DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজৱ ঘটনা! টিউচন শিক্ষয়িত্ৰীয়ে ক্লাচ কৰাৰ চলেৰে বিয়া পাতিলে ১৩ বছৰীয়া ছাত্ৰক, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2021 5:20 pm
4.5k
VIEWS
Share on FacebookShare on Twitter

এজন ১৩ বছৰীয়া ছাত্ৰক বিয়া পাতি চৰ্চালৈ আহিছে এগৰাকী টিউচন শিক্ষয়িত্ৰী।

পাঞ্জাৱৰ জলন্ধৰৰ বস্তি বেৱা খেল নামৰ অঞ্চলত সংঘটিত হৈছে এই আজৱ ঘটনা।

শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনক বিয়া পতাৰ কাৰণটো হৈছে তেওঁৰ জন্ম কুণ্ডলীত থকা ‘মাংগলিক দোষ’সমূহৰ ৰক্ষা পোৱা।

আৰক্ষীয়ে কোৱা মতে, শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালক এটা মন্দিৰৰ পুজাৰীয়ে জনাইছিল তেওঁৰ ‘মাংগলিক দোষ’ৰ বাবে বিয়া-বাৰু এতিয়ালৈকে হোৱা নাই।

তদুপৰি যাজকজনে কৈছিল যে এটা সৰু ল’ৰাৰ স’তে তেওঁৰ প্ৰতীকী বিবাহ সম্পন্ন কৰিলে এই ‘দোষ’ৰ পৰা হাত সাৰিব পাৰিব।

সেই অনুসৰি ১৩ বছৰীয়া ছাত্ৰজনক দৰা সজা হ’ল।

টিউচন শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনৰ পৰিয়ালক কৈছিল যে টিউচন ক্লাচৰ বাবে ছাত্ৰজন এসপ্তাহৰ বাবে তেওঁৰ ঘৰত থাকিবলৈ দিব লাগে।

কিন্তু ছাত্ৰজন যেতিয়া এসপ্তাহৰ পাছত ঘৰলৈ যায়, তেতিয়াহে আচল ঘটনাটো মুকলি হয়।

ঘৰলৈ গৈ ছাত্ৰজনে সকলো কথা কৈ দিয়ে।

তাৰপাছত ছাত্ৰজনৰ অভিভাৱকে আৰক্ষীক ঘটনাটো অৱগত কৰে।

অভিযোগপত্ৰত কোৱা হৈছে যে শিক্ষয়িত্ৰী আৰু শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালবৰ্গই জোৰ কৰি ছাত্ৰজনক হালধি-মেহেন্দী সানি পৰম্পৰা অনুযায়ী বৈবাহিক কাৰ্য সমাপ্ত কৰিছিল।

তাৰ পাছত ফুলশয্যাতো ছাত্ৰজনক জোৰ কৰি শিক্ষয়িত্ৰীগৰাকীৰ স’তে শোওৱা হৈছিল।

পাছদিনাখনেই শিক্ষয়িত্ৰীগৰাকীক হাতৰ খাৰু ভাঙি তেওঁক বিধৱা বুলি ঘোষণা কৰা হৈছিল।

বিধৱা ঘোষণা কৰাৰ পাছত পৰিয়ালবৰ্গই পৰম্পৰা অনুযায়ী এখন শোকসভা অনুষ্ঠিত কৰিছিল।

তদুপৰি অভিযোগপত্ৰখনত কোৱা হৈছে যে পৰম্পৰা অনুযায়ী ছাত্ৰজনে কিছুমান সাংসাৰিক কামো কৰিব লগা হৈছিল।

আৰক্ষীয়ে অভিযোগপত্ৰখন গ্ৰহণ কৰাৰ পাছতে শিক্ষয়িত্ৰীগৰাকী গৈ আৰক্ষী থানাত উপস্থিত হয় আৰু বিষয়টো মিত-মাত কৰিবলৈ চেষ্টা কৰে।

তদুপৰি অভিযোগপত্ৰখন উঠাই ল’বলৈ তেওঁ ছাত্ৰজনৰ পৰিয়ালবৰ্গক জোৰ কৰে।

আৰক্ষীয়ে জনোৱামতে, অভিযোগপত্ৰখন দুই পক্ষৰ বুজা-বুজি মতে পাছত উঠাই লোৱা হয়।

আনহাতে, জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে বিষয়টোক গুৰুত্তৰ হিচাপে বিবেচনা কৰি এই সংক্ৰান্তত এটা অনুসন্ধানৰ দাবী কৰে।

জলন্ধৰৰ ডি.এছ.পি. গুৰমীত সিঙে কয় যে বিষয়টোৰ সন্দৰ্ভত বৰ্তমান অনুসন্ধান চলাই থকা আছে যিহেতু ই এটা বেআইনী বিষয়।

অৱশ্যে এতিয়ালৈকে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই।

Recent News

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

Cop suicide After Firing Colleague

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

TU Recruitment 2022

Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd