অভ্যন্তৰীণ বাদ-বিবাদেৰে খণ্ড-বিখণ্ড হোৱাৰ উপক্ৰম হোৱা টাই আহোম যুৱ পৰিষদৰ অতি গুৰুত্বপূৰ্ণ পদত থকা দুজন নেতাক সংগঠনটোৱে দায়িত্বৰ পৰা অব্যাহতি দিছে।
আজি এক বিবৃতি যোগে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাও হেমন্ত চাংমায়ে এই কথা জানিবলৈ দিয়ে।
বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱেশ্বৰ বৰুৱা আৰু সাধাৰণ সম্পাদক জয়নাৰায়ণ বুঢ়াগোহাঁইক সংগঠনটোৱে তেওঁলোকৰ পদবীৰ পৰা অব্যাহতি প্ৰদান কৰিছে।
চাংমায়ে বিবৃতিটোত কয়, ‘টাই আহোম যুৱ পৰিষদৰ দুটা পক্ষক একত্ৰিত কৰাৰ নামত এই দুয়োজনে সংগঠনটোৰ সংবিধান আৰু সংগঠনে নিৰ্ধাৰণ কৰি দিয়া বিষয়ৱবীয়াক আওকাণ কৰি নিজৰ লাভালাভৰ বাবে গোপনে সভা অনুষ্ঠিত কৰি আহিছে।’
তেওঁ লগতে কয় যে নেতা দুজনৰ বিতৰ্কিত কৰ্মকাণ্ডৰ বাবেই সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতাই পদত্যাগ কৰিছিল আৰু সংগঠনটো পুনৰ বিভক্ত হোৱাৰ উপক্ৰম হৈছিল।
আনহাতে, টাই আহোম যুৱ পৰিষদৰ একত্ৰিকৰণ প্ৰক্ৰিয়া কিছুদিনৰ বাবে স্থগিত ৰখা বুলি জানিবলৈ দি অহা ২৫ আগষ্টত গুৱাহাটীৰ সংগঠনটোৰ এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব বুলি বিবৃতিটোত প্ৰকাশ কৰে।