NORTHEAST NOW (Assamese)

দিছপুৰ এন আৰ চি সেৱা কেন্দ্ৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; উৎকোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ দুগৰাকী বিষয়া

June 13, 2019 4:04 pm · অনিৰ্বাণ পাঠক

আজি ৰাতিপুৱা গুৱাহাটীৰ গনেশগুৰিত থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সেৱা কেন্দ্ৰ দিছপুৰত দুৰ্নীতি নিবাৰাক শাখাই অভিযান চলাই কেন্দ্ৰটোৰ দুগৰাকীক কৰ্মচাৰীক উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পেলাই।

ঘটনা অনুসৰি, এন আৰ চি সেৱা কেন্দ্ৰটোৰ দুই কৰ্মচাৰী ক্ৰমে ক্ষেত্ৰ বিষয়া চয়েদ চাহজাহান (৪৮) আৰু সহকাৰী স্থানীয় পঞ্জীয়ক ৰাহুল পৰাশৰ (২৭) ক দিছপুৰৰ আনন্দ নগৰৰ কাজাৰী ঘোষ দত্ত নামৰ এগৰাকী মহিলাৰ পৰা ১০,০০০ টকা উৎকোচ লোৱাৰ সময়তে অভিযানকাৰী দলটোৰ হাতত ধৰা পৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে দুয়োগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে কেন্দ্ৰটোৰ নথি-পত্ৰ সমূহ জব্দ কৰে।

অভিযুক্ত কৰ্মচাৰীদুগৰাকীয়ে মহিলাগৰাকীৰ নাম দাবী প্ৰক্ৰিয়াৰ জৰিয়তে খচৰা এন আৰ চিত সোমাই দিয়াৰ বাবে ১০,০০০ টকা বিচাৰিছিল।

আনহাতে, কেন্দ্ৰটোত কৰ্মৰত কৰ্মচাৰীদুগৰাকীয়ে মহিলাগৰাকীক তেওঁৰ আবেদন প্ৰক্ৰিয়াত কিবা কাৰিকৰী বিজুতি থকা বুলি দেখুৱাই সেই কাৰিকৰী বিজুতি দুৰ কৰিহে তেওঁৰ নামটো অন্তৰ্ভূক্ত কৰিব পৰা যাব বুলি কৈ টকাখিনি বিচাৰিছিল। আজি মহিলাগৰাকীয়ে কৰ্মচাৰী দুগৰাকীক টকাখিনি দিয়া কথা আছিল।

গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে দণ্ডাবিধিৰ পি চি আইন, ১৯৮৮ (সংশোধনী,২০১৮) ৰ ৭ (এ) ধাৰা অনুসৰি ০৯/২০১৯ ত দুটা গোচৰ ৰুজু  কৰিছে। কাইলৈ ৰাতিপুৱা দুয়োগৰাকীকে বিশেষ আদালতৰ আগত হাজিৰ কৰোৱা হ’ব।

Related News