• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

২০২২ চনত কেৰলৰ গোচৰত অভিযোগ কৰা হৈছিল যে ১৯৯০ চনৰ মাজভাগত নিউয়ৰ্কৰ এখন ডিপাৰ্টমেণ্ট ষ্ট’ৰত ট্ৰাম্পে তেওঁক যৌন নিৰ্যাতন চলাইছিল আৰু পিছত এই কাণ্ড অস্বীকাৰ কৰি তেওঁৰ মানহানি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2026 11:27 am
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আবেদন নাকচ কৰিলে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। ফলত তেওঁ মহিলা সাংবাদিক ই জিন কেৰলক ৫০ লাখ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৭ কোটি ৩০ লাখ ৮৮ হাজাৰ টকা) ক্ষতিপূৰণ দিব লাগিব।

সোমবাৰে দেশখনৰ শীৰ্ষ আদালতে ট্ৰাম্পৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, য’ত তেওঁ যৌন নিৰ্যাতন আৰু মানহানিৰ অভিযোগত কেৰলৰ সপক্ষে দিয়া নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল। ফলত ২০২৩ চনত দিয়া ৫০ লাখ ডলাৰৰ ৰায়দান কাৰ্যকৰী হৈ থাকিব।

Apply Now

কেৰলে প্ৰথমবাৰৰ বাবে ২০১৯ চনত ট্ৰাম্পৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।পিছলৈ ২০২২ চনত নিউয়ৰ্কত নতুন আইন কাৰ্যকৰী হোৱাৰ পিছত তেওঁ নতুনকৈ গোচৰ তৰিছিল। সেই আইনৰ জৰিয়তে যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলেও পুৰণি কাণ্ডৰ বাবে দেৱানী গোচৰ ৰুজু কৰাৰ সুযোগ পায়।

এক অদ্ভুত আইনী পৰিস্থিতিৰ বাবে ২০২২ চনৰ গোচৰটো প্ৰথমে আদালতলৈ গৈছিল। সেই গোচৰত জুৰীয়ে কেৰলৰ সপক্ষে ৰায় দিছিল আৰু ট্ৰাম্পক ৫০ লাখ ডলাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল।

পৰৱৰ্তী সময়ত ২০১৯ চনৰ মানহানি গোচৰৰ বিচাৰ চলিছিল আৰু সেই গোচৰত ট্ৰাম্পৰ বিৰুদ্ধে ৮৩ মিলিয়ন ডলাৰ প্ৰদানৰ ৰায় দিয়া হয়। সুতকে ধৰি কেৰলৰ বাবে ট্ৰাম্পে আদায় দিবলগীয়া মুঠ ধনৰাশি ১০ কোটি ডলাৰতকৈও অধিক বুলি কোৱা হৈছে।

২০২২ চনত কেৰলৰ গোচৰত অভিযোগ কৰা হৈছিল যে ১৯৯০ চনৰ মাজভাগত নিউয়ৰ্কৰ এখন ডিপাৰ্টমেণ্ট ষ্ট’ৰত ট্ৰাম্পে তেওঁক যৌন নিৰ্যাতন চলাইছিল আৰু পিছত এই কাণ্ড অস্বীকাৰ কৰি তেওঁৰ মানহানি কৰিছিল।

ট্ৰাম্পে আৰম্ভণিৰে পৰাই এই অভিযোগ অস্বীকাৰ কৰি আহিছে। তেওঁৰ দাবী যে এই গোচৰৰ ন্যায়াধীশ আমেৰিকাৰ জিলা ন্যায়াধীশ লুইছ কেপলানে বিচাৰ প্ৰক্ৰিয়াত একাধিক ভুল কৰিছে।

ট্ৰাম্পৰ অধিবক্তাই অভিযোগ উত্থাপন কৰে যে ন্যায়াধীশগৰাকীয়ে এনে দুগৰাকী মহিলাৰ সাক্ষ্যৰ অনুমতি দিছিল যিয়ে পূৰ্বে ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে লগতে ২০০৫ চনৰ “এক্সেছ হলিউড” টেপটো জুৰীক দেখুৱাবলৈ দিয়া অনুমতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।

সেই অডিঅ’ ৰেকৰ্ডিঙত ট্ৰাম্পে মহিলাৰ বিষয়ে আপত্তিজনক মন্তব্য কৰা দেখা গৈছে, যিটো গোচৰৰ প্ৰমাণ হিচাপে দাখিল কৰা হৈছিল।

যোৱা বছৰ আমেৰিকাৰ দ্বিতীয় চাৰ্কিট আপিল আদালতে ৫০ লাখ ডলাৰৰ জুৰীৰ ৰায়ক সমৰ্থন কৰিছিল। আদালতে কয় যে ন্যায়াধীশগৰাকীয়ে কোনো ভুল কৰা নাই যাৰ বাবে নতুন বিচাৰৰ প্ৰয়োজন হ’ব।

২০২৫ চনৰ জুন মাহত ট্ৰাম্পে এই গোচৰৰ বিৰুদ্ধে পূৰ্ণ বিচাৰপীঠত আবেদন জনাইছিল যদিও সফলতা লাভ কৰা নাছিল। ইয়াৰ পিছতে তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

ট্ৰাম্পৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত যুক্তি দিছিল যে এগৰাকী কাৰ্যবাহী ৰাষ্ট্ৰপতিক পুৰণি অভিযোগৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰীয় কৰ্তব্যৰ পৰা মনোযোগ আঁতৰাবলৈ বাধ্য কৰা হৈছে আৰু ই ৰাষ্ট্ৰপতি পদৰ বাবে ক্ষতিকাৰক।

কিন্তু কেৰলৰ অধিবক্তাই যুক্তি দিছিল যে দ্বিতীয় চাৰ্কিট আদালতৰ সিদ্ধান্ত শুদ্ধ আছিল আৰু জুৰীয়ে পৰ্যাপ্ত প্ৰমাণৰ ভিত্তিতে ৰায়দান কৰিছিল।

জুৰীৰ ৰায়দানৰ পিছত ২০২৩ চনত ট্ৰাম্পে আদালতৰ নিয়ন্ত্ৰিত একাউণ্টত ৫৫ লাখ ডলাৰ জমা দিছিল।ফলস্বৰূপে কেৰলে তুলনামূলকভাৱে সোনকালে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে।

ইফালে, ট্ৰাম্পৰ বিৰুদ্ধে ৮৩ মিলিয়ন ডলাৰৰ ৰায়দানক এতিয়াও উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ সুযোগ আছে। জানিব পৰা মতে, ট্ৰাম্পৰ অধিবক্তাই সেই ৰায়ৰ বিৰুদ্ধেও অতি সোনকালে আবেদন কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd