নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত আজি সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী নিহত হোৱা খবৰে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।
আমনিৰ খলিহামাৰী গাঁওৰ শিল্পী দেবনাথ (৪২) আৰু তেওঁৰ ভতিজা ৰাজেশ দেবনাথে(২৮)ঘৰৰ পৰা এ এছ ০২ আৰ ৮৭৮৯ নম্বৰৰ আপাছী বাইকেৰে নগাঁও অভিমুখে আহি থকা অৱস্থাত আমনিৰ মা কালি হোটেলৰ সন্মুখৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এ এছ ১২ ডি ৫৭১১ নম্বৰৰ ট্ৰাক খনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ৰাজেশ দেবনাথ থিতাতে নিহত হয়।
জানিব পৰা মতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত শিল্পী দেবনাথক স্থানীয় লোক আৰু চামগুৰি আৰক্ষীয়ে ততালিকে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ইপিনে, চামগুৰি আৰক্ষীয়ে দুয়োখন বাহন ইতিমধ্যে জব্দ কৰাৰ লগতে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।
শেহতীয়াকৈ এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায়েই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা ট্ৰাকসমূহক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি ৰাইজে মত প্ৰকাশ কৰিছে।