বৃটেইনত, মঙলবাৰে ক’ভিড ভেকচিন প্ৰদান কৰা কাৰ্য আৰম্ভ কৰা হয়। ফাইজৰ ক’ভিড ভেকচিনে অনুমোদন লাভ কৰাৰ পিছত ক’ৰ’নাৰ প্ৰথম টীকা ৯০ বছৰীয়া মাৰগাৰেট কীনানে গ্ৰহণ কৰে।
ফাইজাৰৰ ভেকচিন লগোৱা বিশ্বৰ প্ৰথম হিচাপে পৰিগণিত হয় কীনান।
তেওঁ কয়, ‘ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিষেধক গ্ৰহণ কৰা প্ৰথম ব্যক্তি হ’বলৈ পায় মই বহুত আনন্দিত’।
এখন গহণা দোকানৰ সহায়িকা হিচাপে পূৰ্বতে কাম কৰা কীনানক য়ুনিভাৰ্চিটি হাস্পতাল ক’ভেণ্ট্ৰিত ৰাতিপুৱা ৬.৩১ বজাত ভেকচিন প্ৰদান কৰা হয়।
প্ৰথম অৱস্থাত টীকা গ্ৰহণৰ বাবে দেশখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অৰ্থাৎ এন এইচ্চ এছে ৮০ উৰ্দ্ধৰ কেইবাজনো লোকক নিৰ্বাচিত কৰে।
এন এইচ্চ এছে সকলো লোককে ধৈৰ্য ধৰিবলৈ আহ্বান জনায় কয় যে যিসকলৰ জীৱন শংকাত আছে সেই লোক সকলক প্ৰথমে এই টীকা প্ৰদান কৰা হ’ব।
উল্লেখ্য যে কীনানৰ উপৰি ভাৰতীয় বংশোদ্ভৱৰ দম্পতি ডাঃ হৰি শুক্লা(৮৭) আৰু তেওঁৰ ৮৩ বছৰীয়া পত্নী ৰঞ্জন শুক্লাক নিউ কেষ্টলৰ এখন চিকিৎসালয়ত ফাইজাৰ/বায়’এনটেক ভেকচিন প্ৰদান কৰা হয়।
ইয়াৰ লগে লগে তেওঁলোক ক’ভিডৰ ভেকচিন লগোৱা বিশ্বৰ প্ৰথম ভাৰতীয় বংশোদ্ভৱ হিচাপে পৰিগণিত হয়।
বৃটেইনৰ পূব প্ৰান্তৰ নিবাসী শুক্লা দম্পতীক টীকা গ্ৰহণৰ বাবে দেশখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অৰ্থাৎ এন এচ এছে যোৱা সপ্তাহত নিৰ্বাচিত কৰিছিল।
প্ৰথমে হৰি শুক্লাক টীকা গ্ৰহণৰ বাবে নিৰ্বাচন কৰা হৈছিল যদিও পিছত তেওঁৰ পত্নীয়েও ইয়াৰ বাবে আবেদন কৰে।
ডাঃ হৰি শুক্লাৰ জন্ম কেনিয়াত হৈছিল কিন্তু তেওঁৰ পিতৃ মুম্বাইৰ আছিল।