• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মণিপুৰ আৰু মহাৰাষ্ট্ৰত সংঘটিত দুটাকৈ পৃথক পথ দুৰ্ঘটনা : প্ৰাণ হেৰুৱালে বহুকেইজন লোকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2026 9:55 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত এখন বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাহন গভীৰ খাদত বাগৰি পৰাৰ ফলত এক শোকাৱহ পৰিৱেশৰ সৃষ্টি হৈছে। মঙলবাৰে দুপৰীয়া চুৰাচান্দপুৰ জিলাৰ এটা পাহাৰীয়া ৰাস্তাত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে এখন পিকআপ ভানত প্ৰায় ৪০ জন যাত্ৰী এখন বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। দুপৰীয়া প্ৰায় ১২ বজাত সিংঙ্গাত এলেকাৰ নগলজাং গাঁৱৰ ওচৰৰ এটা বিপদজনক কেকুৰীত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পোনচাটেই দ খাৱৈত বাগৰি পৰে।

এই দুৰ্ঘটনাত তিনিগৰাকী মহিলাসহ চাৰিজন লোকৰ থিতাতে মৃত্যু হয় আৰু বহু যাত্ৰী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি থাংমুয়ানমুং খুপতং, হাউচিন, চিংগাইসিয়াম আৰু নিয়াংজানিয়াং নামৰ লোককেইজনে প্ৰাণ হেৰুৱাইছে। স্থানীয় ৰাইজ আৰু প্ৰশাসনে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে।

Apply Now

আনহাতে মহাৰাষ্ট্ৰৰ মুম্বাই চহৰতো এখন বাছৰ খুন্দাত কেইবাজনো পথচাৰীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। সোমবাৰে নিশা মুম্বাইৰ ভাণ্ডুপ অঞ্চলত বৃহন্মুম্বই ইলেক্ট্ৰিক ছাপ্লাই এণ্ড ট্ৰেন্সপোৰ্ট চমুকৈ বেষ্টৰ এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীসকলক মহতিয়াই লৈ যায়। সেই সময়ত ৰাস্তাত যথেষ্ট ভিৰ আছিল আৰু বাছখনে হঠাৎ দ্ৰুতগতিত আহি মানুহৰ ওপৰেৰে চলাই দিয়াত চাৰিজন লোকৰ মৃত্যু হয় আৰু আন নজন লোক আহত হয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় আৰু বহুলোকে প্ৰাণ ৰক্ষাৰ বাবে ওচৰৰ দোকানত আশ্ৰয় লয়। ঘটনাৰ পাছতে আৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ আৰু আহতসকলক উদ্ধাৰ কৰে।

এই দুৰ্ঘটনা সন্দৰ্ভত বেষ্টৰ জনসম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিছে যে বাছখন পাছলৈ ঘূৰাবলৈ লওঁতেই এই অঘটনটো ঘটে। আৰক্ষীয়ে ইতিমধ্যে ৫২ বছৰীয়া বাছ চালক সন্তোষ ৰমেশ সাৱন্তক আটক কৰিছে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। চালকজনৰ ভুল আছিল নেকি বা অন্য কিবা কাৰিকৰী বিসংগতি আছিল সেই বিষয়ে তদন্ত আৰম্ভ কৰা হৈছে।

মুম্বাইৰ এই কৰুণ ঘটনাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। একেদৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবীশেও এই দুৰ্ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি মৃতকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ কথা ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd