তিনিচুকীয়া জিলাৰ লেখাপানীত আজি আৰক্ষী আৰু সেনাই এক যুটীয়া অভিযান চলাই ৯০ গ্ৰাম ব্ৰাউন চুগাৰসহ দুগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুগৰাকীক ক্ৰমে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ইনথেম নগা পথাৰৰ বিপুল গায়ন (৩৪) আৰু অভিজিৎ গগৈ (৩২) বুলি চিনাক্ত কৰা হৈছে।
সেনা-আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত সৰ্বোদয় গাঁৱৰ বুঢ়ীদিহিং নদীৰ ইনথেম ঘাটত আটক কৰে। তেওঁলোকৰ কবলৰ পৰা এ এছ ০৬ জি ৩৭৫০ নম্বৰৰ এখন মটৰ চাইকেল চাৰিটা মবাইল আৰু নগদ ধন জব্দ কৰা হয়।
উল্লেখযোগ্য যে মহকুমাটোত দীৰ্ঘ দিনৰ পৰা অব্যাহত থকা এনে নিচা জাতীয় দ্ৰব্যৰ বেহাৰ সন্দৰ্ভত বিভিন্ন সময়ত স্থানীয় ৰাইজৰ লগতে দল সংগঠন সমূহে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও এই পৰ্যন্ত ইয়াৰ বিৰুদ্ধে কোনো উপযুক্ত ব্যৱস্থা লোৱা পৰিলক্ষিত ন’হল।
কিহৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে সেয়া এতিয়া অঞ্চলবাসীৰ বাবে এক ৰহস্যৰ বিষয় হৈ পৰিছে। স্থানীয় ৰাইজে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনক তাৎক্ষণিক হস্তক্ষেপৰ দাবী তুলি ইয়াৰ অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব বুলি সদৰী কৰে।