• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানসিক স্বাস্থ্যক জীয়াই থকাৰ অধিকাৰৰ অংশ বুলি গণ্য কৰাৰ দুমাহৰ পাছত সুলভ মূল্যৰ চিকিৎসা সেৱা বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ IIT-ৰ ছাত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2025 8:51 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ প্ৰেক্ষাপটত শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ বিষয়। শেহতীয়াকৈ পশ্চিম বংগৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, খড়গপুৰে কিয় মানসিক সমস্যা(borderline personality disorder) থকা অনুসূচিত জাতিৰ এজন ছাত্ৰক পিতৃ-মাতৃৰ সৈতে থাকি সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ) দিল্লীত সুলভ মূল্যৰ মানসিক স্বাস্থ্য সেৱা লাভ কৰিবলৈ আইআইটি দিল্লীলৈ বদলি কৰিবলৈ দিয়া নাছিল সেই সন্দৰ্ভত সোধা-পোছা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে তদন্ত কৰিছে।

চলিত বৰ্ষৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত “মানসিক স্বাস্থ্যক জীয়াই থকাৰ অধিকাৰৰ অবিচ্ছেদ্য উপাদান” বুলি ঘোষণা কৰাৰ পাছত এই গোচৰটো ন্যায়ালয়ৰ মজিয়াত উপস্থাপিত প্ৰথম গোচৰসমূহৰ ভিতৰত অন্যতম। জুলাই মাহৰ ৰায়দানটোৱে এই কথাত গুৰুত্ব আৰোপ কৰিছিল যে মৰ্যাদাপূৰ্ণ জীৱন শৈলী বৰ্তাই ৰাখিবলৈ,  নিজকে পৰিচালনা কৰিবলৈ আৰু স্বাচ্ছন্দ্যময় জীৱন জীয়াই থাকিবৰ বাবে মানসিক স্বাস্থ্যই মূল আধাৰ।

Apply Now

মানসিক স্বাস্থ্যজনিত সমস্যা থকা ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ সৈতে জড়িত হ’বলৈ সকলো ধৰণৰ প্ৰতিষ্ঠানৰ বাবে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰি আদালতে জুলাই মাহত সুলভ মূল্যৰ মানসিক স্বাস্থ্যসেৱাৰ অধিকাৰক “সাংবিধানিক আদেশ” হিচাপে স্বীকৃতি দিছিল।

একে সময়তে উচ্চতম ন্যায়ালয়ে লেখক জিদ্দু কৃষ্ণমূৰ্তিৰ উদ্ধৃতি দি সুকদেব সাহা বনাম অন্ধ্ৰ প্ৰদেশ ৰাজ্য গোচৰৰ ৰায়দানত, “শিক্ষা প্ৰতিষ্ঠান, প্ৰশিক্ষণ কেন্দ্ৰ, আৰু আৱাসিক শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ আৱেগিক আৰু মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত থকা ব্যৱস্থাগত ব্যৰ্থতাৰ দিশটো আঙুলিয়াই দিয়ে”। উল্লেখ্য যে, ৰাষ্ট্ৰীয় যোগ্যতা-সহ-প্ৰৱেশ পৰীক্ষা (NEET)ৰ প্ৰশিক্ষণ কেন্দ্ৰত নিজৰ প্ৰাণ কাঢ়ি লোৱা ১৭ বছৰীয়া যুৱতীগৰাকীৰ সৈতে সুকদেব সাহাই দাখিল কৰা গোচৰটো জড়িত।

শনিবাৰে (২৭ ছেপ্টেম্বৰ, ২০২৫) প্ৰকাশিত এক আদেশত লিপিবদ্ধ কৰা হৈছে যে আইআইটি খড়গপুৰৰ ছাত্ৰজনৰ গোচৰটোৰ শুনানি ন্যায়াধীশ বি.ভি. নাগাৰত্নাৰ বিচাৰপীঠে ১০ অক্টোবৰত দুৰ্গা পূজা ছুটীৰ পাছত গ্ৰহণ কৰিব।

ছাত্ৰজনৰ আবেদনত অধিবক্তা বিপিন নাইৰ, আদিত্য নৰেন্দ্ৰনাথ আৰু এম বি ৰম্যই কয় যে তেওঁৰ নথিভুক্ত চিকিৎসা অৱস্থাৰ বাবে অভিভাৱকৰ অবিৰত তত্বাৱধানৰ লগতে এইমছ দিল্লীত উপলব্ধ বিশেষ ৰিপিটিটিভ ট্ৰেন্সক্ৰেনিয়েল মেগনেটিক ষ্টিমুলেচন থেৰাপীৰ প্ৰয়োজন। এই থেৰাপী খড়গপুৰত নহয়, কলকাতাৰ ব্যয়বহুল ব্যক্তিগত চিকিৎসালয়তহে এই সুবিধা উপলব্ধ ।

ছাত্ৰজনে দাবী কৰে যে চিকিৎসাৰ্থে বদলিৰ বাবে কৰা অনুৰোধ পূৰ্বৰ অনুৰূপ ঘটনাত অনুমোদন জনোৱা হৈছিল, কিন্তু তেওঁৰ ক্ষেত্ৰৰ শিক্ষানুষ্ঠান কৰ্তৃপক্ষই এনে নকৰাত গোটেই ঘটনাটো বৈষম্যমূলক হৈ পৰিছে। আগতে আইআইটিৰ বদলি ব্যৱস্থাৰ জৰিয়তে চিকিৎসাজনিত কাৰণত ছাত্ৰ-ছাত্ৰীক বাহিৰলৈ স্থানান্তৰিত কৰাৰ সুবিধাও দিয়া হৈছিল।

মানসিক স্বাস্থ্যসেৱা আইনৰ ১৮ নং ধাৰাটোৰ উল্লেখ কৰি নাইৰে সকলোৰে বাবে মানসিক স্বাস্থ্য সেৱাৰ নিশ্চয়তা দিয়াৰ কথা স্বীকাৰ কৰে। ছাত্ৰজনৰ আবেদনখনত দাখিল কৰা তথ্যসমূহত উল্লেখ কৰা হৈছে যে সুকদেব সাহাৰ ৰায়দানত “ছাত্ৰ সমাজৰ মানসিক স্বাস্থ্যৰ সমস্যাসমূহ মোকাবিলা কৰাৰ বাবে সুলভ ব্যৱস্থাৰ সৈতে প্ৰতিষ্ঠানসমূহে ব্যাপক মানসিক স্বাস্থ্য নীতি গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে” বুলি উল্লেখ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd