• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুতৰ তাঁৰ লগাই হাতী নিধন কৰা তামিলনাডুৰ দুই ভাতৃক তিনি বছৰৰ কাৰাদণ্ড, অসমত কিয় নাই কঠোৰ আইন?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2021 5:38 pm

2 min read

Assam_Died_From_El
184
VIEWS
Share on FacebookShare on Twitter

বনভূমিৰ সংকোচনৰ লগে লগে এতিয়া বাধ্যত পৰি হাতীকে ধৰি বহু বন্য জন্তুৱে খাদ্যৰ সন্ধানত জন অৰণ্যলৈ ওলাই আহিবলগীয়া হৈছে।

ফলত বৃদ্ধি পাইছে বন্য জন্তু বিশেষকৈ হাতীৰ সৈতে মানুহৰ সংঘাত।

তামিলনাডুত ১০ বছৰ পূৰ্বে জন অৰণ্যলৈ ওলাই অহা এটা হাতীক বিদ্যুতৰ তাঁৰ লগাই হত্যা কৰাৰ ঘটনা সন্দৰ্ভত আজি মেট্টুপালায়ামৰ এখন আদালতে দুই ভাতৃক তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।

২০১০ চনতে গোবিন্দৰাজন আৰু তেওঁৰ ভাতৃ কানগৰাজে ছিৰুমুগাই অঞ্চলৰ পথাৰত বিদ্যুতৰ তাঁৰ বান্ধি হাতী হত্যা কৰিছিল।এই ঘটনাত দুই ভাতৃৰ পিতৃ আম্মআছাইয়ো অভিযুক্ত আছিল যদিও তেওঁৰ  ইতিমধ্যে মৃত্যু ঘটিছে।

আদালতে আজি দুই ভাতৃক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ লগতে প্ৰত্যেককে ১০ হাজাৰ টকাৰ জৰিমনাও বিহে।

বন্য প্ৰাণীৰ প্ৰতি নিষ্ঠুৰ আচৰণ কৰা লোক দুজনক আদালতে কাৰাদণ্ড বিহাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

লোক দুজনে তেওঁলোকৰ কল খেতি হাতীৰ পৰা ৰক্ষা কৰিবলৈ অবৈধ ভাবে পথাৰত বিদ্যুতৰ তাঁৰৰ বেৰ  লগাই থৈছিল আৰু সেই তাঁৰত লাগিয়েই হাতীটোৰ মৃত্যু ঘটিছিল।

উল্লেখ্য ভাৰতবৰ্ষত বিদ্যুতৰ তাঁৰ লগাই হাতী হত্যা কৰাৰ ঘটনা ক্ৰমাৎ বাঢ়ি গৈছে।২০০৯ চনৰ পৰা ২০১৭ চনৰ ভিতৰত দেশত বিদ্যুতৰ তাঁৰ লগাই হত্যা কৰা হৈছিল ৪৬১ টা হাতী।

এই ক্ষেত্ৰত অসমো পিছপৰা নহয়। অসমতে ২০১১ চনলৈকে বিদ্যুতৰ তাঁৰ লগাই হত্যা কৰা হাতীৰ সংখ্যা হৈছে ৯০ টা।

২০২০ চনৰ ১৮ ডিচেম্বৰৰ দিনাও চিৰাং জিলাৰ ছিকাঝৰা গাঁওত এজনী গৰ্ভৱতী হাতীক বিদ্যুতৰ তাঁৰ লগাই হত্যা কৰা হৈছিল। জিলা খনত ২০২০ চনৰ আগষ্ট মাহৰ পৰা ডিচেম্বৰ মাহলৈ ৬টা হাতীক বিদ্যুতৰ তাঁৰেৰে হত্যা কৰা হৈছিল।

তামিলনাডুত বিদ্যুতৰ তাঁৰ লগাই হাতী হত্যা কৰা লোকক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছে যদিও অসমত এনে দৃষ্টান্ত আজিলৈকে পোৱা হোৱা নাই।

অসমত হাতী হত্যাকাৰীৰ কঠোৰ শাস্তি নোহোৱাৰ বাবেই বহুতে নিৰ্বিবাদে বিদ্যুতৰ তাঁৰ লগাই হাতী হত্যা কৰি যাব পাৰিছে।

বন্য জন্তুৰ বিৰুদ্ধে পাশৱিক ব্যৱস্থা গ্ৰহণ কৰা সকলক তামিলনাডুত বিহাৰ দৰেই কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমীসকলে।

এইক্ষেত্ৰত প্ৰয়োজন হ’লে অসম বন আইন সংশোধন কৰি হ’লেও বিদ্যুতৰ তাঁৰ ব্যৱহাৰ কৰি হাতী হত্যা কৰা সকলক শাস্তি বিহাৰ পোষকতা কৰিছে বহুতে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd