• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 8:44 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাটাৰৰ সৰ্ববৃহৎ গেছ উৎপাদন কেন্দ্ৰ ৰাছ লাফান ঔদ্যোগিক চহৰত সংঘটিত এক বৃহৎ বিস্ফোৰণত ১৩ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ৬৬জন লোক। জানিব পৰা মতে, নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয় আৰু আহতসকলৰ ভিতৰতো কেইবাজনো ভাৰতীয়ও আছে। বিস্ফোৰণৰ পিছত কেইবাজনো লোক সন্ধানহীন হোৱাৰ খবৰও পোহৰলৈ আহিছে। এই ঘটনাক লৈ ডোহাত থকা ভাৰতীয় দূতাবাসে উদ্বেগ প্ৰকাশ কৰিছে।

সোমবাৰে সন্ধিয়া কাটাৰৰ ৰাছ লাফান এল এন জি (এল এন জি) কমপ্লেক্সৰ বাৰ্জান গেছ যোগান কেন্দ্ৰত সংঘটিত হয় এই বিস্ফোৰণ। কাটাৰ প্ৰশাসনে দাবী কৰিছে যে এইটো এটা ‘কাৰিকৰী দুৰ্ঘটনা’ আছিল।

Apply Now

কাটাৰৰ শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বিস্ফোৰণত ১৩ জন লোক নিহত হোৱাৰ লগতে ৬৬ জন আহত হয়। ইফালে, দোহাত থকা ভাৰতীয় দূতাবাসে এক বিবৃতিযোগে কয় যে এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হোৱা বুলি প্ৰশাসনৰ সূত্ৰই জনাইছে।

ভাৰতীয় দূতাবাসে কয়, “ৰাছ লাফান ঔদ্যোগিক চহৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক কাণ্ডক লৈ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। প্ৰশাসনৰ মতে বহু লোক আহত হৈছে।”

বিস্ফোৰণৰ প্ৰভাৱ ইমানেই তীব্ৰ আছিল যে ৰাছ লাফানৰ পৰা ৭০ কিলোমিটাৰতকৈও অধিক দূৰত্বত থকা ৰাজধানী ডোহাৰ বিভিন্ন অঞ্চলত কম্পন অনুভৱ হৈছিল। বহু ঘৰ আৰু অফিচৰ খিৰিকী কঁপি উঠিছিল। সাধাৰণ মানুহৰ মাজত আতংক বিয়পি পৰে।

বিশেষজ্ঞসকলৰ মতে, দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পিছত এল এন জি উৎপাদন কাৰখানা পুনৰ আৰম্ভ কৰাটো অতি জটিল প্ৰক্ৰিয়া। যন্ত্ৰপাতিবোৰ পৰ্যায়ক্ৰমে ঠাণ্ডা কৰি উৎপাদন আৰম্ভ কৰিব লাগে। সকলো ইউনিট একেলগে আৰম্ভ কৰিলে কাৰিকৰী সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ৰাছ লাফান ঔদ্যোগিক চহৰ কাটাৰৰ শক্তি উদ্যোগৰ কেন্দ্ৰবিন্দু। এই কমপ্লেক্সত বছৰি প্ৰায় ৭৭ মিলিয়ন মেট্ৰিক টন এল এন জি উৎপাদনৰ ক্ষমতা আছে। চলিত বৰ্ষৰ মাৰ্চ মাহত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত প্ৰকল্পটোৰ দুটা গুৰুত্বপূৰ্ণ গেছ প্ৰচেছিং ইউনিট ক্ষতিগ্ৰস্ত হৈছিল। ফলত কাটাৰৰ মুঠ এল এন জি ৰপ্তানি ক্ষমতাৰ প্ৰায় ১৭ শতাংশ হ্ৰাস পায়।

কাটাৰ এনাৰ্জীয়ে পূৰ্বে কৈছিল যে ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি সম্পূৰ্ণৰূপে মেৰামতি কৰিবলৈ তিনিৰ পৰা পাঁচ বছৰ সময় লাগিব পাৰে। সংঘাতৰ সময়ত স্থল আৰু সাগৰৰ পাৰৰ উৎপাদন কেন্দ্ৰৰ পৰাও প্ৰায় ১০ হাজাৰ শ্ৰমিকক আঁতৰাই অনা হৈছিল।

Ministry of Interior Statement Regarding the Incident that Occurred at a Factory in Ras Laffan Industrial City Due to a Technical Malfunction During Operations.#MOIQatar pic.twitter.com/gLrEByhYH3

— Ministry of Interior – Qatar (@MOI_QatarEn) June 22, 2026

কাটাৰত পশ্চিম এছিয়াৰ অন্যতম বৃহৎ আমেৰিকাৰ সামৰিক ঘাটি আছে। ইৰাণ-ইৰাক সংঘাতৰ সময়ত দেশখনত একাধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। এটা সময়ত এই সংঘাতৰ বাবে বিশ্বৰ প্ৰায় ২০ শতাংশ এল এন জি যোগান বন্ধ হৈ পৰিছিল। তাৰ পিছৰ পৰাই পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

October 1, 2026 6:30 am
 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd