• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত দুখন চোৰাং কয়লা ভৰ্ত্তি ট্ৰাৰ্ক জব্দ : চোৰাং কয়লা বেহাত প্ৰাক্তন আৰক্ষী বিষয়া জড়িত থকাৰ সন্দেহ

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
October 19, 2020 6:47 pm
index.jpgzz
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাগুন-মাৰ্ঘেৰিটা-তিনিচুকীয়া পথেদি হৈ আছে নেকি চোৰাং কয়লা ভৰ্তি ট্ৰাকৰ সৰবৰাহ! বিগত লকডাউন আৰম্ভ হোৱাৰ পৰা চোৰাং কয়লা সৰবৰাহ বন্ধ হৈ থকাৰ কথা একপ্ৰকাৰৰ অপপ্ৰচাৰ নেকি?

যদি এয়া অপপ্ৰচাৰ নহয় তেন্তে কেনেকৈ জাগুন লিডু আৰক্ষী চকী তথা লেখাপানী আৰক্ষী থানা পাৰ হৈ আহিল এই দুখন চোৰাং কয়লা ভৰ্তি ট্ৰাক?  এই প্ৰশ্নই উত্থাপন হৈছে ৰাইজৰ মাজত।

Apply Now

আজি পুৱতি নিশা মাৰ্ঘেৰিটা থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ ভিত্তিৰ অভিযানত চলায় এ এচ ০১ জে চি ৫৫৪৫ আৰু এ এচ ২৫ এ চি ১৪৭৬ নম্বৰৰ দুখন ট্ৰাক জব্দ কৰা ঘটনাই উন্মোচিত কৰিছে চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ কথা।

অৰুণাচল প্ৰদেশৰ মেওৰ পৰা চোৰাংভাৱে কয়লা বোজাই কৰি আনি থকা অৱস্থাত জব্দ কৰা হয় ট্ৰাক কেইখন। আৰক্ষীৰ চকুত ধূলি দি কয়লাৰ ওপৰত কাঠ দি নিয়াৰ চেষ্টা কৰিছিল চোৰাং কয়লা বেপাৰীয়ে।

ট্ৰাককেইখনৰ সৈতে দেৱব্ৰত দত্ত নামৰ ব্যৱসায়ী এজনৰ লগতে ললিত গগৈ আৰু অনন্ত দেউৰী নামৰ দুই ড্ৰাইভাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মাৰ্ঘেৰিটা আৰক্ষী থানা গোচৰ নং ৩০৩/২০ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯, আৰ ডাব্লিউ ৩ পি ডি পি এক্টৰ গোচৰ পঞ্জীয়ন কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

কয়লাখিনি সৰবৰাহৰ অন্তৰালত চোৰাং কয়লা বেহাৰ এক বহুল চৰ্চিত নাম প্ৰিন্স জড়িত থকা বুলি এক সূত্ৰই সদৰী কৰিছে। ইতিমধ্যে উক্ত চোৰাং কয়লা সৰবৰাহৰ আৰৰ ব্যক্তিজনকো আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান কৰি আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজন দেবব্ৰত দত্ত ওৰফে দেবু বুলি জানিব পৰা গৈছে।

দেবুৰ বিৰুদ্ধে বিগত সময়ত লেখাপানীত বাহৰ পাতি কয়লাৰ বৃহৎ কাৰবাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল।

এটা সূত্ৰই দাবী কৰা মতে, দেৱব্ৰতে এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰ প্ৰিন্সৰ পৰা চোৰাং কয়লাখিনি ক্ৰয় কৰি প্ৰাক্তন আৰক্ষী বিষয়া গৰাকীৰ সাহসত কিছুদিনৰ পৰা কয়লা সৰবৰাহ কৰি আহিছিল। ইতিমধ্যে ২০ খনকৈ ট্ৰাক সৰবৰাহ কৰাৰ পিছতেই আজি ঘটে এই অথন্তৰ। জব্দকৃত চোৰাং কয়লাখিনি কৰ পৰা অনা হৈছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই যদিও এক সূত্ৰই এয়া জাগুনৰ ৱাৰা বস্তিৰ পৰা অনা বুলি দাবী কৰিছে।

সমষ্টিটোত কোনো চিণ্ডিকেট নাই বুলি সততে দাবী কৰি নিজকে ধুৱা তুলসীৰ পাত সজোৱা সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ এইজন প্ৰাক্তন আৰক্ষী বিষয়াই কিছুদিন পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি নিজ গৃহলৈ উভতি নগৈ মাৰ্ঘেৰিটাৰ এটা বিশেষ ভাৰাঘৰত বাহৰ পাতি কয়লাৰ চোৰাং বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

যিদৰে আৰক্ষী এছ আই কেলেংকাৰিত প্ৰাক্তন আৰক্ষী বিষয়া জালত পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগে কয়লাৰ চিণ্ডিকেট তথা চোৰাং কয়লা বেহাৰ বিৰুদ্ধে তদন্ত কৰিলে এইজনা বহু বিৰ্তকিত আৰক্ষী বিষয়া জালত পৰাটো নিশ্চিত বুলি সচেতন মহলত চৰ্চা হৈছে।

ইতিমধ্যেই এইজনা আৰক্ষী বিষয়াৰ বিৰুদ্ধে কয়লা চোৰাং বেহা অভিযোগ উত্থাপন কৰি কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা আৰক্ষী থানাত মাৰ্ঘেৰিটা কংগ্ৰেছে এক গোচৰ পঞ্জীয়ন কৰাইছিল। যদিও এইক্ষেত্ৰত আৰক্ষীয়ে নিজ আৰক্ষীৰ বিৰুদ্ধে কি পৰ্যায়ত তদন্ত কৰিছে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

ইফালে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ নৱনিযুক্ত আৰক্ষী বিষয়া উৎপল বৰাৰ এই সাহসী পদক্ষেপক শলাগ লৈছে মাঘেৰিটাৰ সচেতন মহলে।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd