অলপতে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত গো-মূত্ৰ, বন আৰু থলুৱা গছৰ পাতৰ সহায়ত অসমৰ দুই ছাত্ৰই প্ৰস্তুত কৰা কীটনাশক প্ৰকল্পটোৱে বিজ্ঞান মহোৎসৱত বিজ্ঞানীসকলৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে এই প্ৰকল্পটো প্ৰস্তুত কৰি বিজ্ঞান মহোৎসৱত উপস্থাপন কৰে তেজপুৰৰ ঢেকীয়াজুলিৰ ছাত্ৰ গুঞ্জন নাথ আৰু বিশ্বজিৎ শৰ্মাই।
ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বিশ্বজিৎ শর্মা আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ গুঞ্জন নাথে বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা শোণিতপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক গণেশ শৰ্মাৰ তত্ত্বাৱধানত বহুজন সমাদৃত এই প্ৰকল্পটো প্ৰস্তুত কৰি উলিয়ায় আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ জৰিয়তে এই মহোৎসৱত অংশ গ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে।
মন কৰিব লগীয়া যে এই প্ৰকল্পৰ জৰিয়তে প্ৰস্তুত কৰা কীটনাশক বহল ভিত্তিত উৎপাদনৰ আঁচনি গ্ৰহণ কৰিলে জৈৱিক কৃষিৰ দিশত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন হোৱাৰ বাট উন্মোচিত হোৱাৰ লগতে ই কৃষক সমাজক বহু উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে বিজ্ঞানী মহলে।
আনহাতে ছাত্ৰ দুজনৰ এই কৃতিত্বৰ বাবে ব্যভিন্ন ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁলোকক অভিনন্দন জনাইছে।