• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনমুখী বংগত মমতাৰ ‘উপহাৰ’: দশম শ্ৰেণী উত্তীৰ্ণ নিবনুৱাই মাহেকত লাভ কৰিব ১৫০০ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 5:12 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক বিশেষ ঘোষণা কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ জানিবলৈ দিয়ে যে এতিয়াৰ পৰা ৰাজ্যখনৰ দশম শ্ৰেণী অৰ্থাৎ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা নিবনুৱা চাকৰি প্ৰত্যাশীসকলে প্ৰতিমাহে ১৫০০ টকাকৈ ভাট্টা লাভ কৰিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষণত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ২১ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ যিসকল যুৱক-যুৱতীয়ে বৰ্তমান পঢ়া-শুনা কৰি আছে আৰু বৃত্তিৰ বাহিৰে আন কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই, তেওঁলোক এই সাহায্যৰ বাবে যোগ্য হ’ব। এই আঁচনিখন প্ৰথমে এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰীয়ে মহিলা দিৱসৰ উপহাৰ হিচাপে ৭ মাৰ্চৰ পৰাই ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয়।

মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনত কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে নিৰন্তৰ কাম কৰি আছে। তেওঁ দাবী কৰে যে বংগত বৰ্তমান নিবনুৱাৰ হাৰ ৪০ শতাংশ হ্ৰাস পাইছে। চৰকাৰে ইতিমধ্যে ৪০ লাখ লোকক বিভিন্ন কৌশলগত প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু ইয়াৰে প্ৰায় ১০ লাখ লোকে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ উৎকৰ্ষ বাংলা আঁচনিৰ জৰিয়তে উদ্যোগসমূহৰ সৈতে সংযোগ স্থাপন কৰি যুৱক-যুৱতীসকলক সংস্থাপনৰ পথ মুকলি কৰা হৈছে। আনকি প্ৰব্ৰজিত শ্ৰমিকসকলকো ৰাজ্যলৈ উভতি আহিলে কামৰ সুযোগ দিয়া হ’ব বুলি তেওঁ আশ্বাস দিয়ে। শেহতীয়াকৈ পাট উদ্যোগতো বহু হাজাৰ লোকক প্ৰশিক্ষণ দি নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

Apply Now

কৃষক আৰু ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰতো ৰাজ্যখনে উল্লেখনীয় উন্নতি কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ জনোৱা মতে ৰাজ্যৰ কৃষকসকলক প্ৰতিমাহে ১০ হাজাৰ টকাৰ আৰ্থিক সহায় আগবঢ়োৱা হৈছে। আনকি ভূমিহীন কৃষকসকলো এই সুবিধাৰ পৰা বঞ্চিত হোৱা নাই। বংগক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবলৈ ছখনকৈ অৰ্থনৈতিক কৰিডৰ নিৰ্মাণ কৰাৰ লগতে নতুন বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ কামো চলি আছে। মমতা বেনাৰ্জীৰ মতে আই টি খণ্ডত বৰ্তমান বংগ বহু আগুৱাই গৈছে আৰু ইয়াৰ প্ৰায় ২০০ টা নতুন কোম্পানীয়ে কাম আৰম্ভ কৰিছে। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত ৰাজ্যখন দেশৰ ভিতৰতে শীৰ্ষত আছে আৰু ইয়াৰ ফলত প্ৰায় ১.৫ কোটি লোকে কৰ্মসংস্থাপন লাভ কৰিছে।

ৰাজ্যখনৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দেউচা পচামি কয়লা প্ৰকল্পৰ জৰিয়তে প্ৰায় এক লাখ লোকৰ বাবে নতুন চাকৰিৰ সৃষ্টি হ’ব। ইয়াৰ ফলত আগন্তুক এশ বছৰলৈ ৰাজ্যত বিদ্যুৎ নাটনিৰ কোনো সমস্যা নাথাকিব। কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া পুঁজিৰ নাটনি আৰু বৃহৎ পৰিমাণৰ ঋণৰ বোজা থকাৰ পিছতো পশ্চিমবংগৰ ঘৰুৱা উৎপাদন আৰু ৰাজহ সংগ্ৰহৰ হাৰ অতি সন্তোষজনক বুলি তেওঁ দাবী কৰে। আত্মসহায়ক গোটৰ মহিলাসকলৰ কামৰ প্ৰশংসা কৰি তেওঁ কয় যে বৰ্তমান ৰাজ্যত ১২ লাখ এনে গোট সক্ৰিয় হৈ আছে যিয়ে মহিলাসকলক স্বাৱলম্বী কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd