আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ নিজা ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছচিয়েল’ত (Truth Social) নিজকে ‘ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি’ বুলি অভিহিত কৰি বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উক্ত প’ষ্টটোত তেওঁৰ চৰকাৰী পৰিচয় হিচাপে আমেৰিকাৰ ৪৫ তম আৰু ৪৭ তম ৰাষ্ট্ৰপতি বুলিও উল্লেখ কৰা হৈছে, যিয়ে ২০ জানুৱাৰী, ২০২৫ তাৰিখে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
১১ জানুৱাৰীত ৱাশ্বিংটনৰ হোৱাইট হাউছৰ চৌহদত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ পাছতেই এই প’ষ্টটো চৰ্চালৈ আহে। দেওবাৰে ট্ৰাম্পে নিজৰ এখন প্ৰতিচ্ছবিৰ সৈতে “ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি, ২০২৬ চনৰ জানুৱাৰীৰ পৰা পদত অধিষ্ঠিত” বুলি এক চাঞ্চল্যকৰ দাবী কৰি প’ষ্ট কৰে
মন কৰিবলগীয়া যে, ২০২৬ চনৰ ৩ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বিশেষ সামৰিক বাহিনীয়ে এক গোপন অভিযান চলাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দী কৰিছিল। তেল সমৃদ্ধ দক্ষিণ আমেৰিকাৰ এই ৰাষ্ট্ৰখনৰ ওপৰত কেইবামাহো ধৰি চলা তীব্ৰ কূটনৈতিক আৰু অৰ্থনৈতিক চাপৰ অন্তত এই অসাধাৰণ নৈশ অভিযান আৰু ধাৰাবাহিক আকাশমাৰ্গৰ আক্ৰমণৰ পাছত মাডুৰোক দেশৰ পৰা উলিয়াই নিয়া হয়।
মাডুৰোৰ পতনৰ পাছতেই ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে অস্থায়ীভাৱে হ’লেও ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ (Caracas) পৰিচালনা কৰিব। তদুপৰি, দেশখনৰ বিশাল তেল ভাণ্ডাৰ ব্যৱহাৰ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বৃহৎ পৰিমাণৰ তেল বিক্ৰী কৰাৰো এক পৰিকল্পনাৰ কথা তেওঁ সদৰী কৰে। এখন সংবাদ মেলত তেওঁ কয়, “আমি দেশখন তেতিয়ালৈকে চলাম যেতিয়ালৈকে আমি এটা সুৰক্ষিত, সঠিক আৰু বিচাৰ বিবেচনাপূৰ্ণ পৰিৱৰ্তন নিশ্চিত কৰিব নোৱাৰো।”
ফ্ল’ৰিডাৰ মাৰ-এ-লাগ’ ক্লাবত আয়োজিত এক অনুষ্ঠানত ট্ৰাম্পে এই সামৰিক অভিযানক আমেৰিকাৰ শক্তি আৰু আত্মবিশ্বাসৰ এক অভূতপূৰ্ব প্ৰদৰ্শন বুলি অভিহিত কৰে।
অন্যহাতে, ৩ জানুৱাৰীত ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এক নিৰ্দেশযোগে ঘোষণা কৰিছে যে ৰাষ্ট্ৰপতি মাডুৰোৰ অনুপস্থিতিত উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’ব। ন্যায়ালয়ে ৰড্ৰিগেজক দেশৰ প্ৰশাসনিক ধাৰাবাহিকতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ দায়িত্ব দিছে। অৱশ্যে, কাৰ্যবাহী নেত্ৰীগৰাকীয়ে মাডুৰোক বিনাচৰ্তে মুক্ত কৰিবলৈ আমেৰিকাৰ ওচৰত দাবী জনোৱাৰ লগতে তেওঁকহে দেশখনৰ একমাত্ৰ বৈধ নেতা বুলি অভিহিত কৰিছে।





