NORTHEAST NOW (Assamese)

মণিপুৰত নিৰাপত্তাৰক্ষীৰ অভিযানত অস্ত্ৰসহ দুজন এন এছ চি এন (আই-এম)ৰ কেডাৰ আটক

October 29, 2020 6:52 pm · এন ই নাও নিউজ
ফটো-নৰ্থ-ইষ্ট নাও

মণিপুৰৰ চুমুকেদিমা অঞ্চলৰ সমীপত ২৭ অক্টোবৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে দুজন এন এছ চি এন(আই-এম)ৰ সক্ৰিয় কেডাৰক আটক কৰিবলৈ সক্ষম হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে মণিপুৰ আৰক্ষীৰ সহযোগত চুমুকেদিমা অঞ্চলত বিদ্ৰোহী উগ্ৰপন্থীৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু অঞ্চলটোৰ পৰা আত্মগোপন কৰি থকা দুজন এন এছ চি এন(আই-এম)ৰ কেডাৰক আটক কৰে।

আৰক্ষীয়ে আটক হোৱা উগ্ৰপন্থী সদস্য দুজনৰ পৰা এটা মেগজিনৰ সৈতে ৭.৬৫ এম এম কাৰ্বাইন, ১২ জাই সক্ৰিয় গুলিৰ সৈতে এটা .৩২ এম এম পিষ্টল, এটা মোটোৰোলা মোবাইল হেণ্ডচেট জব্দ কৰে।

ইয়াৰ উপৰিও নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে উগ্ৰপন্থী দুজনৰ পৰা ৮.৭৫ লাখ টকা মূল্যৰ সোণ আৰু নগদ ৬.৩২ লাখ টকাও জব্দ কৰিবলৈ সক্ষম হয়।

আটক হোৱা এন এছ চি এন (আই-এম)ৰ কেডাৰ দুগৰাকীক উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ সৈতে চুমুকেদিমা আৰক্ষীৰ হাতত গটাই দিয়া হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পায়।

বৰ্তমানলৈ আটক হোৱা বিদ্ৰোহী উগ্ৰপন্থী সংগঠনৰ সদস্য দুজনৰ নাম জানিব পৰা হোৱা নায়।

Related News