বিজেপিৰ ভিতৰ চৰাত আচলতে কি চলি আছে? শেহতীয়া কৈ দলটোৰ ভিতৰচৰাত আৰএচএচৰ মাজত চলি থকা সংঘাত এতিয়া যেন স্পষ্ট হৈ পৰিছে। যিদৰে আৰএচএচ আাৰু বিজেপিয়ে গান্ধী হত্যাৰ অপৰাধৰ পৰা নাথুৰাম গডছেৰ নাম পৰিষ্কাৰ কৰাৰ চেষ্টা চলাই আহিছে। তেনে সময়তে শেহতীয়া এক সাক্ষাৎকাৰত বিজেপিৰ জ্যেষ্ঠ নেত্ৰী উমা ভাৰতীয়ে মহাত্মা গান্ধীৰ হত্যাকাণ্ডত নাথুৰাম গডছেৰ অপৰাধ সন্ত্ৰাসবাদতকৈও অধিক ভয়াৱহ বুলি মত পোষণ কৰিছে। ১৯৪৮ চনৰ এই হত্যাকাণ্ডক লৈ চলি থকা বিতৰ্কৰ মাজতেই শেহতীয়াকৈ দিয়া এটা সাক্ষাৎকাৰত তেওঁৰ এই মন্তব্যই দলটোৰ ভিতৰচৰাত চলি থকা মতভেদ স্পষ্ট কৰি তুলিছে।
উল্লেখযোগ্য যে ১৯৪৮ চনৰ জানুৱাৰীত নাথুৰাম গডছে গান্ধীক গুলীয়াই হত্যা কৰিছিল। পিছত এই হত্যাকাণ্ডৰ বাবে তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল। ঘটনাটো সংঘটিত হোৱাৰ ৭৭ বছৰৰ পাছতো এই সন্দৰ্ভত বিভিন্ন বাক বিতণ্ডা অব্যাহত আছে।
হিন্দুত্ববাদী ৰাজনীতি আৰু ৰাম জন্মভূমি আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা উমা ভাৰতীৰ দৰে বিজেপিৰ জেষ্ঠ নেত্ৰীৰ মুখত এনে মন্তব্যই ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল “হিন্দু সন্ত্ৰাসবাদী হ’ব নোৱাৰে, কিন্তু গডছে ভাৰতৰ প্ৰথম সন্ত্ৰাসবাদী বুলি কোৱা হয়”? ইয়াৰ উত্তৰত উমা ভাৰতীয়ে কৈছিল, “এই বিষয়ে মই বেছি ক‘ব নোৱাৰো। নাথুৰাম গডছে কৰা পাপ সন্ত্ৰাসবাদ শব্দৰে ঢাকি ৰাখিব নোৱাৰে।”
তেওঁ আৰু কয় যে , “গডছে স্বাধীন ভাৰতৰ সপোন দেখা এজন মহান ব্যক্তিক হত্যা কৰিছিল। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। তেওঁৰ সপোন আছিল স্বাৱলম্বী আৰু আত্মনির্ভৰ ভাৰতৰ, যি বিদেশী ঋণত নয়, নিজৰ আত্ম শক্তিত নিৰ্ভৰশীল।” ভাৰতীয়ে জোৰ দি কয়, “গডছেৰ পাপক আমি কেৱল সন্ত্ৰাসবাদ বুলি উল্লেখ কৰি সিমিত কৰিব নোৱাৰো। তেওঁ গান্ধীৰ সপোনক হত্যা কৰিছিল।”





