• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়ালয়ত কালিমা! ন্যায়াধীশে ১ কোটি টকা উৎকোচ লোৱা বুলি চাৰ্জশ্বীটত স্পষ্টকৈ কোৱা হৈছে : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 22, 2018 8:57 pm
Akhil_Paneshar
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত কৰা আৰক্ষীয়ে যোৱা ১৮ ছেপ্তেম্বৰত দাখিল কৰা চাৰ্জশ্বীটত নাম উল্লেখ নকৰাকৈ এজন ন্যায়াধীশে (ন্যায়িক বিষয়াই) তেওঁৰ পত্নীৰ হাতত দালালে ১ কোটি টকা ঘোচ দিয়া বুলি উল্লেখ কৰিছে। নাম উল্লেখ নকৰাটোৱে চাৰ্জশ্বীটখনক এক প্ৰকাৰৰ অৰ্থহীন কৰিছে। যদি টকা লোৱাজনৰ নাম উল্লেখ নকৰে, তেন্তে টকা দিয়াজনক কেনেকৈ অপৰাধী হিচাপে প্ৰমাণ কৰিব?

এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তৰ যথাৰ্থতা সন্দৰ্ভত এইদৰে প্ৰশ্ন উত্থাপন কৰিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। আজি এখন সংবাদমেলত নেতাজনে কয় যে যোৱা ১৮ ছেপ্তেম্বৰৰ দিনা সুৰজিৎ সিং পানেছাৰে আদালতত দাখিল কৰা চাৰ্জশ্বীটত মুঠ ৪জন মানুহক সাঙুৰি লোৱা হৈছে। কিন্তু ইয়াত মাত্ৰ দুজন লোকৰ নামহে উল্লেখ কৰা হৈছে।

Apply Now

“উক্ত লোক দুজন ক্ৰমে বিজেপি দলৰ অধিবক্তা শৈলেন্দ্ৰ শৰ্মা বৰুৱা আৰু সুৰজিৎ চৌধুৰী। সুৰজিৎ চৌধুৰী নামৰ লোকজনে ধন দিছিল শৈলেন্দ্ৰ শৰ্মা বৰুৱাক। শৈলেন্দ্ৰ শৰ্মা বৰুৱাই সেই ধন নি ওদালগুৰিত এগৰাকী ন্যায়াধীশৰ পত্নীৰ হাতত দিছিল বুলি চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে। অথচ ধন দিয়া ন্যায়াধীশগৰাকী আৰু তেওঁৰ পত্নীৰ নাম চাৰ্জশ্বীটখনত উল্লেখ কৰা নাই।” এইদৰে কয় অখিল গগৈয়ে।

উল্লেখ্য যে, চাৰ্জশ্বীটখনত ন্যায়াধীশগৰাকী আৰু তেওঁৰ পত্নীয়ে ১ কোটি টকা উৎকোচ লোৱা সম্পৰ্কত উপযুক্ত নথি-পত্ৰ আছে বুলি কৈছে। অথচ পানেছাৰে ন্যায়াধীশগৰাকী আৰু তেওঁৰ পত্নীক চাৰ্জশ্বীটখনত চাৰ্জশ্বীটেড কৰা নাই বুলি অভিযোগ আনে কৃষক নেতা অখিল গগৈয়ে।

“সহ ষড়যন্ত্ৰকাৰীক তদন্তৰ আওতালৈ ননাকৈ তথা উৎকোচ দিয়া ১ কোটি টকা উদ্ধাৰ নকৰাকৈ, এইবোৰ তেন্তে ক’ত গ’ল?” প্ৰশ্ন কৰে অখিল গগৈয়ে।

তেওঁ লগতে কয় যে যদি সহ-ষড়যন্ত্ৰকাৰীক তদন্তৰ আওতালৈ অনা নহয় তেন্তে অভিযুক্ত শৈলেন্দ্ৰ শৰ্মা বৰুৱা আৰু সুৰজিৎ চৌধুৰী কেতিয়াও দোষী সাব্যস্ত হ’ব নোৱাৰিব।

অখিলে সংবাদমেলৰ জৰিয়তে পানেছাৰক তাৎপৰ্য্যপূৰ্ণ প্ৰশ্ন কৰে, “আচলতে ন্যায়াধীশৰ পত্নীয়ে টকা লৈছিল নে নাই? যদি লোৱা নাই, কেৱল বিশেষ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ন্যায়ালয়ক এই সমগ্ৰ বিষয়টোক সাঙুৰি দি ন্যায়ালয়ক ঠাণ্ডা কৰিব খোজা হৈছে নেকি?”

সুৰজিৎ সিং পানেছাৰৰ প্ৰতি আহ্বান জনাই অখিলে কয়, “ন্যায়াধীশৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ নোপোৱাৰ কাৰণে ন্যায়াধীশজনক চাৰ্জশ্বীটেড কৰা নাই, বা উৎকোচ লোৱাৰ কোনো তথ্য-পাতি নাই, তেন্তে ন্যায়ালয়ৰ গাত আপুনি কিয় কালিমা সানিলে?”

তেওঁ লগতে কয়, “ এ পি এছ চিৰ কেলেংকাৰিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ সবল স্থিতি দুৰ্বল কৰিবৰ কাৰণে সুৰজিৎ সিং পানেছাৰে কাৰোবাৰ ষড়যন্ত্ৰত এই কাম কৰিছে নেকি?” অখিলে দাবী কৰে, “ন্যায়াধীশগৰাকীৰ নাম তথা পত্নীৰ নাম উল্লেখ নকৰি সমগ্ৰ ন্যায় ব্যৱস্থাটোৰ প্ৰতি সন্দেহ ছটিয়াই দিছে সুৰজিৎ সিং পানেশ্বৰে।”

আনহাতে, যদি উৎকোচ লোৱাৰ প্ৰমাণ আছেই, যেনেদৰে এজন বিধায়কক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে বিধান সভাৰ অধ্যক্ষৰ অনুমতি ল’ব লাগে, ঠিক সেইদৰে  ন্যায়াধীশক গ্ৰেপ্তাৰৰ বাবে কিবা প্ৰক্ৰিয়া আছে যদি সেই প্ৰক্ৰিয়াৰ মাধ্যমেৰে তদন্তটো আগুৱাই লৈ যাবৰ বাবে সংবাদমেলত পানেছাৰৰ প্ৰতি আহ্বান জনায় কৃষক নেতা অখিল গগৈয়ে।

আনহাতে, প্ৰক্ৰিয়াৰ মাজেৰে ন্যায়াধীশগৰাকীক গ্ৰেপ্তাৰ নকৰাকৈ আগতীয়াকৈ কিয় চাৰ্জশ্বীটখন দাখিল কৰা হ’ল বুলিও গগৈয়ে পানেছাৰক প্ৰশ্ন কৰে।

ইয়াৰোপৰি বিজেপি নেতা শৈলেন্দ্ৰ শৰ্মা বৰুৱা আৰু সুৰজিৎ বৰুৱাক বচাবৰ বাবে ডিব্ৰুগড়ৰ আৰক্ষী বিষয়া পানেছাৰে এনেকুৱা এখন চাৰ্জশ্বীট দাখিল কৰা বুলি সন্দেহ প্ৰকাশ কৰে কৃষক নেতা অখিল গগৈয়ে।

তদুপৰি এ পি এছ চিৰ কেলেংকাৰিৰ স্বচ্ছ, নিকা আৰু সামগ্ৰিকভাৱে সম্পূৰ্ণ তদন্ত এটা হ’ব বুলি অসমবাসী ৰাইজে আশা কৰি আছিল বুলি উল্লেখ কৰি অখিলে লগতে কয়, “ৰাকেশ পালৰ দিনৰ নিযুক্তিত ৯০ শতাংশই কেলেংকাৰি আছিল। তাৰে মাত্ৰ ১০ শতাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াক জগৰীয়া কৰি বা এৰেষ্ট কৰি বাকী ৮০ শতাংশ কেলেংকাৰিৰে নিযুক্তিপ্ৰাপ্ত বিষয়াক ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই কথাটো চৰকাৰৰ কাৰণে লজ্জাৰ বিষয়।”

অখিলে কয়, “বেছিভাগ বিষয়াকে ৰেহাই দি সুৰজিৎ সিং পানেছাৰৰ তদন্তকাৰী দলে ৰানৈতিক পৃষ্ঠপোষকতাত কাম কৰা দেখিবলৈ পোৱা গৈছে।”

তেওঁৰ মতে, “বিজেপি চৰকাৰে এ পি এছ চিৰ বিৰুদ্ধে কৰা তদন্ত আংশিক।  এই তদন্ত নিয়মমাফিক আৰু ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd