• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্প-নেতানিয়াহুৰ মাজত উত্তপ্ত ফোনালাপ; ইৰাণ যুদ্ধৰ ভৱিষ্যতক লৈ তীব্ৰ মতানৈক্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 6:56 pm
95
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ যুদ্ধৰ ভৱিষ্যতক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত তীব্ৰ মতানৈক্য দেখা দিছে। মঙলবাৰে দুয়োগৰাকী নেতাৰ মাজত এক উত্তেজিত ফোন কলত স্পষ্ট হৈ পৰে এই মতানৈক্য। চিএনএনক এইদৰে কয় আমেৰিকা প্ৰশাসনৰ এজন বিষয়াই।

শেহতীয়াকৈ দুয়োগৰাকী নেতাৰ মাজত এয়া প্ৰথম ফোন কল নহয়। যোৱা দেওবাৰেও তেওঁলোকৰ মাজত কথা হৈছিল।

Apply Now

দেওবাৰৰ ফোন কলত ট্ৰাম্পে ইংগিত দিছিল যে এই সপ্তাহৰ আৰম্ভণিতে ইৰাণৰ কিছুমান নিৰ্দিষ্ট লক্ষ্যত আমেৰিকাই নতুন আক্ৰমণ চলাব পাৰে। চিএনএনে পূৰ্বে প্ৰকাশ কৰিছিল যে এই সম্ভাৱ্য আমেৰিকাৰ সামৰিক অভিযানৰ নতুন নাম হ’ব পাৰে ‘অপাৰেচন স্লেজহামাৰ’।

অৱশ্যে প্ৰথম ফোন কলৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছতে ট্ৰাম্পে যোৱা মঙলবাৰে আক্ৰমণৰ পৰিকল্পনা কৰা বুলি ঘোষণা কৰে। কিন্তু কাটাৰ, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ দৰে উপসাগৰীয় মিত্ৰ দেশৰ অনুৰোধত তেওঁ এই আক্ৰমণ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।

আমেৰিকাৰ বিষয়াগৰাকী আৰু পৰিস্থিতিৰ সৈতে পৰিচিত এজন ব্যক্তিয়ে কয় যে তেতিয়াৰ পৰাই উপসাগৰীয় দেশসমূহে কূটনৈতিক আলোচনাক আগুৱাই নিয়াৰ বাবে এক নিৰ্দিষ্ট কাঠামো গঢ়ি তুলিবলৈ হোৱাইট হাউছ আৰু পাকিস্তানী মধ্যস্থতাকাৰীৰ সৈতে অহৰহ যোগাযোগ কৰি আহিছে।

বুধবাৰে পুৱা ট্ৰাম্পে সাংবাদিকৰ মুখামুখি হৈ শান্তি চুক্তি নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। তাত তেওঁ কয়, “আমি এতিয়া ইৰাণৰ পৰিস্থিতিৰ সৈতে এক জটিল পৰ্যায়ত আছো। শেষত কি হয় চাওঁ আহক।”

ট্ৰাম্পে লগতে কয়, “হয় আমাৰ চুক্তি হ’ব, নহয় আমি (কঠোৰ) পদক্ষেপ ল’ম যিয়ে পৰিস্থিতি আৰু বেয়া কৰি তুলিব। কিন্তু আশাকৰোঁ, সেয়া প্ৰয়োজনীয় নহ’ব।”

ইফালে চলি থকা কূটনৈতিক আলোচনা আৰু দৰ-দামত ইজৰাইলৰ প্ৰধানমন্ত্ৰী যথেষ্ট ক্ষুব্ধ হৈ পৰিছে। তেওঁ আৰম্ভণিৰে পৰাই তেহৰাণৰ বিৰুদ্ধে কঠোৰ আৰু আগ্ৰাসী নীতি গ্ৰহণৰ পক্ষত আছে।

ট্ৰাম্প প্ৰশাসনৰ বিষয়া আৰু ইজৰাইলৰ সূত্ৰই কয় যে নেতানিয়াহুৰ যুক্তি হ’ল আক্ৰমণত বিলম্ব বা যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ অৰ্থ হ’ল ইৰাণক অতিৰিক্ত সুবিধা দিয়াহে।

মঙলবাৰে নেতানিয়াহুৱে পোনপটীয়াকৈ ট্ৰাম্পৰ ওচৰত ফোন কলৰ জৰিয়তে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। আমেৰিকাৰ বিষয়াগৰাকীয়ে কয় যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পক কয় যে পৰিকল্পিত আক্ৰমণ বাতিল কৰাটো এটা ডাঙৰ ভুল। ট্ৰাম্পে পৰিকল্পনা অনুসৰি আগবাঢ়িব লাগে।

পৰিস্থিতিৰ সৈতে পৰিচিত ইজৰাইলৰ এক সূত্ৰই জনোৱা মতে, ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলা এই আহ্বানৰ সময়ত নেতানিয়াহুৱে ট্ৰাম্পক সামৰিক অভিযান পুনৰ আৰম্ভ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল, যাৰ ফলত দুয়োগৰাকী নেতাৰ মাজৰ মতানৈক্য উন্মোচিত হৈছে।

ইজৰাইলৰ এজন বিষয়াৰ মতে, ট্ৰাম্পে চাব বিচাৰিছিল যে শেষত চুক্তি হ’ব পাৰে নেকি। কিন্তু নেতানিয়াহুৰ আশা আছিল সম্পূৰ্ণ বেলেগ।

এই ফোন সন্দৰ্ভত সোধা-পোছাৰ বাবে চিএনএনে হোৱাইট হাউছৰ সৈতে যোগাযোগ কৰিছে। দুয়োগৰাকী নেতাৰ মাজত হোৱা উত্তেজনাপূৰ্ণ ফোন কলৰ বিষয়ে প্ৰথমে প্ৰকাশ কৰিছিল আমেৰিকাৰ সংবাদ মাধ্যম এক্সিঅ’ছে।

ইজৰাইলৰ আন এটা সূত্ৰই চিএনএনক জনোৱা মতে, মঙলবাৰৰ এই ফোনটোৰ পিছত কেৱল নেতানিয়াহুৰ মাজতে নহয়, তেওঁৰ ঘনিষ্ঠ সহায়কসকলৰ মাজতো উদ্বেগ বিয়পি পৰিছে।

ইৰাণৰ বিৰুদ্ধে পুনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ বাবে ইজৰাইল চৰকাৰৰ শীৰ্ষত প্ৰবল ইচ্ছা প্ৰকাশ কৰিছে সূত্ৰটোৱে। একে সময়তে ট্ৰাম্পৰ ওপৰত তেওঁলোকৰ ক্ষোভ ক্ৰমাৎ বৃদ্ধি পাইছে। তেওঁলোকৰ মতে, ট্ৰাম্পে আক্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্তই ইৰাণক কূটনীতিৰ অজুহাতত সময় নষ্ট কৰাৰ সুযোগহে দিছে।

অৱশ্যে আমেৰিকাৰ স্থিতিৰ ওপৰত নেতানিয়াহুৰ ক্ষোভ – বিশেষকৈ ট্ৰাম্পৰ প্ৰাৰম্ভিক ভাবুকি আৰু পিছলৈ তেওঁৰ সুৰ কোমল কৰাটো নতুন নহয় বুলি দুয়োগৰাকী নেতাৰ কথা-বতৰাৰ সৈতে পৰিচিত সূত্ৰই প্ৰকাশ কৰিছে। এই যুদ্ধৰ লক্ষ্যৰ ক্ষেত্ৰত আমেৰিকা আৰু ইজৰাইলৰ মাজত স্পষ্ট পাৰ্থক্য আছে বুলিও আমেৰিকাৰ বিষয়াসকলেও বিগত সময়ত স্বীকাৰ কৰিছে।

কালি সাংবাদিকসকলে ট্ৰাম্পক সোধে যে তেওঁ আগৰ নিশা নেতানিয়াহুক ফোন কলত কি কৈছিল। ইয়াৰ উত্তৰত ট্ৰাম্পে ইংগিত দিয়ে যে সমগ্ৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণ এতিয়া তেওঁৰ নিজৰ হাতত। তেওঁ পোনপটীয়াকৈ কৈছিল, “মই যি বিচাৰো, তেওঁ (নেতানিয়াহুৱে) কৰিব।”

যুদ্ধ বা সামৰিক অভিযান আৰম্ভ কৰিবলৈ নেতানিয়াহুৱে তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ পাছতো বৰ্তমান ট্ৰাম্পে কূটনৈতিক চুক্তিৰ ওপৰত জোৰ দি আছে। কালি তেওঁ দাবী কৰে যে ইৰাণৰ সৈতে সমস্যাটো এতিয়া “নিৰপেক্ষ চূড়ান্ত পৰ্যায়”ত উপনীত হৈছে। যদি কূটনীতিৰ জৰিয়তে কিছুমানৰ জীৱন ৰক্ষা কৰা সম্ভৱ হয়, তেন্তে এই ক্ষেত্ৰত আৰু কেইটামান দিন দিব লাগে।

ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে কালি কয় যে পাকিস্তানৰ জৰিয়তে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত এতিয়াও নিয়মীয়া বাৰ্তাৰ আদান-প্ৰদান চলি আছে।

কিন্তু দুয়োপক্ষৰ মূল পাৰ্থক্য আচলতে কমিছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এটা আঞ্চলিক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰানে নিজৰ মূল দাবীৰ পৰা পিছুৱাই যোৱা নাই। ফলত দেশখনৰ পাৰমাণৱিক কাৰ্যসূচী আৰু বিদেশত আবদ্ধ হৈ থকা সম্পত্তি মুকলি কৰাৰ দৰে ডাঙৰ সমস্যাসমূহ চলিত সপ্তাহৰ আৰম্ভণিতেও সমাধান নোহোৱাকৈয়ে থাকিল৷

ইফালে ড’নাল্ড ট্ৰাম্পেও বাৰে বাৰে ইংগিত দিছে যে সামৰিক কাৰ্য্যৰ পথ এতিয়াও মুকলি। কালি তেওঁ সকীয়াই দিছিল, “যদি আমি সঠিক উত্তৰ (পছন্দৰ প্ৰস্তাৱ) নাপাওঁ, তেন্তে সকলো সোনকালে সলনি হ’ব। আমি ইয়াৰ বাবে সম্পূৰ্ণ সাজু।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd