• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গণহত্যাৰ অভিযোগত নেতান্যাহুৰ বিৰুদ্ধে তুৰস্কৰ গ্ৰেপ্তাৰী পৰোৱানা: ইজৰাইলৰ তীব্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2025 7:18 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ আক্ৰমণত, গাজাত হোৱা গণহত্যাৰ অভিযোগত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু তেওঁৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ বিৰুদ্ধে তুৰস্কই শুকুৰবাৰে গ্ৰেপ্তাৰী পৰোৱান জাৰি কৰাৰ কথা ঘোষণা কৰে। তুৰস্কৰ এই ঘোষণাই দুয়োখন দেশৰ মাজত উত্তেজনা আৰু বৃদ্ধি কৰিছে।

ইস্তানবুলৰ প্ৰচিকিউটৰ অফিচে এক বিবৃতিত জনায় যে যদিও সম্পূৰ্ণ তালিকা প্ৰদান কৰা হোৱা নাই, মুঠ ৩৭ জন সন্দেহযুক্ত লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। এই তালিকাত নেতান্যাহুৰ উপৰিও ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজ, ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইটামাৰ বেন গ্ভিৰ আৰু সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল আয়েল জমিৰৰ নামো অন্তৰ্ভুক্ত আছে।

Apply Now

তুৰস্কৰ এই পদক্ষেপৰ বিৰুদ্ধে ইজৰাইলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেশখনৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰে এক বিবৃতিত কয় যে ইজৰাইলে এই অভিযোগসমূহ দৃঢ়ভাৱে নাকচ কৰে। তেওঁ এই গ্ৰেপ্তাৰী পৰোৱানাক ‘একনায়কত্ববাদী (তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ) এৰদোগানৰ শেহতীয়া ৰাজনৈতিক চমক বুলি অভিহিত কৰে।

তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে এৰদোগানৰ তুৰস্কত ন্যায়পালিকা বহু দিনৰ পৰা ৰাজনৈতিক বিৰোধীক নীৰৱ কৰাৰ অস্ত্ৰ হৈ পৰিছে আৰু শেহতীয়াকৈ ইস্তানবুলৰ মেয়ৰ একৰেম ইমামোগ্লুক এৰদোগানৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

তুৰস্কই ইজৰাইলৰ বিষয়াসকলৰ বিৰুদ্ধে ‘গণহত্যা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধ’ৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰিছে যে ইজৰাইলে গাজাত ‘প্ৰণালীবদ্ধভাৱে’ এই অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে। ইয়াৰ ইজৰাইলে বোমা বিস্ফোৰণ কৰা ‘তুৰ্কী-পেলেষ্টাইনী ফ্ৰেণ্ডশ্বিপ হাস্পতাল’ৰ ঘটনাও উল্লেখ কৰা হৈছে।

আনহাতে, ইছলামিক উগ্ৰপন্থী সংগঠন হামাছে তুৰস্কৰ এই ঘোষণাক আদৰণি জনাই ইয়াক ‘তুৰ্কীৰ জনসাধাৰণ আৰু তেওঁলোকৰ নেতাসকলৰ আন্তৰিক স্থিতি নিশ্চিত কৰা এক প্ৰশংসনীয় পদক্ষেপ’ বুলি অভিহিত কৰিছে।

তুৰস্কই গাজা যুদ্ধৰ অন্যতম কঠোৰ সমালোচক হিচাপে পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ইজৰাইলৰ বিৰুদ্ধে গণহত্যাৰ গোচৰত দক্ষিণ আফ্ৰিকাৰ সৈতে যোগদান কৰিছিল।

বৰ্তমান ট্ৰাম্পৰ শান্তি পৰিকল্পনা অনুসৰি যুদ্ধৰ পিছৰ গাজাত ভূমিকা গ্ৰহণ কৰিবলৈ তুৰস্কই আন্তঃৰাষ্ট্ৰীয় স্থিতিশীলতা বাহিনীত অংশগ্ৰহণ কৰিব বিচাৰিছে। কিন্তু ইজৰাইলে তুৰস্কক হামাছৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছে। ইজৰাইলৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী এভিগডৰ লিবাৰমেনে মন্তব্য কৰে যে এই গ্ৰেপ্তাৰী পৰোৱানে ‘স্পষ্ট হৈ পৰিছে যে তুৰস্ক কিয় গাজা ষ্ট্ৰিপত প্ৰত্যক্ষ বা পৰোক্ষভাৱে উপস্থিত থাকিব নালাগে।

ইজৰাইলে ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন পক্ষই উত্থাপন কৰা গণহত্যাৰ অভিযোগক ‘মিছা’ আৰু ‘ইহুদী বিৰোধী’ বুলিও নাকচ কৰিছে। মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনাৰ অধীনত ১০ অক্টোবৰৰ পৰা পেলেষ্টাইন ভূখণ্ডত অস্থায়ী যুদ্ধবিৰতি চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd