অসমৰ পৰা বিহাৰলৈ ৬০ কেজিতকৈ অধিক গাঞ্জা লৈ যোৱা এখন পঞ্জীয়নবিহীন বাহনত দুই কিশোৰ ধৰা পৰাৰ পাছতে দেশৰ আন্তঃৰাজ্যিক সুৰক্ষা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে পাটনা উচ্চ ন্যায়ালয়ে। আদালতে এই ঘটনাক ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থাৰ এক গুৰুতৰ ব্যৰ্থতাৰ দিশ হিচাপে লৈ পাটনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক তদন্তৰ নিৰ্দেশ দিছে।
১৫ ছেপ্টেম্বৰত ন্যায়াধীশ অৰুম কুমাৰ ঝাৰ একক বিচাৰপীঠে দিয়া ৰায়ত পাটনা জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এই ঘটনাৰ বিষয়ে তদন্ত কৰি তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে কয় যে সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বাবে ৰাজ্যত ‘সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা’ থকাৰ দাবী এই ঘটনাৰ পোহৰত ‘ফোপোলা’ যেন লাগে।
আদালতে বিশেষভাৱে প্ৰশ্ন তোলে যে এখন বাহনে অসম পৰা বিহাৰলৈ ইমান বৃহৎ পৰিমাণৰ গাঞ্জা কঢ়িয়াই আনিলে, অথচ ৰাজ্যৰ সীমা পাৰ হৈ আহোঁতে কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’ল কিয়। আদালতে মন্তব্য কৰে যে গাঞ্জাৰ সলনি এই বাহনত বিস্ফোৰক থাকিলেও সেয়া সাধাৰণ মানুহৰ জীৱনৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰিলেহেঁতেন।
এই ঘটনা পাটনাৰ উপকণ্ঠৰ দিদাৰগঞ্জত সংঘটিত হৈছিল। যোৱা বছৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, অৰ্থাৎ ডিআৰআইৰ বিষয়াসকলে এখন বাহনত থকা দুই কিশোৰক আটক কৰিছিল। দুয়ো পাটনা জিলাৰ বাসিন্দা আৰু বাহনখনত তেওঁলোক দুজনৰ বাহিৰে আন কোনো ব্যক্তি নাছিল বুলি আদালতৰ নথিত উল্লেখ আছে।
আদালতে জনোৱা মতে, বাহনখনৰ কোনো পঞ্জীয়ন নাছিল আৰু দুই কিশোৰৰ কোনোজনেই চালকৰ অনুজ্ঞাপত্ৰ দেখুৱাব পৰা নাছিল। পাছত বাহনখনৰ এটা গোপন খোপৰ পৰা ১০৯টা পেকেটত ভৰোৱা ৬০ কেজিতকৈ অধিক গাঞ্জা উদ্ধাৰ কৰা হয়।
ঘটনাৰ পাছত দুয়োৰে বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেন্সেছ আইন, অৰ্থাৎ এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। তেওঁলোকক কিশোৰ ন্যায় ব্যৱস্থাৰ অধীনত ‘আইনৰ সৈতে সংঘাতত থকা শিশু’ হিচাপে ঘোষণা কৰা হৈছিল।
পাছত কিশোৰ ন্যায় ব’ৰ্ডে এজনক জামিন প্ৰদান কৰে যদিও আনজনৰ জামিন আবেদন নাকচ কৰে। ইয়াৰ পিছতে জামিন নোপোৱা কিশোৰজনে পাটনা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু এই আবেদনতেই আদালতে জামিন মঞ্জুৰ কৰে।
অৱশ্যে বয়স সম্পৰ্কীয় দাবীক লৈও আদালতে গুৰুত্বপূৰ্ণ প্ৰশ্ন তোলে। আবেদনকাৰীয়ে দাবী কৰিছিল যে তেওঁ কেতিয়াও বিদ্যালয়ত পঢ়া নাছিল আৰু সেইবাবে বয়স প্ৰমাণ কৰিবলৈ বিদ্যালয়ৰ নথি জমা দিব পৰা নাছিল। আদালতে এই দাবী বৰ্তমানৰ সময়ৰ প্ৰেক্ষাপটত বিশ্বাসযোগ্য নহয় বুলি মন্তব্য কৰে।
পাটনা উচ্চ ন্যায়ালয়ে পাটনা জ্যেষ্ঠ আৰক্ষী অধীক্ষকক তদন্ত কৰি দুয়োজনেই প্ৰকৃততে কিশোৰ নে নহয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তদন্তত যদি বয়স সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য গোপন কৰা বা কোনো ধৰণৰ জালিয়াতি কৰাৰ তথ্য পোহৰলৈ আহে, তেন্তে ৰাজ্য চৰকাৰে কিশোৰ ন্যায় ব’ৰ্ডৰ কাষ চাপি জামিন বাতিল আৰু তেওঁলোকক ‘আইনৰ সৈতে সংঘাতত থকা শিশু’ হিচাপে ঘোষণা কৰা পূৰ্বৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ দাবী কৰিব পাৰিব বুলি আদালতে স্পষ্ট কৰে।
এই ঘটনাত পাটনা উচ্চ ন্যায়ালয়ৰ মন্তব্যই এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নাৰ্কটিক সামগ্ৰী কঢ়িওৱা বাহনৰ ওপৰত নজৰদাৰী, আন্তঃৰাজ্যিক সীমান্তত তালাচী আৰু চোৰাং সৰবৰাহ ৰোধৰ ব্যৱস্থাক পুনৰ আলোচনাৰ মাজলৈ আনিছে। ৬০ কেজিতকৈ অধিক গাঞ্জা লৈ এখন বাহনে অসম পৰা বিহাৰলৈ আহি পোৱাৰ পাছতো মাজপথত ধৰা নপৰা ঘটনাই সুৰক্ষা ব্যৱস্থাৰ ওপৰতেই এতিয়া ডাঙৰ প্ৰশ্নচিহ্ন আনিছে।





