• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনিশ্চয়তাত উত্তৰ-পূব গ্ৰন্থমেলা : মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সংস্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2018 12:15 pm
book-fair

গ্ৰন্থমেলা : প্ৰতিনিধিত্বমূলক ফটো

117
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰি অহা উত্তৰ-পূব গ্ৰন্থমেলাখন চৰকাৰৰ বিধি-পথালিৰ বাবে এইবাৰ অনুষ্ঠিত হোৱাত অনিশ্চয়তা আহি পৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ত চৰকাৰৰ ৰোষত পৰা বিক্ৰেতা সংস্থা এইবাৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনৰো ৰোষত পৰিছে।

অহা ৯-২০ নৱেম্বৰলৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত বিংশতিতম উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ কথা আছিল। তাৰ বাবে অহা ১ৰপৰা ২২ নৱেম্বৰলৈ খেলপথাৰখন বিক্ৰেতা সংস্থাই তেওঁলোকৰ নামত সংৰক্ষিত কৰাৰ বাবে খেলপথাৰ সমিতিক ২৫ হাজাৰ টকা আগধনো আদায় দিছিল। কিন্তু সংস্থাৰ এই প্ৰচেষ্টাক মষিমূৰ কৰাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাতে এক ষড়যন্ত্ৰ আৰম্ভ হোৱাৰ উমান পোৱা গৈছে।

জানিব পৰা মতে হঠাৎ নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ খেলপথাৰখন অসম প্ৰকাশন পৰিষদৰ নামত সংৰক্ষণ কৰা হৈছে। এই সময়ছোৱাত প্ৰকাশন পৰিষদে এখন শিশু গ্ৰন্থমেলা আৰু তাৰ পিছত গুৱাহাটী গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিব। আনহাতে, জানুৱাৰিৰপৰা মাৰ্চ মাহলৈকে খেলপথাৰখন অইনৰ নামত সংৰক্ষিত হৈ আছে। সেয়েহে মাৰ্চ মাহলৈ গ্ৰন্থমেলা পাতিবলৈ খেলপথাৰখন খালী নাই।

এতিয়া মাৰ্চ মাহৰ পিছত যিহেতু গ্ৰন্থমেলা পতাৰ পৰিৱেশ নাথাকে আৰু গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ অইন উপযুক্ত খেলপথাৰো নাই, গতিকে উত্তৰ-পূব গ্ৰন্থমেলাখন অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত অনিশ্চয়তা বৃদ্ধি পাইছে।

আনহাতে, বিক্ৰেতা সংস্থাই জানিবলৈ দিয়া মতে জুলাইৰ শেষ সপ্তাহত খেলপথাৰ সমিতিয়ে চৰকাৰী অনুষ্ঠানে খেলপথাৰখন লোৱা বাবে সেইখন অইনক দিব পৰা নাযাব বুলি বিক্ৰেতা সংস্থাক জনাইছিল।

দুৰ্ভাগ্যজনকভাৱে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ত উত্তৰ-পূব গ্ৰন্থমেলাখন ভৰলুমুখৰ সোণাৰাম খেলপথাৰ, পাণবজাৰৰ পাঠ্যপুথি প্ৰণয়ন নিগমৰ খেলপথাৰ আদি ঠাইত অনুষ্ঠিত কৰিব লগীয়া হৈছিল। কিন্তু পৰিৱৰ্তনৰ বাৰ্তা কঢ়িয়াব বিচৰা বৰ্তমান চৰকাৰৰ দিনতো গ্ৰন্থমেলাক লৈ ৰাজনীতি হোৱাটো পৰিতাপৰ বিষয়।

জানিব পৰা মতে পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক খন্তেক সময়ৰ বাবে সাক্ষাৎ কৰিছিল যদিও শিক্ষা মন্ত্ৰীয়ে নিশ্চিতভাৱে একো কোৱা নাই। শিক্ষা মন্ত্ৰীয়ে গ্ৰন্থমেলা এখন কৰিলে ভাল হয় বুলি উল্লেখ কৰি বিষয়টো মিলাই দিয়াৰ কথা সংস্থাক অৱগত কৰিছিল। কিন্তু সময় উকলি যোৱাৰ এই সময়ত সংস্থাই বিষয়টোত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd