• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন আয়োগত দাখিল কৰিছে ভুৱা পান কাৰ্ডৰ তথ্য!

কোব্ৰাপ’ষ্টে উদঙাইছে প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ভূমিধৰ বৰ্মনে নিৰ্বাচন আয়োগত দাখিল কৰা ভুৱা পানকাৰ্ডৰ তথ্যৰ সৱিশেষ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 5, 2018 3:39 pm

3 min read

Tarun-Gogoi-Bhumidhar-Barman-750x375
582
VIEWS
Share on FacebookShare on Twitter

 

অসম কংগ্ৰেছৰ বাবে অপেক্ষা কৰিছে এক অস্বস্তিকৰ মুহূৰ্ত। কোব্ৰাপ’ষ্টৰ এক চাঞ্চল্যকৰ অনুসন্ধানে উদঙাই দিছে ৰাজ্যখনৰ দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন আয়োগত তেওঁলোকৰ আয়ৰ তথ্য দাঙি ধৰোতে দাখিল কৰা তেওঁলোকৰ ভুৱা পান কাৰ্ডৰ বিতং তথ্য।

অনুসন্ধানত প্ৰকাশ পাইছে যে প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ভূমিধৰ বৰ্মন দেশৰ ১৯৪ গৰাকী শীৰ্ষ ৰাজনীতিকৰ মাজত স্থান পাইছে যিসকলে নিৰ্বাচন আয়োগত তেওঁলোকৰ আয়ৰ উৎস দাঙি ধৰাৰ সময়ত ভুৱা পানকাৰ্ডৰ তথ্য দাখিল কৰিছিল। এইসকলৰ মাজত চাৰিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ১০গৰাকী বৰ্তমানৰ মন্ত্ৰীও আছে।

অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা তৰুণ গগৈ ২০১৬’ৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ পিছত ক্ষমতাৰ পৰা অপসাৰিত হয় আৰু গগৈৰ পৰা শাসনৰ বাঘজৰী সৰ্বানন্দ সোণোৱালৰ হাতলৈ যায়।

আনহাতে, ৰাজ্যখনৰ এগৰাকী প্ৰবীণ কংগ্ৰেছী নেতা ভূমিধৰ বৰ্মনে ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৪ মে’লৈকে চমু কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। বৰ্মনে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ সাতবাৰৰ বাবে নিৰ্বাচিত হৈছিল।

বাতৰিটোত প্ৰকাশ কৰা অনুসৰি অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী তথা ছয়বাৰকৈ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈয়ে দুখন সুকীয়া পানকাৰ্ডৰ তথ্য দাখিল কৰিছিল।

২০০৬ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত গগৈয়ে ACOPG06834 নম্বৰৰ পান কাৰ্ড দাঙি ধৰিছিল যিখনৰ অস্তিত্ব নাছিল। কিন্তু পৰৱৰ্তী ২০১১’ৰ নিৰ্বাচনত কংগ্ৰেছ নেতাগৰাকীয়ে ACOPG0683M নম্বৰৰ এখন বেলেগ পানকাৰ্ড ব্যৱহাৰ কৰিছিল।

অৱশ্যে, গগৈ পৰিয়ালৰ এই দুয়োটা নিৰ্বাচনৰ মাজতে এক ৰহস্যজনক সম্পত্তি বৃদ্ধিৰ সৌভাগ্য ঘটে। ২০১১ চনৰ নিৰ্বাচনত তেওঁলোকৰ ঘোষিত স্থাৱৰ সম্পত্তি ৩.৬৫ কোটি টকা আৰু অস্থাৱৰ সম্পত্তি আছিল ৩৫ লাখ টকা।

আনহাতে, ইয়াৰ বিপৰীতে ২০০৬ চনত গগৈয়ে তেওঁৰ আয়কৰ ৰিটাৰ্ণত সৰ্বমুঠ আয় দেখুৱাইছিল ৫,৯২,৫৮০ টকা য’ত অস্থাৱৰ সম্পত্তি দেখুৱা হৈছিল ৩৫.২৫ লাখ টকা। সেইমতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গুৱাহাটী শাখাত ১৪.৭৭ লাখ টকা, নতুন দিল্লীৰ ইণ্ডিয়ান অভাৰচীজ বেংকৰ দৰিয়াগঞ্জ শাখাত ৩.৯১ লাখ টকা আৰু নতুন দিল্লীৰ এছ বি আই পাৰ্লিয়ামেন্ট ষ্ট্ৰীট ব্ৰান্সত ১১,৯২০ টকা জমা দেখুওৱা হৈছিল।

বাতৰিটোত লগতে প্ৰকাশ কৰিছে যে ২০০৬’ৰ বিধানসভাৰ নিৰ্বাচনত যেতিয়া তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰিছিল গগৈৰ উত্তৰসূৰী তথা সাতবাৰৰ বিধায়ক ভূমিধৰ বৰ্মনে ACBPD0559N নম্বৰৰ তেওঁৰ পানকাৰ্ড দাখিল কৰিছিল যিখনৰ অস্তিত্ব বিচাৰি পোৱা নাযায়।

ইয়াৰ পৰৱৰ্তী নিৰ্বাচনত তেওঁ দাখিল কৰিছিল ACBPB0559N নম্বৰৰ আন এখন সুকীয়া পানকাৰ্ড।

কোব্ৰাপ’ষ্টে প্ৰকাশ কৰা তালিকাত কংগ্ৰেছৰ ৭২ গৰাকী আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৪১ গৰাকী ৰাজনীতিক আছে।

অৱশ্যে, বাতৰিটো অনুসৰি দেশৰ প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে ‘এই সন্মানৰ অংশীদাৰ’ হৈছে।

বাতৰিটোত লগতে সদৰী কৰিছে যে এইবোৰ হৈছে ‘’ তেওঁলোকৰ অসমানুপাতিক আয় বৃদ্ধিৰ তথ্য নিৰ্বাচনত লুকুওৱাই ৰখাৰ লগতে কৰ ফাঁকিৰ’’ এক পদক্ষেপ।

উল্লেখযোগ্য যে তালিকাত বৰ্তমানৰ ১০ গৰাকী মন্ত্ৰীৰ নামো আছে।

আনহাতে, আইন অনুসৰি পানকাৰ্ডৰ ভুৱা তথ্য দাখিলৰ বাবে আনকি জেইল তথা সম্পত্তি বাজেয়াপ্ত পৰ্যন্ত হ’ব পাৰে।

ইপিনে কোব্ৰাপোষ্টৰ প্ৰতিবেদন সন্দৰ্ভত আমাৰ সাংবাদিকৰ আগত ডাঃ ভূমিধৰ বৰ্মনে কয়, “এই বিষয়ে মই আপুনি কোৱাৰ পাছতহে গম পালো। পানকাৰ্ডৰ ৰ তথ্য কেনেকৈ ভুল হ’ব পাৰে মই ধৰিব পৰা নাই। মই বিষয়টো সন্দৰ্ভত খবৰ ল’ব লাগিব। নিৰ্বাচন আয়োগক দাখিল কৰাৰ বাবে মোৰ এজন উকিলে এই কাম বিলাক কৰি দিয়ে। তেওঁৰ লগতো কথা পাতিব লাগিব। লগতে মোৰ ল’ৰাজনেও এইবিলাক চোৱাচিতা কৰে। তেওঁৰ লগতো কথা পাতি লওঁ। এতিয়াই মই একো প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নোৱাৰিম।”

প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰায়ো প্ৰতিবেদনটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত আছে। “মই এই বিষয়ে বাতৰি পঢ়িহে জানিব পাৰিছো। এইটো এটা আইনী বিষয়। বিষয়টো সন্দৰ্ভত মই যিহেতু নাজানো, গতিকে এতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰিম। আগতে এই বিষয়ে মই জানি লোৱাটো উচিত হ’ব,” নৰ্থ ইষ্ট নাও-ৰ আগত এই মন্তব্য বৰাৰ।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd