NORTHEAST NOW (Assamese)

আটক আলফা নেতা প্ৰাণময় ৰাজগুৰু, মহিলা; পাঞ্জাবাৰীত অভিযান সমাপ্ত আৰক্ষীৰ ||Video||

May 16, 2019 4:21 pm · অনিৰ্বাণ পাঠক
Updated: May 16, 2019 6:42 pm
ধৃত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰু।

বৃহস্পতিবাৰে পুৱা চাৰি বজাৰে পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা ভাৰাঘৰত চলা আৰক্ষীৰ অভিযানত আটক হৈছে আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া নামৰ এগৰাকী মহিলা।

আবেলি প্ৰায় ৪ বজাত অভিযান সামৰি আৰক্ষীয়ে ইতিমধ্যে দুয়োকে ঘৰটোৰ পৰা আটক কৰি নিছে।

ধৃত আলফা নেতা ৰাজগুৰুৱে বুধবাৰৰ বিস্ফোৰণত জৰিত থকাৰ কথা অস্বীকাৰ কৰিছে। “মই জৰিত নহয়। আমাৰ সংগ্ৰাম অব্যাহত থাকিব,” অভিযানথলীত উপস্থিত সাংবাদিকক এইদৰে কৈ গ’ল আলফা নেতাজনে।

বুধবাৰে সন্ধিয়া গ্ৰেনে’দ বিস্ফোৰণটোৰ পিছতে চলা আৰক্ষীৰ অভিযানটোত ভাৰাঘৰটোৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰককে ধৰি এটা ৯ এম এম পিস্তল আৰু ২৫ জাঁই সক্ৰিয় গুলী।

আলফা নেতা প্ৰাণময় ৰাজগুৰু মহিলাগৰাকীৰ ঘৰলৈ প্ৰায়েই আহে বুলি জানিব পৰা গৈছে। আনহাতে ধৃত মহিলাগৰাকী আলফা নেতাজনৰ আত্মীয় বুলি তেওঁলোকে দাবী কৰিছে।

লগতে পঢ়ক– গুৱাহাটীত ভাৰাতীয়া মহিলাৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক, ৯এমএম পিস্তল-গুলী

অসমৰ একাংশ সংবাদ মাধ্যমলৈ ফ’ন কৰি বুধবাৰৰ বিস্ফোৰণৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ অসমে।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ মাজত গ্ৰেনে’দ বনোৱা সামগ্ৰীও আছে। ইতিমধ্যে অভিযানস্থলীত উপস্থিত হোৱা ফৰেনচিক দলক সামগ্ৰীসমূহ ফৰেনচিক পৰীক্ষাৰ বাবে আৰক্ষীয়ে চমজাই দিছে।

পুৱা ৪ বজাৰ পৰাই চলি থকা অভিযানটোত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্তকে ধৰি বহু জ্যেষ্ঠ বিষয়াও উপস্থিত আছে।

১০ দিন পূৰ্বে ঘৰটো ভাৰালৈ লোৱা মহিলাগৰাকী শিৱসাগৰৰ আমোলাপট্টিৰ বুলি জানিব পৰা গৈছে।

অধিক খবৰৰ বাবে অপেক্ষা কৰি থকা হৈছে।

Related News