• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তুৰ্কীৰ সংসদৰ অধিৱেশন চলি থকাৰ সময়তে সাংসদৰ মাজত মাৰপিট, আহত দুই সাংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2024 3:17 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰ্কীৰ সংসদত কেইবাজনো সাংসদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে (১৬ আগষ্ট) সংসদৰ এজন ক্ষমতা হেৰুওৱা বিৰোধী সদস্যৰ গ্ৰেপ্তাৰক লৈ বিতৰ্ক চলাৰ সময়তে এই মাৰপিটৰ ঘটনা সংঘটিত হয়।

৩০ মিনিট ধৰি চলি থকা এই মাৰপিটৰ ঘটনাত কমেও দুজন সাংসদ আহত হোৱাৰ লগতে সংসদীয় শুনানি স্থগিত ৰখা হয়।

শেষত সাংসদসকলে এক ভোটদানত অংশগ্ৰহণ কৰি অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী জন আটালাইৰ সংসদীয় কাৰ্যভাৰ পুনৰ ঘূৰাই অনাৰ বাবে বিৰোধীয়ে লোৱা পদক্ষেপক নাকচ কৰে। যোৱা বছৰ কাৰাগাৰৰ পৰাই প্ৰচাৰ চলাই আটালয়াই নিজৰ সমষ্টিত জয় লাভ কৰিছিল।

Apply Now

শাসকীয় এ কে পিৰ সদস্য আলপাই অকালানে বাওঁপন্থী ৱৰ্কাৰছ পাৰ্টি অৱ তুৰস্কৰ সদস্য আহমেদ ছিকক আক্ৰমণ কৰাৰ পিছতে এই যুঁজৰ সূচনা হয়। আটলায়াৰ প্ৰতি চৰকাৰে কৰা ব্যৱহাৰক গৰিহণা দিয়ে আহমেদ ছিকে।

লগতে পঢ়কঃ মাত্ৰ ৩৭ বছৰ বয়সতে থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী! কোন এই পেটাংটাৰ্ণ শ্বিনাৱাট্ৰা?

আহমেদে কয়, “আটালায়াক সন্ত্ৰাসবাদী বুলি কোৱাটো আচৰিত কথা নহয়। সকলো নাগৰিকে জনা উচিত যে এই দেশৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী হৈছে সংসদৰ বেঞ্চত বহি থকা লোকসকল।”

সংসদত উপস্থিত এ এফ পিৰ এজন সাংবাদিকে জনোৱা মতে, প্ৰাক্তন ফুটবল খেলুৱৈ তথা এ কে পিৰ সদস্য আলপাই অকালানে ছিকৰ মন্তব্যত ক্ষোভিত হৈ ছিকক মাটিত পেলাই দিয়ে। মাটিত পৰি থকাৰ সময়তে ছিকক কেইবাবাৰো ঘুচা মাৰিছিল এ কে পিৰ সদস্যই। পিছত বহু সাংসদে এই মাৰপিটত যোগদান কৰে।

অনলাইনত পোষ্ট কৰা ভিডিঅ’ত দেখা গৈছে এই যুঁজ। পিছত সংসদৰ মজিয়াৰ পৰা তেজৰ দাগ পৰিষ্কাৰ কৰা দেখা যায় কৰ্মচাৰীক।

ৰিপাব্লিকান পিপলছ পাৰ্টিৰ এজন ডেপুটি আৰু পিপলছ ইকুৱেলিটি এণ্ড ডেম’ক্ৰেচি পাৰ্টিৰ এজন ডেপুটি মূৰত আঘাতপ্ৰাপ্ত হয়।

মূল বিৰোধী চি এইচ পি দলৰ মুৰব্বী অজগুৰ অজেলে এই ঘটনাক গৰিহণা দি কয় যে এই পৰিস্থিতি দেখি মই লাজ পাইছো। তুৰস্কৰ সংসদৰ অধ্যক্ষই কয় যে যুঁজ আৰম্ভ কৰা ডেপুটি দুজনক শাস্তি দিয়া হ’ব।

লগতে পঢ়কঃ টাইব্ৰেকাৰত ৩৪টা পেনাল্টি! কল্পনা কৰিব পাৰিনে? ঐতিহাসিক জয় সাৱ্যস্ত নেদাৰলেণ্ডৰ ক্লাবৰ

সতীৰ্থ বাওঁপন্থী সাংসদসকলে তেওঁক বাধা দিবলৈ চেষ্টা কৰাৰ পিছতো জানুৱাৰী মাহত উত্তেজনাপূৰ্ণ সংসদীয় অধিৱেশনৰ পিছত আটালাই সংসদীয় আসন হেৰুৱাইছিল।

২০২২ চনত এটা বিতৰ্কিত গোচৰত আটালাক ১৮ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। একেটা গোচৰতে বঁটা বিজয়ী তুৰ্কী দানবীৰ ওছমান কাভালাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

কাৰাগাৰৰ পৰাই ৪৮ বছৰীয়া আটালাই প্ৰচাৰ চলাই ২০২৩ চনৰ মে’ মাহত ভূমিকম্পই বিধ্বস্ত হাটাই প্ৰদেশৰ সংসদীয় আসনৰ পৰা নিৰ্বাচিত হয়। তেওঁ বাওঁপন্থী টি আই পি দলৰ সদস্য। সংসদত দলটোৰ তিনিখন আসন।

এই বিজয়ৰ ফলত ৰাষ্ট্ৰপতি এৰদোগানৰ সমৰ্থক আৰু বিৰোধী নেতাৰ মাজত আইনী অচলাৱস্থাৰ সৃষ্টি হৈছিল, যিয়ে যোৱা বছৰ তুৰস্কক সাংবিধানিক সংকটৰ মাজলৈ ঠেলি দিছিল।

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে জানুৱাৰী মাহত আটালায়াক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই ৰায়দানত তেওঁৰ শাস্তি বাহাল ৰাখি তেওঁৰ সংসদীয় ক্ষমা বাতিলৰ পথ মুকলি কৰা হয়। কিন্তু ১ আগষ্টত দেশৰ সাংবিধানিক আদালতে এই ৰায়ক “বাতিল” বুলি ঘোষণা কৰে।

লগতে পঢ়কঃ “আৰ জি কৰৰ যুৱতী চিকিৎসকৰ ছবি বা নাম প্ৰকাশ নকৰিব, আইনমতে নিষিদ্ধ”, ক’লে উচ্চ ন্যায়ালয়ে

শুকুৰবাৰে (১৬ আগষ্ট) এ কে পি আৰু কট্টৰ জাতীয়তাবাদী আন্দোলন পাৰ্টিৰ ডেপুটিসকলে একত্ৰিত হৈ বিৰোধী দলক পৰাস্ত কৰে।

ইয়াৰ পূৰ্বেও তুৰস্কৰ সংসদে চৰকাৰে “সন্ত্রাসবাদী” বুলি গণ্য কৰা বহু বিৰোধী ৰাজনীতিবিদ বিশেষকৈ কুর্দসকলৰ শাস্তি উঠাই নিদিয়াৰ বাবে ভোটদান কৰিছিল৷ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd