আমেৰিকাৰ দৰে উন্নত দেশলৈ পঢ়িবলৈ বা কাম কৰিবলৈ যোৱা ভাৰতীয়সকল বিভিন্ন সময়ত বৰ্ণবাদৰ বলি হোৱাৰ খবৰ পোৱা যায়। কিন্তু শেহতীয়াকৈ এক আচৰিত ঘটনা পোহৰলৈ আহিছে য’ত ভাৰতীয় খাদ্যৰ গোন্ধক লৈ দুজন ভাৰতীয় ছাত্ৰই চৰম অপমানৰ সন্মুখীন হ’বলগীয়া হৈছে। আমেৰিকাৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাত ভাৰতীয় খাদ্য পালেং পানীৰক লৈ কৰা তুচ্ছ-তাচ্ছিল্যৰ বিৰুদ্ধে যুঁজ দি দুই ছাত্ৰই ১.৮ কোটি টকাৰো অধিক ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হৈছে।
ঘটনাটো আৰম্ভ হৈছিল ২০২২ চনত যেতিয়া আদিত্য প্ৰকাশ নামৰ এজন ভাৰতীয় ছাত্ৰই পি এইচ ডি কৰিবলৈ আমেৰিকাৰ বিখ্যাত ক’লৰাডো বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল। তেওঁৰ সৈতে একেখন বিশ্ববিদ্যালয়তে উৰ্মি ভট্টাচাৰ্য নামৰ আন এগৰাকী ভাৰতীয় ছাত্ৰীয়েও অধ্যয়ন কৰি আছিল। ২০২৩ চনৰ ৫ ছেপ্টেম্বৰত আদিত্যই নিজৰ ঘৰৰ পৰা বনাই নিয়া পালেং পানীৰ দুপৰীয়াৰ আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ কেন্টিনলৈ গৈছিল। তেওঁ যেতিয়া খাদ্যখিনি গৰম কৰিবলৈ মাইক্ৰৱেভত দিছিল, তেতিয়াই বিশ্ববিদ্যালয়ৰ এজন কৰ্মচাৰীয়ে দৌৰি আহি তেওঁক বাধা দিয়ে। কৰ্মচাৰীজনে অভিযোগ কৰে যে এই খাদ্যৰ পৰা অতি দুৰ্গন্ধ ওলাইছে আৰু এনে ধৰণৰ ভাৰতীয় খাদ্য বিশ্ববিদ্যালয়ৰ চৌহদত খাব নোৱাৰিব।
প্ৰথম অৱস্থাত আদিত্য আৰু উৰ্মিয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল যদিও বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীজনে বলপূৰ্বকভাৱে তেওঁলোকৰ খাদ্য মাইক্ৰৱেভৰ পৰা উলিয়াই পেলাই দিয়ে। কেৱল সিমানতে এই দুৰ্ব্যৱহাৰ সীমাবদ্ধ থকা নাছিল। অভিযোগ অনুসৰি ইয়াৰ পিছৰ পৰা প্ৰতিদিনে দুই ভাৰতীয় শিক্ষাৰ্থীক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছিল। তেওঁলোকক উদ্দেশ্য কৰি বৰ্ণবাদী মন্তব্য কৰাৰ লগতে আন ছাত্ৰ-ছাত্ৰীৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰি ৰখাৰ চেষ্টা কৰা হৈছিল। এই নিৰন্তৰ অপমান আৰু উপহাসৰ বাবে আদিত্য আৰু উৰ্মি মানসিকভাৱে ভাগি পৰিছিল।
অৱশেষত এই অন্যায়ৰ বিৰুদ্ধে দুয়োৱে আইনী যুঁজ দিয়াৰ সিদ্ধান্ত লয় আৰু আদালতৰ কাষ চাপে। আদালতত সকলো তথ্য আৰু প্ৰমাণ দাখিল কৰাৰ পিছত বিচাৰকৰ নিৰ্দেশত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক ক্ষতিপূৰণ দিবলৈ বাধ্য হয়। দুই ভাৰতীয় ছাত্ৰক ১.৮ কোটি টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰা হয়। অৱশ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে ভৱিষ্যতে এই দুই শিক্ষাৰ্থীয়ে উক্ত বিশ্ববিদ্যালয়খনত কোনো ধৰণৰ চাকৰিৰ সুযোগ লাভ নকৰিব। এই সমগ্ৰ ঘটনাক লৈ আদিত্যই অতি দৃঢ়তাৰে কয় যে নিজৰ দেশৰ খাদ্য তেওঁৰ বাবে গৌৰৱৰ বিষয় আৰু আনৰ পচন্দ-অপচন্দৰ বাবে তেওঁ নিজৰ পৰিচয়ক কেতিয়াও সৰু হ’বলৈ নিদিয়ে।





