• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশজুৰি আলোড়ন, এইবাৰ “ককৰোচ জনতা পাৰ্টি”ৰ ট্ৰেডমাৰ্কৰ বাবে দাখিল দুখন আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 9:33 am
528
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ “ককৰোচ জনতা পাৰ্টি”ৰ ট্ৰেডমাৰ্কৰ বাবে দুখন আবেদন দাখিল কৰা হৈছে। এই ব্যংগত্মক আন্দোলনে ইতিমধ্যে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে। উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কৰা মন্তব্যৰ পিছতেই জন্ম হৈছিল ককৰোচ জনতা পাৰ্টিৰ।

যোৱা সপ্তাহত মুখ্য ন্যায়াধীশগৰাকীয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। শুনানিৰ সময়ত তেওঁ নিবনুৱা যুৱক-যুৱতীক ‘পইঁতাচোৰা’ আৰু ‘পৰজীৱী’ৰ সৈতে তুলনা কৰা বুলি অভিযোগ উত্থাপন হৈছিল।

Apply Now

অভিযোগ অনুসৰি, একো কৰিব নোৱাৰা নিবনুৱা যুৱক-যুৱতীয়ে সাংবাদিক, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু আৰ টি আই কৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু পিছত মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ এই মন্তব্য ভুৱা ডিগ্ৰী লৈ পেছাত যোগদান কৰা লোকসকলক লক্ষ্য কৰি কৰা হৈছিল।

মুখ্য ন্যায়াধীশগৰাকীৰ মন্তব্য ভাইৰেল হোৱাৰ পিছতে ছচিয়েল মিডিয়াত এক আন্দোলনৰ জন্ম হয়। CockroachJanataParty হেচটেগটো বনজুইৰ দৰে বিয়পি পৰিল। বহু যুৱকে নিজকে “পইঁতাচোৰা” বুলি দাবী কৰিবলৈ আৰম্ভ কৰিলে, যিসকলে ব্যৱস্থাটোক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ ভয় নকৰে।

এসময়ত আম আদমী পাৰ্টিত কাম কৰা ৰাজনৈতিক যোগাযোগ কৌশলবিদ অভিজিৎ দীপকে ককৰোচ জনতা পাৰ্টি নামৰ পেজ আৰু ইয়াৰ ছ’চিয়েল মিডিয়া একাউণ্ট খুলি দিয়ে। কেইদিনমানৰ ভিতৰতে ইয়াৰ এক্স আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত ফ’ল’ৱাৰৰ সংখ্যা লাখ লাখ হ’ল। কিন্তু ভাৰত চৰকাৰৰ আইনী দাবীৰ ভিত্তিত ককৰোচ জনতা পাৰ্টিৰ এক্স হেণ্ডেল স্থগিত ৰখা হৈছে।

এই পৰিস্থিতিত ট্ৰেডমাৰ্কৰ বাবে দুখন আবেদন দাখিল কৰা হৈছে। প্ৰথম আৱেদন দাখিল কৰিছে আজিম আদমভাই জামে। তেওঁৰ আবেদন নম্বৰ ৭৭৩৭৯৩৭।তেওঁ “ককৰোচ জনতা পাৰ্টি” শব্দচিহ্নৰ (ওৱাৰ্ডমাৰ্ক) বাবে আবেদন কৰিছে। দ্বিতীয়টো আবেদন নম্বৰ হৈছে ৭৭৪১৪৮১। অখণ্ড স্বৰূপ নামৰ এজন ব্যক্তিয়ে “ককৰোচ জনতা পাৰ্টি”ৰ বাবে আবেদন দাখিল কৰিছে। দুয়োটা আবেদনৰ অৱস্থা বৰ্তমান “আনুষ্ঠানিকতা পৰীক্ষণত উত্তীৰ্ণ” বুলি দেখুওৱা হৈছে।

মাত্ৰ পাঁচ দিনতে ১ কোটিৰো অধিক ‘ফ’ল’ৱাৰ’ পোৱা গ’ল। আনকি ইনষ্টাগ্ৰামতো বিজেপিকো চেৰ পেলাইছিল ককৰোচ জনতা পাৰ্টিয়ে। আৰু তাৰ পিছত ভাৰতত মাইক্ৰ’ব্লগিং চাইট এক্স (পূৰ্বৰ টুইটাৰ)ত চিজেপিৰ হেণ্ডেল ‘নিষিদ্ধ’ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিতে এই অভিযোগ চৰ্চালৈ আনে। আনকি তেওঁ এটা স্ক্ৰীণশ্বট পোষ্ট কৰিছিল। অভিজিতেও তেওঁৰ এক্স হেণ্ডেলত তাক লৈ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ লিখিছে, ‘আশংকা কৰা মতে ভাৰতত ককৰোচ জনতা পাৰ্টিৰ একাউণ্ট ব্লক কৰা হৈছে’। এক্সত ‘ককৰোচ জনতা পাৰ্টি’ৰ হেণ্ডেললৈ গ’লে দেখা যায় যে ভাৰতৰ পৰা চাব নোৱাৰি। কাৰণ দিয়া হৈছে যে আইনী দাবী মানি এনে সিদ্ধান্ত লোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd