NORTHEAST NOW (Assamese)

ৰঙিয়াৰ মৰাণজানাত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল দুজনৰ

February 3, 2019 6:16 pm · এন ই নাও নিউজ
দুৰ্ঘটনাত পতিত এ চি ভেনখন।

ৰঙিয়াৰ ওচৰত ৩১ নং ঘাইপথৰ মৰাণজানাত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ লোক। ঘটনাটো দেখা পোৱা লোকৰ ভাষ্যমতে, বিপৰীত দিশৰ পৰা আহি থকা এখন এ চি ভেনত পিছফালৰ পৰা আহি থকা এখন আল্ট্ৰা গাড়ীয়ে পিছৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

আল্ট্ৰাখনৰ খুন্দা ইমান শক্তিশালী আছিল যে এ চি ভেনখন ডিভাইডাৰৰ ওপৰেৰে উফৰি গৈ সিটো পথেৰে বিপৰীত দিশৰ পৰা আহি থকা স্কুটিখনত সন্মুখৰ পৰা খুন্দা মাৰি সম্পূৰ্ণ উল্টা হৈ পৰে।

দুৰ্ঘটনাটোত নিহত যুৱতীগৰাকী।

দুৰ্ঘটনাটোত স্কুটিৰ আৰোহী যুৱতীগৰাকীৰ লগতে এ চি ভেনখনৰ চালকজনৰো থিতাতে মৃত্যু হয়। স্কুটি আৰোহী যুৱতীগৰাকীৰ নাম মৃদুস্মিতা শৰ্মা। আৰু এ চি ভেনখনৰ নিহত চালকজনৰ নাম নচিব আলী।

ইপিনে গুৰুতৰভাৱে আহত হৈছে স্কুটিখনৰ চালক বংকিম শৰ্মা। সংকটজনক অৱস্থাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ হ’ল AS 01 AL 0529

Related News