DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ বিদ্যালয়ত উৰিল আলফা স্বাধীনৰ পতাকা; সোধা-পোছাৰ বাবে দুজনক আটক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 28, 2018 10:28 am
ULFA (I) Flag at school

বৰবাৰী হাইস্কুলৰ চৌহদত উৰি থকা আলফা (স্বাঃ)ৰ পতাকাখন।

558
VIEWS
Share on FacebookShare on Twitter

আলফা স্বাধীনলৈ সক্ৰিয়তা আৰু প্ৰাণ পুনৰ ঘূৰি আহিছে বুলি খোদ অসম আৰক্ষীৰ সূত্ৰই কৰা দাবীৰ সত্যতা বিভিন্ন পৰিস্থিতিয়ে প্ৰমাণ কৰি অহাটো অসমৰ জনগণে নিজ চকুৰে দেখি আহিছে।

ইয়াৰ মাজতে এই সত্যতাক অধিক প্ৰকটভাৱে দাঙি ধৰে আজিৰ এটা ঘটনাই। খোদ গুৱাহাটী মহানগৰীৰ বৰবাৰীত থকা বৰবাৰী হাইস্কুলৰ চৌহদত আজি পুৱা আলফা (স্বাঃ)ৰ এখন পতাকা উৰি থকা দেখা যায়।

কালি দিনত খোলা থকা বিদ্যালয়খনৰ চৌহদৰ ভিতৰত ৰাতিৰ আন্ধাৰৰ সুযোগত কোনোবা অজ্ঞাত লোকে বাৰাণ্ডাৰ সন্মুখৰ অংশতে আলফা (স্বাঃ)ৰ পতাকাখন আঁৰি থৈ গৈছিল। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৰবাৰী হাইস্কুলৰ উপৰি হেঙেৰাবাৰী পাহাৰৰ ওপৰ অংশতো এখন একেই পতাকা আঁৰি থোৱা আছিল বুলি স্থানীয় লোকে জনাইছে।

ঘটনাটোক লৈ অসম আৰক্ষী বিশেষভাৱে তৎপৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে। স্থানীয় লোকসকলে জনোৱামতে, দিচপুৰ আৰক্ষীয়ে আজি পুৱাই দুয়োখন পতাকা খুলি লৈ যায়। ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে দিচপুৰ আৰক্ষীয়ে দুজনক আটক কৰিছে যদিও তদন্তৰ স্বাৰ্থ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক হয় দিচপুৰ আৰক্ষী।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে শিৱসাগৰৰ ডিমৌত হোৱা বিস্ফোৰণৰ পিছতে মাত্ৰ চাৰিদিন পূৰ্বে অসম আৰক্ষীয়ে মহানগৰীৰ পৰা কেইবাজনো লোকক আলফা (স্বাঃ)ৰ লিংকমেনৰ সন্দেহত আটক কৰিছিল।

আনহাতে ২৭ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মুখ্য মন্ত্ৰী আৰু উত্তৰ-পূবৰ দায়িত্বত থকা গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ  প্ৰমুখ্যে অন্যান্য সকলৰ সৈতে আলফা (স্বাঃ)পুনৰ উত্থানৰ কথাটো গুৰুত্বসহকাৰে আলোচনা কৰিছিল। তাৰ পিছতেই মহানগৰীৰ বিদ্যালয়ত আলফা (স্বাঃ)ৰ পতাকাই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd