• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম কৰা আলফা নেতা জিতেন দত্তই কি ক’লে যুদ্ধৰ কথা?

অনির্বান পাঠক by অনির্বান পাঠক
February 28, 2019 7:05 pm
jiten dutta

আলফা নেতা জিতেন দত্ত। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম চলাই অহা অসমৰ এজন বিপ্লৱীয়ে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধক লৈ প্ৰকাশ কৰিছে উদ্বিগ্নতা। লগতে ভাৰতীয় সেনালৈ আগবঢ়াইছে পূৰ্ণ সমৰ্থন।

ছ’চিয়েল মিডিয়াযোগে ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিবেশৰ সময়ত নিজৰ মন্তব্য আগবঢ়াইছে আলফা নেতা জিতেন দত্তই।

Apply Now

কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত সৃষ্টি হোৱা পৰিবেশত ভাৰতীয় সেনাৰ ওপৰত চাপ সৃষ্টি নকৰিবলৈ আৰু সেনাক নিজৰ কাম স্বাধীনভাৱে কৰাৰ সুবিধা দিবলৈ আহ্বান জনাইছে আলফা নেতা গৰাকীয়ে।

বৰ্তমান উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত জিতেন দত্তই কালি ফেইচবুকত আপলোড কৰা পোষ্টটোত লিখে, ‘যুদ্ধক্ষেত্ৰত শত্ৰুক কেতিয়াও দূৰ্বল বুলি ভবাটো উচিত নহয়। শত্ৰুক সদায় শক্তিশালী বুলি ভাৱক আৰু শক্তিশালী শত্ৰু বুলি ভাবি ৰণকৌশল তৈয়াৰ কৰাটো জৰুৰী। শত্ৰু পক্ষ অতি দূৰ্বল, আমাক একো কৰিব নোৱাৰে, এই ধৰণৰ চিন্তা বা মন্তব্য সঠিক নহয়। ভাৰতীয় সেনাক নিজৰ কাম কৰিব দিয়ক…..’।

এই সন্দৰ্ভত আমাৰ সৈতে হোৱা বাৰ্তালাপত জিতেন দত্তই কয় যে ভাৰতীয় সেনাই শত্ৰু পক্ষৰ সৈতে যুঁজ দিবলৈ ৰণকৌশল তৈয়াৰ কৰি আছে। গতিকে ৰাজনীতিককে ধৰি অন্য পক্ষই অনাহকত কিছুমান মন্তব্য কৰাৰ পৰা বিৰত থাকি সেনাক নিজৰ মতে ৰণকৌশল প্ৰস্তুত কৰাৰ সুবিধা দিব লাগে। লগতে বায়ু সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা ‘চাৰ্জিকেল ষ্ট্ৰাইক’ক আদৰণি জনাই এই সময়ত সেনাক উৎসাহ যোগাব লাগে বুলিও মন্তব্য কৰে।

তেওঁ লগতে ফেইচবুকত আপলোড কৰা পোষ্টত সীমান্তত সৃষ্টি হোৱা শ্বাসৰূদ্ধকৰ অৱস্থাত বিভ্ৰান্তিকৰ বাতৰি পৰিবেশন আৰু সস্তীয়া ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ সকলোলৈ আহ্বান জনাইছে।

ইপিনে, আলোচনাপন্থী আলফা নেতাগৰাকীয়ে পাক অধিকৃত কাশ্মীৰত ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গেৰে কৰা আক্ৰমণৰ পাছত একাংশই ছ’চিয়েল মিডিয়াযোগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব জাহিৰ কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰে।

আমাৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, ‘সেয়া এজন ব্যক্তি বা এটা দলৰ সাফল্য নহয়। সমগ্ৰ ভাৰতৰ জনতা এতিয়া সেনাবাহিনীৰ লগত আছে আৰু সেনাই দেশৰ সুৰক্ষা নিশ্চিত কৰাতো ৰাইজেই বিচাৰিছে। গতিকে এই যুদ্ধখনক কোনোৱেই ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব নালাগে।‘

ইয়াৰ উপৰিও তেওঁ ফেইচবুক পোষ্টত ‘পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ কামনা নকৰো’ বুলি মন্তব্য কৰি ভাৰত-পাকিস্তানৰ মাজত পাৰমানবিক যুদ্ধ হ’লে দুয়োখন দেশৰেই বিস্তৰ ক্ষতি হ’ব বুলিও উল্লেখ কৰে।

‘যুদ্ধৰ ভয়াবহতা কিমান ভয়ংকৰ সীমান্তৰ ৰাইজৰ বাহিৰে আনে অনুভৱ কৰিব নোৱাৰে। গতিকে বিভ্ৰান্তিকৰ বাতৰি, উচতনি মূলক মন্তব্যই যাতে দুয়োখন দেশকে পূৰ্ণ পৰ্য্যায়ৰ যুদ্ধলৈ ঠেলি দিব নোৱাৰে তাৰ প্ৰতি সকলোৱে চেষ্টা কৰা উঠিত,’ ফেইচবুকত এইদৰে মন্তব্য আগবঢ়ায় জিতেন দত্তই।

উল্লেখ্য যে সাৰ্বভৌম অসমৰ দাবীৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও দশক ধৰি সংগ্ৰাম কৰি অহা আলফা নেতাজনে ভাৰত আৰু পাকিস্তানৰ মাজৰ জটিল সন্ধিক্ষণত ভাৰতকেই সমৰ্থন আগবঢ়াব বুলিও মন্তব্য কৰে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd