• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-অৰুণাচল সীমান্তৰ বালিজান গ্রান্টৰ পৰা আটক আলফা স্বাধীনৰ সদস্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2018 12:54 pm

2 min read

48411342_966846200372829_6275023184542564352_n

ধৃত আলফা স্বাধীনৰ সদস্যজনৰ পৰা জব্দ কৰা সামগ্ৰীখিনি।

296
VIEWS
Share on FacebookShare on Twitter

অসম-অৰুণাচল সীমান্তৰ বালিজান গ্ৰাণ্টৰ পৰা আলফা স্বাধীনৰ এজন সদস্যক আটক কৰা হৈছে। সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত আলফা স্বাধীনৰ সদস্যজনক আটক কৰা হয়।

আনহাতে, সেনা-আৰক্ষীৰ হাতত আটক সদস্যজনৰ নাম দ্বীপ অৰিন্দম মদন বুলি জানিব পৰা গৈছে। অভিযানকাৰী দলটোৱে ধৃত সদস্যজনৰ পৰা ২ কিলোগ্ৰাম আৰ ডি এক্স, এটা ফিউজ মিটাৰ, দুটা ডিট’নেটৰ, এটা পিষ্টল আৰু তিনিজাঁই সজীৱ গুলী জব্দ কৰে।

ইপিনে, সমগ্ৰ অঞ্চলটোত সেনা-আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে।

উল্লেখযোগ্য যে অসমত শেহতীয়াভাৱে আলফালৈ(স্বাঃ) কিছু যুৱ প্ৰজন্ম আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ বিভিন্ন অংশত কিছু যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাই আহিছে।

যোৱা নৱেম্বৰ মাহত কৰিশ্মা মেচ নামৰ জাগুন হাইস্কুলৰ দশম মানৰ ছাত্ৰীগৰাকীয়ে নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফাত (স্বাঃ) যোগদান কৰাৰ পাছতে কৰিশ্মাৰ চুবুৰীয়া চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যুৱক এজনে আলফাত (স্বা:) যোগ দিয়াৰ বাতৰি পোহৰলৈ আহিছিল।

ইয়াৰ পূৰ্বে যোৱা অক্টোবৰ মাহত গোলাঘাট জিলাৰ দেৰগাৱঁৰ এজন তৰুণ যুৱকে আলফা (স্বাঃ)ত যোগদান কৰাক লৈ সমগ্ৰ অসম জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। বিশেষকৈ আলফা (স্বাঃ)ত যোগদান কৰাৰ পিছত আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা প্ৰেৰণ কৰা যুৱকজনৰ স্বীকাৰোক্তি সম্বলিত এটা ভিডিঅ’ই ছ’চিয়েল মিডিয়াত এক প্ৰকাৰৰ তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল।

পংকজ প্ৰতীম দত্ত নামৰ সেই যুৱকজনৰ ঘৰ আছিল গোলাঘাট জিলাৰ দেৰগাৱঁত। আলফা (স্বাঃ)ত যোগদান কৰাৰ আগলৈকে তেওঁ দেৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতিৰ পদত আছিল।

এইদৰে শেহতীয়াকৈ আৰু অনেক যুৱক আলফা স্বাধীনত যোগদান কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ লগতে মাজে সময়ে সেনা-আৰক্ষীৰ হাতত উগ্ৰপন্থী সংগঠনটোৰ সদস্য আটক হোৱাৰ বাতৰিও প্ৰকাশ পাই আহিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd