জলবায়ু পৰিৱৰ্তনকলৈ আশংকাৰ বাতৰি দি সতৰ্ক কৰি দিলে ৰাষ্ট্ৰসংঘই। চলিত দশকতেই ডেৰ ডিগ্ৰী তাপমাত্ৰা বৃদ্ধি পাব বুলি সকীয়াই সংস্থাৰ বক্তৱ্য হ’ল এতিয়া পলোৱাৰ জেগা নাই।
সোমবাৰে জলবায়ু পৰিৱৰ্তন সম্বন্ধীয় আন্ত:চৰকাৰ কমিটি বা আইপিচিচিৰ এক প্ৰতিবেদন কোৱা হৈছে যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়া যি প্ৰচণ্ড তাপ প্ৰবাহ, ধাৰাসাৰ বৰষুণ, খৰাং বা ঘুৰ্ণী বতাহ আদি হোৱা দেখা গৈছে তাতেই জলবায়ু পৰিৱৰ্তনৰ কথা স্পষ্ট হৈ পৰিছে।
বিশ্বৰ ১৯৫খন সদস্য দেশৰ সৈতে সোমবাৰে আইপিচিচিৰ এই প্ৰতিবেদন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্ট’নিঅ’ গুটৰেছে সদৰী কৰে।
প্ৰতিবেদনৰ সহ-সংকলক লিণ্ডা মাৰ্নছে কয়,’’কতো পলোৱাৰ জেগা নাই, লুকুৱাবলৈও জেগা নাই।‘’
প্ৰতিবেদনত কোৱা হৈছে যে ২০০৮চনত বিজ্ঞানীসকলে যি সম্ভাৱনা ব্যক্ত কৰিছিল তাতকৈ এক দশক পূৰ্বেই গোলকীয় উষ্ণতা বিপজ্জনক স্থানত উপনীত হ’ব পাৰে। ২০৩০চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ সামগ্ৰিক তাপমাত্ৰা ১.৫ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাব।
গোলকীয় উষ্ণতাৰ ফলত ১৯০১চনৰ পৰা ১৯৭১চন পৰ্যন্ত সাগৰৰ জলস্তৰ য’ত নেকি বছৰি ১.৩ মিলিমিটাৰকৈ বৃদ্ধি পাইছিল সেয়া ২০০৭চনৰ পৰা ২০১৮চনলৈ বছৰি ৩.৭ মিলিমিটাৰত গৈ ৰৈছে। সামগ্ৰিকভাৱে ১৯০১চনৰ পৰা ২০১৮চনলৈকে সমগ্ৰ বিশ্বৰ জলস্তৰৰ গড় বৃদ্ধি পাইছে ০.২০ মিটাৰ।
প্ৰতিবেদনত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক তথ্য দাঙি ধৰি কোৱা হৈছে যে কোনো নিৰ্দিষ্ট অঞ্চলৰ ভিতৰত এই উষ্ণতা বৃদ্ধি সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ সকলোতে এই বৃদ্ধিৰ ঘটনা ঘটিছে।
বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মানৱসৃষ্টি কাৰণসমূহকে দায়ী কৰিছে। তেওঁলোকে দাবী কৰে যে চহৰাঞ্চলসমূহ উষ্ণতাৰ মূল কেন্দ্ৰ হৈ পৰিছে। নিৰন্তৰ তাপমাত্ৰা বৃদ্ধিৰ ফলত গৰম বতাহ ইয়াত অৱৰুদ্ধ হৈ পৰে যিটো ঠাণ্ডা হ’বলৈ দীঘলীয়া সময় লাগে।
এনে কাৰণৰ বাবেই জলাশয়, হ্ৰদ, নদীসমূহতেই নহয়, গছ-গছনিৰে ভৰা সেউজ অঞ্চলতো উষ্ণতা দীৰ্ঘস্থায়ী হৈ পৰিছে।