিৎসকৰ সৈতে হোৱা এক কথোপকথনৰ স্মৃতিচাৰণ কৰি ট্ৰাম্পে কয়, “মই চিকিৎসকক কৈছিলোঁ যে মোক তীক্ষ্ণ বুদ্ধিসম্পন্ন একনায়ক বুলি ক’লে আপত্তি নাই, কিন্তু মূৰ্খ বুলি কোৱাটো মই একেবাৰে নিবিচাৰোঁ। সমালোচকক ভুল প্ৰমাণিত কৰিবলৈ মই কিবা পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰোঁ নেকি বুলি সোধাত চিকিৎসকে মোক কগনিটিভ বা বৌদ্ধিক পৰীক্ষাৰ পৰামৰ্শ দিছিল।”

Apply Now

ট্ৰাম্পে দাবী কৰা অনুসৰি তেওঁ নিজৰ কাৰ্যকালত তিনিবাৰকৈ এই পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইবাৰতে সফলতা অৰ্জন কৰিছে। আনকি শেহতীয়াকৈ নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছচিয়েল’ত তেওঁ দাবী কৰিছিল যে ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বিতা কৰা যিকোনো ব্যক্তিয়ে এই বৌদ্ধিক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হ’ব লাগে। প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা আৰু জ’ বাইডেনক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে এনে পৰীক্ষা বাধ্যতামূলক হ’লে এই নেতাসকল নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত জনসাধাৰণ আচৰিত হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন।

অৱশ্যে, ট্ৰাম্পৰ এই দাবীক লৈ চিকিৎসা বিশেষজ্ঞসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু উদ্বেগৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, ‘মণ্ট্ৰিয়েল কগনিটিভ এছেছমেণ্ট’ (নামৰ এই পৰীক্ষাটো সাধাৰণতে ডিমেনচিয়া বা স্মৃতিভ্ৰংশ ৰোগ নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা হয়। ‘ডেইলি বিষ্ট’ৰ এক প্ৰতিবেদন অনুসৰি, টাফ্টছ বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক ড° হেনৰী ডেভিদ আব্ৰাহামে ইমান কম সময়ৰ ভিতৰত তিনিবাৰকৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাটোক এক চিন্তনীয় বিষয় বুলি অভিহিত কৰিছে। আনহাতে, জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° জন গাৰ্টনাৰে ৰাষ্ট্ৰপতিগৰাকীৰ মানসিক ভাৰসাম্য ক্ৰমান্বয়ে অৱনতি ঘটা বুলি দাবী কৰিছে আৰু তেওঁৰ বৌদ্ধিক সুস্থতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ইয়াৰ বিপৰীতে, পেণ্টাগনৰ মুৰব্বী পিট হেগছেথে ট্ৰাম্পৰ স্বাস্থ্যৰ প্ৰশংসা কৰি তেওঁক দেশৰ ইতিহাসৰ অন্যতম “তীক্ষ্ণ” আৰু “দূৰদৰ্শী” সেনাধ্যক্ষ বুলি অভিহিত কৰিছে। বৰ্তমান সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ মানসিক স্বাস্থ্য আৰু তেওঁৰ শেহতীয়া মন্তব্যক লৈ আমেৰিকাৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্ক অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd