গুৱাহাটীৰ মালিগাঁৱত এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় দীপক হুজুৰী আৰু কমলা হুজুৰী নামৰ এহাল দম্পতী। মালিগাঁৱৰ শংকৰদেৱ নগৰত নিশা পাহাৰৰ পৰা নামি আহি ঘৰৰ ভিতৰত প্ৰবেশ কৰে নাহৰফুটুকী বাঘটো। আহত দম্পতীহাল সম্প্ৰতি সঞ্জীৱনী হাস্পাতালত চিকিৎসাধীন হৈ আছে।
হঠাৎ ঘৰৰ ভিতৰত নাহৰফুটুকী বাঘটো দেখি পৰিয়ালৰ লোকৰ মাজত হুৱা-দুৱা লাগে। আতংকিত হৈ পৰিয়ালৰ লোকে বাঘটোক খেদাৰ চেষ্টা কৰে যদিও বাঘটোৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় দম্পতীহাল। নিশা চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত স্থানীয় বহু লোক উপস্থিত হৈ বাঘটোক আঁতৰাই পঠাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।
আনহাতে ঘটনা সন্দৰ্ভত বনবিভাগ আৰু আৰক্ষীক অৱগত কৰা হয় যদিও বহু দেৰিলৈকে ঘটনাস্থলীত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত নোহোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। অৱশেষত বন বিভাগে ট্ৰেংকুলাইজাৰেৰে অচেতন কৰি কৰায়ত্ত কৰে নাহৰফুটুকী বাঘটো।
উল্লেখযোগ্য যে মহানগৰীৰ বিভিন্ন অঞ্চলত বনৰীয়া জীৱ-জন্তুই প্ৰায়ে খাদ্যৰ সন্ধানত মানুহৰ বসতিস্থললৈ ঢাপলি মেলে। ব্যাপক বনধ্বংসৰ পৰিণতিতে এনে ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰে।