DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজি প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন : ‘ৰষ্ট্ৰীয় নিবনুৱা দিৱস’ৰূপে পালন দেশৰ যুৱ প্ৰজন্মৰ, টুইটাৰত বৈছে প্ৰতিবাদৰ ছুনামি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 12:48 pm
index.jpg
276
VIEWS
Share on FacebookShare on Twitter

দেশৰ অৰ্থনীতি তৈথৱচ। জিডিপি গ’ল মাইনাছলৈ। দেশত ভংগ হৈছে সৰ্বকালৰ নিবনুৱা সংখ্যাৰ অভিলেখ। ইয়াৰ পিছতো কেৱল প্ৰতিশ্ৰুতিৰ খৰস্ৰোতা বন্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

সেয়ে দেশৰ নিবনুৱাসকলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম দিনটোক পালন কৰিছে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে।

ইতিমধ্যে দেশৰ নিবনুৱা যুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰী মোদীৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে পালন কৰি চ’ছিয়েল মিডিয়াত ব্যাপকৰূপত প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

#NationalUnemploymentDay, #राष्ट्रीय_बेरोजगार_दिवस বুলি হেজষ্টেকেৰে প’ষ্ট কৰি নিবনুৱাসকলে অভিযান আৰম্ভ কৰিছে টুইটাৰত।

#NationalUnemploymentDay

This youth movement is creating history and it has proved that you can manage headlines through Godi Media but you can’t always fool people.#राष्ट्रीय_बेरोजगार_दिवस #NationalUnemploymentDay pic.twitter.com/jEnwEJ1Hvx

— Rakesh Yadav (@Careerwill1) September 17, 2020

এই প্ৰতিবেদন প্ৰস্তুত কৰি থকা পৰ্যন্ত টুইটাৰত ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ #NationalUnemploymentDayৰে ২.২৭ মিলিয়ন অৰ্থাৎ ২৭ লাখৰো অধিক প’ষ্ট আৰু #राष्ट्रीय_बेरोजगार_दिवसৰে ১.৫৪ মিলিয়ন অৰ্থাৎ প্ৰায় ১৫ লাখ টুইটৰে আজি টুইটাৰ ট্ৰেণ্ডিঙত আছে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস-এ।

উল্লেখ্য যে বিগত মাহৰ প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’ৰ পৰাই দেশৰ যুৱপ্ৰজন্মই চ’ছিয়েল নেটৱৰ্কিং চাইটত অভিনৱভাৱে প্ৰধানমন্ত্ৰী মোদীক বিৰোধ তথা প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ আৰম্ভ কৰে।

আগষ্ট মাহৰ প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ইউ টিউব ভিডিঅ’টোত কেবা মিলিয়নো ডিছলাইক পৰাৰ পিছৰে প্ৰধানমন্ত্ৰী মোদীক চ’ছিয়েল নেটৱৰ্কিং চাইটত দেশৰ যুৱ প্ৰজন্মই এইদৰে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।

অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে পালন কৰাৰ এই কাৰ্যসূচী যুৱ কংগ্ৰেছে আৰম্ভ কৰিছিল টুইটাৰত।

কিন্তু ই এতিয়া কেৱল যুৱ কংগ্ৰেছীৰ মাজতে সীমাৱদ্ধ হৈ থকা নাই, দল মত নিৰ্বিশেষে দেশৰ সকলো সচেতন যুৱ-যুৱতীৰ মাজলৈ ই এক প্ৰতিবাদৰ ভাষাৰূপে সম্প্ৰসাৰিত হৈছে।

Recent News

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd