• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোধোদয়! বিজেপিৰে মিত্ৰতা কৰি ২৫ বছৰ নষ্ট কৰিলে শিৱসেনাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2022 3:21 pm
Shiv Sena to BJP
262
VIEWS
Share on FacebookShare on Twitter

অৱশেষত যেন ৰাজনৈতিক বোধোদয় ঘটিল মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ ৰাজনৈতিক দল শিৱসেনাৰ! বিজেপিৰ সৈতে ৰাজনৈতিক মিত্ৰতা কৰি ২৫ বছৰ নষ্ট কৰিছিল শিৱসেনাই। এই মন্তব্য আন কাৰোবাৰ নহয়। এইয়া খোদ শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ মন্তব্য।

শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ জন্ম জয়ন্তী উপলক্ষে দলীয় সদস্যক সম্বোধন কৰি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আক্ৰমণাত্মক হৈ উঠে বিজেপিৰ বিৰুদ্ধে।

যোৱা বৰ্ষৰ শেষৰ ফালে এক গুৰুতৰ অস্ত্ৰোপচাৰৰ পিছত দীৰ্ঘদিন ধৰি ৰাজহুৱা উপস্থিতিৰ পৰা আঁতৰি থকাৰ সময়ত শিৱসেনা তথা উদ্ধৱ ঠাকৰেক নিৰন্তৰ আক্ৰমণ কৰি অহা বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ঠাকৰেই।

শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতাত বান্ধ খাই ২৫ বছৰ নষ্ট কৰিছে বুলি পূৰ্বৰ এটা মন্তব্যৰ পুনৰাবৃত্তি কৰি ঠাকৰেয়ে কয়, “মই এতিয়াও পূৰ্বৰ মন্তব্য দোহাৰিছো। আমি বিজেপিৰ পৰা কিয় আঁতৰি গৈছিলো? তেওঁলোকে প্ৰদৰ্শন কৰা ফোঁপোলা হিন্দুত্ব ক্ষমতাৰ বাবে এক নাটকৰ বাহিৰে আন একো নহয়। এইটো দুৰ্ভাগ্যজনক যে আমি তেওঁলোকক ২৫ বছৰ ধৰি লালন-পালন কৰিছিলোঁ।”

তেওঁ লগতে কয় যে বিজেপিয়ে ‘ব্যৱহাৰ আৰু নিক্ষেপ’ নীতিত বিশ্বাস কৰে। বালাচাহেবে বিজেপিক কৈছিল যে বিজেপিয়ে দেশৰ যত্ন লওক আৰু শিৱসেনাই মহাৰাষ্ট্ৰৰ যত্ন ল’ব। কিন্তু তেওঁলোকেই আমাক বিশ্বাসঘাতকতা কৰিছিল আৰু আমাক বিলীন কৰিবলৈ চেষ্টা কৰি আছিল।

“আমি তেওঁলোকক ইমান বছৰ ধৰি সহায় কৰিলো আৰু তেওঁলোক জয়ী হোৱাৰ পিছত ব্যৱহাৰ আৰু নিক্ষেপ নীতি গ্ৰহণ কৰিছে।” ঠাকৰেয়ে কয়।

“আমি হিন্দুত্ব ত্যাগ নকৰো। আমি বিজেপিৰ সৈতে আমাৰ মিত্ৰতা ভংগ কৰিছো কিন্তু হিন্দুত্বৰ সৈতে নহয়” বুলি মন্তব্য কৰি ঠাকৰেই বিজেপি হিন্দুত্ববাদী নহয় বুলি অভিযোগ কৰে।

হিন্দুত্বক লৈ বিজেপিৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখি ঠাকৰেয়ে কয়, “ব্ৰিটিছসকলৰ দৰে দাসত্বৰ পৰিৱেশ সৃষ্টি কৰাটো হিন্দুত্ব নহয়। প্ৰকৃত হিন্দুসকলে কেতিয়াও এইয়া হ’বলৈ নিদিব।”

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd