NORTHEAST NOW (Assamese)

ৰাম-হনুমানৰ কপিৰাইট বিজেপিৰ! উমা ভাৰতীৰ ‘বিস্ফোৰণ’ত গেৰুৱা শিবিৰত অস্বস্তি

December 31, 2022 7:51 am · এন ই নাও নিউজ, নতুন দিল্লী
উমা ভাৰতী। ফাইল ফটো।

উমা ভাৰতীক লৈ বিজেপিৰ অস্বস্তি বাঢ়ি গৈ আছে। এইবাৰ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী কট্টৰ হিন্দুত্ববাদী নেতা উমাই বিজেপিৰ  ৰাজনীতিৰ মৌলিক বিষয়সমূহক লৈয়েই প্ৰশ্ন উত্থাপন কৰিছে। উমাৰ প্ৰশ্ন, “ৰাম আৰু হনুমানক উপাসনা কৰাৰ স্বত্ব (কপিৰাইট) অকল বিজেপিৰ নেকি?”

দুদিন পূৰ্বে এটা ভিডিঅ’ পোহৰলৈ আহিছিল। এখন ৰাজহুৱা সভাত উমাক কোৱা শুনা গৈছে, “মই আপোনাক অনুৰোধ কৰিলেও, আপুনি বিজেপিক ভোট দিব নালাগে।‘’ তাৰ পিছত, বিজেপি নেত্ৰীগৰাকীয়ে পুনৰ মুখ খুলিছে।

লগতে পঢ়ক: ফেব্ৰুৱাৰীত সাজু হৈ উঠিব নতুন সংসদ ভৱন! নতুন ভৱনত হ’ব পাৰে বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়

উমা ভাৰতী মধ্য প্ৰদেশৰ ছিন্দৱাৰাত এক অনুষ্ঠানত উপস্থিত আছিল। তেওঁক প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ নেতা কমল নাথৰ হনুমান মন্দিৰৰ বিষয়ে সোধা হৈছিল। ইয়াৰ উত্তৰত উমাই কয়, “ভগৱান ৰাম বা হনুমানক ভক্তিভাৱে উপাসনা কৰাটো বিজেপিৰ কপিৰাইট নেকি!”

উমা ভাৰতী।

তদুপৰি, উমাৰ মুখত মধ্য প্ৰদেশত মদ নিষিদ্ধ কৰাৰ দাবীও পুনৰ শুনা যায়। উল্লেখ্য যে, শেহতীয়াকৈ এখন সুৰাৰ দোকানত অনুগামীসকলৰ সৈতে শিল নিক্ষেপ কৰাৰ ঘটনাত উমাৰ নাম জড়িত হৈ পৰিছিল।

কিছুদিন পূৰ্বে, বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে ছিন্দৱাৰাত এক অনুষ্ঠানত এক বিতৰ্কিত মন্তব্য কৰিছিল। স্বাভাৱিকতে সেই বিষয়টো উমাৰ সন্মুখতো উত্থাপন হয়। অৱশ্যে উমাই মুকলিকৈ প্ৰজ্ঞাৰ সমৰ্থনত থিয় দিয়ে। তেওঁ কয়, “আনকি ভগৱান ৰামেও নিৰ্বাসনৰ সময়ত অস্ত্ৰ ত্যাগ নকৰাৰ শপত লৈছিল।‘’ তেওঁৰ মতে লগত অস্ত্ৰ-শস্ত্ৰ ৰখাত কোনো ভুল নাই। কিন্তু হিংসাত্মক চিন্তাবোৰ মূৰত থাকিব নালাগে।

লগতে পঢ়ক:  জয় শ্ৰী ৰাম ধ্বনি নিদিয়াৰ ‘অপৰাধ’! পথৰ মাজত ১০ বৰ্ষীয় শিশুৰ গালত প্ৰচণ্ড চৰ হিন্দুত্ববাদীৰ

বিজেপি নেতৃত্বৰ প্ৰতি উমাৰ অসন্তুষ্টি নতুন কথা নহয়। কেতিয়াবা সুৰা বিৰোধী আৰু কেতিয়াবা হিন্দুত্ববাদী ৰাজনীতিৰে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে শেহতীয়াকৈ বিভিন্ন ধৰণে বিজেপি নেতৃত্বৰ সৈতে তেওঁৰ মতভেদ উন্মোচিত কৰি আহিছে। এইটোৱে বিজেপিৰ অস্বস্তি বৃদ্ধি কৰিছে। বিজেপি নেতৃত্বই মধ্য প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনত উমাৰ ভূমিকাক লৈও সমস্যাৰ সন্মুখীন হৈছে।

Related News