• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ বাবে কমিল ৮০শতাংশ ভাৰতীয়ৰ উপাৰ্জন; বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো ৰাজ্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2020 12:03 pm

2 min read

Migrant-workers-Fleeing-to-their-Hometown-1024x522

প্ৰতিনিধিত্বমূলক প্ৰব্ৰজিত শ্ৰমিকৰ ঘৰমুৱা যাত্ৰাৰ ফটো।

4.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ ফলত ৮০শতাংশতকৈয়ো অধিক ভাৰতীয় লোকৰ উপাৰ্জন কমি গৈছে।

আনহাতে, এনে বহু লোক আছে যাৰ বাবে সাহায্য অবিহনে বেছিদিন বৰ্তি থকাটো কঠিন হৈ পৰিব।

চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চি এম আই ই) নামৰ সংস্থাটোৱে ২৭খন ৰাজ্যত চলোৱা এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে।

সমীক্ষা অনুসৰি, দেশৰ ৮৪শতাংশ লোক  মাহে ৩৮০১ টকা উপাৰ্জন কৰে তেওঁলোকৰ উপাৰ্জনত বেয়াকৈ প্ৰভাৱ পৰিছে।

অধ্যয়নকাৰীসকলে লাভ কৰা তথ্য মতে গ্ৰাম্যাঞ্চলত কাম-উপাৰ্জনত আটাইতকৈ বেয়া প্ৰভাৱ পৰিছে। অৱশ্যে, এই অঞ্চলসমূহত কৰ’নাৰ সংক্ৰমণ বহুত কম।

দেসৰ ১৩০ কোটি জনসংখ্যাৰ গৰিষ্ঠ সংখ্যক শ্ৰেণীৰ অৱস্থান শোচনীয় হৈ পৰিছে।

সমীক্ষাটোত দেশৰ ৫৮০০টা পৰিয়ালৰ সৈতে এপ্ৰিল মাহত সমীক্ষা চলোৱা হৈছিল।

য়ুনিভাৰ্ছিটি অফ চিকাগোৰ অৰ্থনীতিৰ অধ্যাপক মাৰীন বোৰ্টেড আৰু চিএমআইইৰ প্ৰধান অৰ্থনীতিবিদ কৌশিক কৃষ্ণনে সমীক্ষাটোৰ তথ্যসমূহ বিশ্লেষণ কৰিছিল।

লকডাউনৰ ফলত দেশৰ পাঁচখন ৰাজ্য আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যকেইখন হৈছে ত্ৰিপুৰা, ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ড আৰু হাৰিয়ানা।

সমীক্ষাটোৰ মতে ৩৪ শতাংশ পৰিয়ালে জানিবলৈ দিয়ে যে আন কোনো সাহায্য অবিহনে এসপ্তাহো চলিব নোৱাৰিব।

সমীক্ষা অনুসৰি, উচ্চ হাৰত দৰমহা লাভ কৰা লোকৰ উপাৰ্জন কম হ্ৰাস পাইছে।

কিয়নো স্থায়ী চাকৰি থকা এই লোকসকলে লকডাউনৰ সময়ত ঘৰৰ পৰা কাম কৰাৰ বিকল্প সুযোগ লাভ কৰিছে।

সাধাৰণ উপাৰ্জনৰ লোকৰ ভিতৰত কৃষিৰ লগত জড়িত তথা খাদ্য ব্যৱসায়ৰ সৈতে জড়িত শ্ৰমিকেহে কাম লাভ কৰিবলৈ সক্ষম হৈছে।

চিএমআইইৰ লগতে আন সংস্থাৰ সমীক্ষা অনুসৰি, দেশত ২৫ মাৰ্চৰ লকডাউন ঘোষণা কৰাৰ পাছত এমাহৰ ভিতৰত ১০ কোটি ভাৰতীয়ই সংস্থাপন হেৰুৱাইছে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd