• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যুতৰ তাঁৰ লগাই হাতী নিধন কৰা তামিলনাডুৰ দুই ভাতৃক তিনি বছৰৰ কাৰাদণ্ড, অসমত কিয় নাই কঠোৰ আইন?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2021 4:47 pm
Assam_Died_From_El
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বনভূমিৰ সংকোচনৰ লগে লগে এতিয়া বাধ্যত পৰি হাতীকে ধৰি বহু বন্য জন্তুৱে খাদ্যৰ সন্ধানত জন অৰণ্যলৈ ওলাই আহিবলগীয়া হৈছে।

ফলত বৃদ্ধি পাইছে বন্য জন্তু বিশেষকৈ হাতীৰ সৈতে মানুহৰ সংঘাত।

Apply Now

তামিলনাডুত ১০ বছৰ পূৰ্বে জন অৰণ্যলৈ ওলাই অহা এটা হাতীক বিদ্যুতৰ তাঁৰ লগাই হত্যা কৰাৰ ঘটনা সন্দৰ্ভত আজি মেট্টুপালায়ামৰ এখন আদালতে দুই ভাতৃক তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।

২০১০ চনতে গোবিন্দৰাজন আৰু তেওঁৰ ভাতৃ কানগৰাজে ছিৰুমুগাই অঞ্চলৰ পথাৰত বিদ্যুতৰ তাঁৰ বান্ধি হাতী হত্যা কৰিছিল।এই ঘটনাত দুই ভাতৃৰ পিতৃ আম্মআছাইয়ো অভিযুক্ত আছিল যদিও তেওঁৰ  ইতিমধ্যে মৃত্যু ঘটিছে।

আদালতে আজি দুই ভাতৃক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ লগতে প্ৰত্যেককে ১০ হাজাৰ টকাৰ জৰিমনাও বিহে।

বন্য প্ৰাণীৰ প্ৰতি নিষ্ঠুৰ আচৰণ কৰা লোক দুজনক আদালতে কাৰাদণ্ড বিহাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

লোক দুজনে তেওঁলোকৰ কল খেতি হাতীৰ পৰা ৰক্ষা কৰিবলৈ অবৈধ ভাবে পথাৰত বিদ্যুতৰ তাঁৰৰ বেৰ  লগাই থৈছিল আৰু সেই তাঁৰত লাগিয়েই হাতীটোৰ মৃত্যু ঘটিছিল।

উল্লেখ্য ভাৰতবৰ্ষত বিদ্যুতৰ তাঁৰ লগাই হাতী হত্যা কৰাৰ ঘটনা ক্ৰমাৎ বাঢ়ি গৈছে।২০০৯ চনৰ পৰা ২০১৭ চনৰ ভিতৰত দেশত বিদ্যুতৰ তাঁৰ লগাই হত্যা কৰা হৈছিল ৪৬১ টা হাতী।

এই ক্ষেত্ৰত অসমো পিছপৰা নহয়। অসমতে ২০১১ চনলৈকে বিদ্যুতৰ তাঁৰ লগাই হত্যা কৰা হাতীৰ সংখ্যা হৈছে ৯০ টা।

২০২০ চনৰ ১৮ ডিচেম্বৰৰ দিনাও চিৰাং জিলাৰ ছিকাঝৰা গাঁওত এজনী গৰ্ভৱতী হাতীক বিদ্যুতৰ তাঁৰ লগাই হত্যা কৰা হৈছিল। জিলা খনত ২০২০ চনৰ আগষ্ট মাহৰ পৰা ডিচেম্বৰ মাহলৈ ৬টা হাতীক বিদ্যুতৰ তাঁৰেৰে হত্যা কৰা হৈছিল।

তামিলনাডুত বিদ্যুতৰ তাঁৰ লগাই হাতী হত্যা কৰা লোকক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছে যদিও অসমত এনে দৃষ্টান্ত আজিলৈকে পোৱা হোৱা নাই।

অসমত হাতী হত্যাকাৰীৰ কঠোৰ শাস্তি নোহোৱাৰ বাবেই বহুতে নিৰ্বিবাদে বিদ্যুতৰ তাঁৰ লগাই হাতী হত্যা কৰি যাব পাৰিছে।

বন্য জন্তুৰ বিৰুদ্ধে পাশৱিক ব্যৱস্থা গ্ৰহণ কৰা সকলক তামিলনাডুত বিহাৰ দৰেই কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমীসকলে।

এইক্ষেত্ৰত প্ৰয়োজন হ’লে অসম বন আইন সংশোধন কৰি হ’লেও বিদ্যুতৰ তাঁৰ ব্যৱহাৰ কৰি হাতী হত্যা কৰা সকলক শাস্তি বিহাৰ পোষকতা কৰিছে বহুতে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd