• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱৰুদ্ধ গৰুখুটি! চিকিৎসাৰ পৰা বঞ্চিত হৈ এটি নৱজাতকসহ মৃত্যু দুই শিশুৰ, চৰজমিন প্ৰতিবেদন ২

প্ৰাঞ্জল দেউৰী, গুৱাহাটী by প্ৰাঞ্জল দেউৰী, গুৱাহাটী
October 25, 2021 2:44 pm
Gorukhuti Eviction
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰুখুটি, ঢলপুৰৰ অমানৱীয় উচ্ছেদে এমাহ অতিক্ৰম কৰি গ’ল। উচ্ছেদিত স্থানত আৰম্ভ কৰা হৈছে গৰুখুটি প্ৰকল্প। এতিয়াও অৱৰুদ্ধ দ্বীপত জীৱন নিৰ্বাহ কৰি আছে দুৰ্ভগীয়া উচ্ছেদিত লোকসকলে।

চতিয়াৰ বিধায়ক তথা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্ব উচ্ছেদস্থলীত আৰম্ভ কৰা হৈছে প্ৰকল্পৰ কৃষি কৰ্ম।

উক্ত কৃষিকৰ্মৰ দোহাই দি গৰুখুটিসহ ঢলপুৰৰ চৰত অব্যাহত আন-অফিচিয়েল জৰুৰী অৱস্থা তথা ১৪৪ ধাৰা।

গৰুখুটি প্ৰকল্পত কেৱল প্ৰকল্পৰ কৰ্মী তথা স্বেচ্ছাসেৱক আৰু প্ৰশাসনে অনুমতি দিয়া লোকৰহে প্ৰৱেশ কৰাৰ অধিকাৰ আছে। উচ্ছেদিত লোকসকলকো শিবিৰ পতা স্থানৰ পৰা গৰুখুটিলৈ যোৱাটো নিষিদ্ধ কৰি দিছে প্ৰশাসনে।

সংবাদ মাধ্যমৰ লোকৰো প্ৰৱেশ নিষিদ্ধ কৰা হৈছে গৰুখুটিত। নিষিদ্ধ কৰা হৈছে গৰুখুটি প্ৰকল্পত ফ’টোকে আদি কৰি যিকোনো প্ৰকাৰৰ তথ্য সংগ্ৰহৰ।

Apply Now

গৰুখুটিলৈ যোৱা মূল পথটোকো ভাৰতীয় সেনাৰ অস্থায়ী শিবিৰ পাতি বন্ধ কৰি দিয়া হৈছে। উক্ত পথৰে কোনো লোককে যাতায়াত কৰাটো নিষিদ্ধ কৰি দিছে ভাৰতীয় সেনাই।

যাৰ ফলত উচ্ছেদিত লোকসকলে পিছ দুৱাৰৰ দৰে ব্যৱহাৰ কৰিবলগীয়া হৈছে বিকল্প পথ। দৈনন্দিন ব্যৱহাৰ কৰা মূল পথটো যাতায়াতৰ বাবে বন্ধ কৰি দিয়াৰ ফলত উচ্ছেদিত লোকসকলৰ বাবে ভূতৰ ওপৰত দানহ পৰাৰ দৰেই অৱস্থা হৈছে।

তেওঁলোকৰ বাবে মূলপথটো বন্ধ কৰি দিয়াৰ ফলতে অস্থায়ী শিবিৰ পাতি থকা উচ্ছেদিতসকলৰ দুটি শিশু চিকিৎসাৰ অভাৱত মৃত্যুও হৈছে। চিকিৎসাৰ অভাৱৰ বাবে মাত্ৰ চাৰি মহীয়া দুটি শিশুৰ কৰুণ মৃত্যু ঘটিছে গৰুখুটিৰ উচ্ছেদিত স্থানত।

ৰহিম আলী আৰু মেচিৰণ নেচাৰ চাৰিমহীয়া পুত্ৰ সন্তান মজিবৰ আলীৰ যোৱা ১২ অক্টোবৰত চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক সাৱতি লোৱা বুলি দাবী কৰিছে উচ্ছেদিত লোকসকলে।

আনহাতে আকেশ আলী আৰু মিনুৱাৰা পাৰবিনৰ চাৰিমহীয়া আখি আখতাৰা নামৰ কন্যা সন্তানটিও মূল পথটো বন্ধ কৰি ৰখাৰ ফলত চিকিৎসাৰ অভাৱত পৰিছিল। অৱশ্যে পিছলৈ বিকল্প পথেৰে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ১৫ অক্টোবৰত কন্যা শিশুটিৰ GMCHতে কৰুণ মৃত্যু ঘটে।

ইফালে ফাতেমা বিবি নামৰ এগৰাকী প্ৰসূতিৰ এটি নৱজাতকতো চিকিৎসাৰ অভাৱতে মৃত্যু হোৱা বুলি দাবী কৰিছে উচ্ছেদিত লোকসকলে। তেওঁলোকৰ মতে মূল পথটো বন্ধ কৰি দিয়াৰ ফলত প্ৰসূতিগৰাকীক যথাসময়ত চিকিৎসালয়লৈ নিব পৰা নাছিল।

বিকল্প পথেৰে স্থানীয় চিকিৎসালয়লৈ নিয়াৰ পিছতে প্ৰসূতিগৰাকীৰ গুৱাহাটীস্থিত GMCHলৈ প্ৰেৰণ কৰা হয়। কিন্তু যথেষ্ট পলম হোৱাত যোৱা ২৩ ছেপ্টেম্বৰত নৱজাতকটিৰ কৰুণ মৃত্যু হয় বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰসূতিগৰাকী এতিয়া স্বাস্থ্যৰ অৱস্থা সন্তোষজনক।

উচ্ছেদিত লোকসকলে প্ৰকাশ কৰা অনুসৰি যোৱা ২০ ছেপ্টেম্বৰত ধলপুৰত উচ্ছেদ আৰম্ভ হোৱাৰ পিছতে বৃষ্টিপাতৰ আৰম্ভ হৈছিল। প্ৰশাসনে জাননী প্ৰদানৰ মাত্ৰ ১২ ঘণ্টাৰ ভিতৰত হঠাতে উচ্ছেদ কাৰ্য আৰম্ভ কৰাৰ ফলত বৃষ্টিপাতৰ পৰা চাৰিমহীয়া শিশুকেইটি ৰক্ষা কৰিব নোৱাৰাৰ বাবেই শাৰীৰিক অসুস্থতাৰ আৰম্ভ হয় আৰু পথ বন্ধৰ বাবে যথাসময়ত চিকিৎসা প্ৰদান কৰিব নোৱাৰা বাবেই কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় দুয়োটি শিশুৱে।

আনহাতে উচ্ছেদৰ পূৰ্বে ধলপুৰ আৰু গৰুখুটিৰ সকলো ইঞ্জিনযুক্ত আৰু অন্যান্য নাওকে প্ৰশাসনে জব্দ কৰি থৈছিল আৰু তেওঁলোক বৰ্হিবিশ্বৰে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ থকাৰ লগতে প্ৰথমাৱস্থাত বিকল্প পথৰেৰে যাতায়ত কৰাৰ সকলো বাটো বন্ধ হৈ পৰিছিল। যাৰফলত ৰোগীয়া শিশু আৰু প্ৰসূতিগৰাকীক সময়মতে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ অপৰাগ হৈছিল উচ্ছেদিত লোকসকল।

ইফালে কোনো ক্ষতিপূৰণ, পুনঃসংস্থাপন আৰু চৰকাৰী সাহায্য নোপোৱাকৈয়ে এতিয়াও চৰৰ মাজতে মাটিৰ ওপৰত চালি একোখন লৈ জীৱন যাপন কৰি আছে উচ্ছেদিত লোকসকলে।

প্ৰাঞ্জল দেউৰী, গুৱাহাটী

প্ৰাঞ্জল দেউৰী, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd