NORTHEAST NOW (Assamese)

আজি পুনৰ গুৱাহাটীত ওলাল দুজন কোভিড-১৯ পজিটিভ ৰোগী; ৰাজ্যত ৯১জনলৈ বৃদ্ধি

May 16, 2020 12:40 pm · কল্পজ্যোতি শইকীয়া
Updated: May 16, 2020 12:41 pm
প্ৰতিনিধিত্বমূলক ফটো

আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাত ২ গৰাকীকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।

এই দুয়োগৰাকী লোক ফাঁচীবজাৰৰ আলু গুদামৰ লগত জড়িত।

অসমত এতিয়ালৈকে ৯১ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। তাৰে ৪৬ জন চিকিৎসাধীন। ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে।

ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে আজি জনাইছে এই কথা।

কালিৰ দিনটোতো তিনিজনকৈ লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

ইয়াৰে এজন সৰুসজাই কোৱাৰেন্টাইন কেম্পৰ, ১জন GMCH ত চিকিৎসাধীন আৰু আনজন পশ্চিম বংগৰ পৰা প্ৰব্ৰজিত লোক।

যোৱা ১৪ মে’ত এই মাৰাত্মক ভাইৰাছ ৭ গৰাকীৰ দেহত পোৱা গৈছিল। তাৰে ৪ গৰাকী কেন্সাৰ আৰু হৃদৰোগী আৰু তিনিগৰাকী ৰোগীৰ লগত থকা লোক আছিল।

মুম্বাইৰ পৰা কেন্সাৰ আৰু হৃদৰোগৰ চিকিৎসা কৰি মঙ্গলবাৰে নিশা সৰুসজাইত উপস্থিত হৈছিল লোককেইজন।

যোৱা ১৩ মে’ ত গুৱাহাটীত ১৫ গৰাকী লোকৰ দেহত পোৱা গৈছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

Related News