• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত ২ শিক্ষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2021 4:38 pm
Two teachers shot dead by terrorists in Srinagar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আজি সন্ত্ৰাসবাদীয়ে এখন চৰকাৰী বিদ্যালয়ৰ দুজন শিক্ষকক গুলীয়াই হত্যা কৰে।

এজন চৰকাৰী বিষয়াই জনোৱা অনুসৰি সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰৰ ঈদগাহ অঞ্চলৰ চৰকাৰী বিদ্যালয়খনত প্ৰৱেশ কৰে আৰু অধ্যক্ষ আৰু শিক্ষকজনক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে।

বিদ্যালয়ৰ শ্ৰেণীসমূহ অনলাইনত হৈ থকাৰ বাবে বিদ্যালয় খনত কোনো শিক্ষাৰ্থী উপস্থিত নাছিল।

উল্লেখ্য যে যোৱা পাঁচ দিনত কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭ জন লোক নিহত হৈছে।

Apply Now

জম্মু-কাশ্মীৰৰ আৰক্ষী মুৰব্বীয়ে জানিবলৈ দিয়া মতে আজিৰ আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন “দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট” (TRF) জড়িত আছে।

বিদ্যালয় খনৰ আন এজন শিক্ষকে জনোৱা মতে “বন্দুকধাৰী সন্ত্ৰাসবাদী কেইজনে আজি ৰাতিপুৱা বিদ্যালয়লৈ আহি শিক্ষকসকলৰ পৰিচয় পত্ৰ বিচাৰিছিল আৰু পিছত দুজন শিক্ষকৰ ওপৰত গুলী চালনা কৰিছিল। ইয়াৰে এজন সংখ্যালঘু শিখ আৰু আনজন হিন্দু সম্প্ৰদায়ৰ।”

জিলাখনৰ এজন আৰক্ষী বিষয়াই জানিবলৈ দিছে যে বৰ্তমান অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু আক্ৰমণকাৰীসকলৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে।

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই বিদ্যালয়ৰ কৰ্মচাৰীৰ হত্যাক গৰিহণা দি কয় যে আক্ৰমণৰ আঁৰত থকা সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কেন্দ্ৰীয় শাসিত অঞ্চলত শান্তি বিঘ্নিত কৰাত সফল নহ’ব।

“সন্ত্ৰাসবাদীয়ে আমাৰ দুজন শিক্ষক চুপিন্দৰ কৌৰ আৰু দীপক চান্দক বৰ্বৰভাৱে হত্যা কৰাৰ বাবে মই তীব্ৰ গৰিহণা দিছো। নিৰীহ লোকৰ ওপৰত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত জড়িত অপৰাধীসকলক উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’ব,” শ্ৰীযুত সিনহাই টুইট কৰে।

নেচনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শেহতীয়া হত্যাকাণ্ডক গৰিহণা দিছে।

“শ্ৰীনগৰৰ পৰা পুনৰ আচৰিত খবৰ আহিছে। চহৰখনৰ ইদগাহ অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ৰ দুজন শিক্ষকক হত্যা কৰা হৈছে। সন্ত্ৰাসবাদীৰ এই অমানৱীয় কাৰ্যৰ বাবে নিন্দাৰ শব্দই যথেষ্ট নহয়। মই মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো,” তেওঁ টুইট কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd