নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালিৰ গটংগাত আজি সংঘটিত এক পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী থিতাতে নিহত হয়।
জানিব পৰা মতে আজি পুৱা প্ৰায় ১০ মান বজাত তেজপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা নম্বৰপ্লেট বিহীন এখন ক’লা ৰঙৰ পালছাৰ মটৰচাইকেলক গটংগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উজনিৰ পৰা নগাঁও অভিমুখী এখন অচিনাক্ত গাডীয়ে প্ৰচণ্ড জোৰত খুন্দা মাৰে।
উল্লেখযোগ্য যে অচিনাক্ত গাড়ীখনে ইমানেই প্ৰচণ্ড জোৰত খুন্দা মাৰি মহতিয়াই নিয়ে যে মটৰচাইকেলত অহা দুই যুৱকে ঘটনাস্থলীতে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়।
পিছত ঘটনা সন্দৰ্ভত অৱগত হৈ চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনাটোত নিহত লোক দুজন আচাৰ আলী (৩১) আৰু দীপক চাহু (৩৩) বুলি জানিব পৰা গৈছে।
নিহত আচাৰ আলী তেজপুৰৰ ভালুকজাৰণিৰ নিৱাসী জয়নাল আৱাদিনৰ পুত্ৰ আৰু দীপক চাহু তেজপুৰৰ ন-পামৰ নিবাসী কৃষ্ণ চাহুৰ পুত্ৰ বুলি জানিব পৰা গৈছে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰি পালয়ন কৰা গাড়ীখনৰ সন্ধানত চামগুৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।