অবিভক্ত শিৱসাগৰ জিলা বেতন বঞ্চিত প্ৰাথমিক শিক্ষকে আজি সংবাদমেলত উজাৰিলে ক্ষোভ ।
শিৱসাগৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ভুক্তভোগী প্ৰাথমিক শিক্ষক সকলে একাংশ শিক্ষকে বুনিয়াদী প্ৰশিক্ষণ সম্পূৰ্ণ কৰিও টিউটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব লগা হোৱাৰ পৰিৱৰ্তে আন একাংশ শিক্ষকে বুনিয়াদী প্ৰশিক্ষণ সম্পূৰ্ণ নকৰাকৈয়ে কিদৰে শিক্ষক পদত নিযুক্তি লাভ কৰি দৰমহা লাভ কৰি আছে তাৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰে।
অবিভক্ত শিৱসাগৰ জিলাৰ ৫৪ গৰাকী বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে শিক্ষকৰ পৰিৱৰ্তে টিউটৰ হিচাপে নিযুক্তি পত্ৰ লাভ কৰাৰ বাবে আজিও দৰমহা লাভৰ পৰা বঞ্চিত হৈ থকা লগতে চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰৈ যোৱা আসোঁৱাহৰ বাবে জিলাখনৰ ৪৪ গৰাকী যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা ঘটনাক লৈ ক্ষোভ সংবাদমেলত প্ৰকাশ কৰে ।
উল্লেখ্য যে, চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীতে নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহ সমূহ শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি তথ্য সহকাৰে প্ৰতিবেদন প্ৰস্তুত কৰি শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰিছিল ।
ইয়াৰোপৰি ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত তেতিয়াৰ শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৪৫ দিনৰ ভিতৰত এনে বিসংগতি সমূহ নিষ্পত্তিৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি ৯ মাহে সমস্যাৰ সমাধান নহ’ল।
ক্ষোভিত প্ৰাথমিক শিক্ষক সকলে সংবাদ মেলযোগে অতিশীঘ্ৰেই অবিভক্ত শিৱসাগৰ জিলাৰ ৫৪ গৰাকী বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক টিউটৰৰ পৰিৱৰ্তে শিক্ষক হিচাপে নিযুক্তি দিয়াৰ লগতে নিযুক্তিৰ পৰা বাদ পৰি ৰোৱা ৪৪ গৰাকী যোগ্যতা সম্পন্ন শিক্ষকক অনতিপলমে নিযুক্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।